বিজ্ঞান চৰ্চাৰ দোকমোকালিৰ পৰা কুৰি শতিকালৈ
অৱয়ব
বিজ্ঞান চৰ্চাৰ দোকমোকালিৰ পৰা কুৰি শতিকালৈ হৈছে অসমীয়া ভাষাত ৰচিত জয়ন্তী চুতীয়াৰ এখন বিজ্ঞান ভিত্তিক গ্ৰন্থ।[১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- সৰ্বসাধাৰণ মানুহে বিজ্ঞান সম্পৰ্কে জানিব খোজাটো এক আন্তৰিক আৰু সৎ প্ৰচেষ্টা; বিশেষকৈ বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগত। [২]
- মানৱ সংস্কৃতিৰ ইতিহাসত এৰিষ্ট'টলেই হ'ল দীৰ্ঘকালীন (প্ৰায় দুই সহস্ৰাব্দ ধৰি) কৰ্তৃত্ব বজাই ৰখা দাৰ্শনিক বিজ্ঞানী। তেওঁৰ প্ৰাকৃতিক বিজ্ঞানৰ ধাৰণাবোৰে বিজ্ঞান সমাজত মধ্য যুগলৈকে, বা ৰেনেছাঁ যুগলৈকে আধিপত্য বিস্তাৰ কৰিছিল।[৩]
- বৈজ্ঞানিক চিন্তা বা দৃষ্টিভংগীৰ বাবে অভিজ্ঞতাৰ বিশেষ প্ৰয়োজন আছে। উদাহৰণ স্বৰূপে এজন মানুহে জুই কেতিয়াও নেদেখাকৈ জুয়ে পোৰে, ই বস্তু নষ্ট কৰে - এনেধৰণৰ কথা শুনি জুইৰ ধাৰণাত তেওঁ সন্তুষ্ট হ'ব নোৱাৰে। কিন্তু জুইত যদি তেওঁৰ হাতখন বা আঙুলি এটা পোৰে সেই অভিজ্ঞতাই যুক্তিক গ্ৰহণযোগ্য কৰি তোলে।[৪]
- পৃথিৱীৰ এঠাইত ঘটা ঘটনাবোৰ অন্য ঠাইৰ মানুহে নাজানে। বিভিন্ন ঠাইৰ জ্ঞানী মানুহৰ যোগেদি বহু কথা জনা যায়।[৫]
- এটা জীৱনকালত পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তনবোৰ খুব বেছিকৈ চকুত নপৰে। প্ৰজন্মৰ পাছত প্ৰজন্মৰ সংৰক্ষিত তথ্যবোৰ মিলাই চালে তাৰ প্ৰমাণ পোৱা যায়। [৬]
- জগত সম্পৰ্কে হোৱা প্ৰতিদিনৰ অভিজ্ঞতাক কিতাপত লিপিবদ্ধ কৰি যোৱাটো সকলোৰে বাবে সম্ভৱ নহয়।[৭]