সমললৈ যাওক

জয়ন্তী চুতীয়া

ৱিকিউদ্ধৃতিৰ পৰা

জয়ন্তী চুতীয়া হৈছে অসমৰ এগৰাকী বিজ্ঞান লেখিকা। তেওঁ হৃদয়ৰ নিৰ্জনতা, কেথেৰিনে পঢ়িব নোৱৰা ডায়েৰীখন, এদিন পেৰিচৰ এটা ৰেল ষ্টেচনত, দূৰবীক্ষণ, কুৰি শতিকাৰ পদাৰ্থ বিজ্ঞান, বিজ্ঞানী হোৱাৰ সপক্ষে এশটা যুক্তি, বিজ্ঞান চৰ্চাৰ দোকমোকালিৰ পৰা কুৰি শতিকালৈ, মেডাম কুৰী আদি বিভিন্ন গ্ৰন্থ ৰচনা কৰিছে।[১]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

বিজ্ঞান চৰ্চাৰ দোকমোকালিৰ পৰা কুৰি শতিকালৈ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সৰ্বসাধাৰণ মানুহে বিজ্ঞান সম্পৰ্কে জানিব খোজাটো এক আন্তৰিক আৰু সৎ প্ৰচেষ্টা; বিশেষকৈ বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগত।[১]
  2. মানৱ সংস্কৃতিৰ ইতিহাসত এৰিষ্ট'টলেই হ'ল দীৰ্ঘকালীন (প্ৰায় দুই সহস্ৰাব্দ ধৰি) কৰ্তৃত্ব বজাই ৰখা দাৰ্শনিক বিজ্ঞানী। তেওঁৰ প্ৰাকৃতিক বিজ্ঞানৰ ধাৰণাবোৰে বিজ্ঞান সমাজত মধ্য যুগলৈকে, বা ৰেনেছাঁ যুগলৈকে আধিপত্য বিস্তাৰ কৰিছিল।[১]
  3. বৈজ্ঞানিক চিন্তা বা দৃষ্টিভংগীৰ বাবে অভিজ্ঞতাৰ বিশেষ প্ৰয়োজন আছে। উদাহৰণ স্বৰূপে এজন মানুহে জুই কেতিয়াও নেদেখাকৈ জুয়ে পোৰে, ই বস্তু নষ্ট কৰে - এনেধৰণৰ কথা শুনি জুইৰ ধাৰণাত তেওঁ সন্তুষ্ট হ'ব নোৱাৰে। কিন্তু জুইত যদি তেওঁৰ হাতখন বা আঙুলি এটা পোৰে সেই অভিজ্ঞতাই যুক্তিক গ্ৰহণযোগ্য কৰি তোলে।[১]
  4. পৃথিৱীৰ এঠাইত ঘটা ঘটনাবোৰ অন্য ঠাইৰ মানুহে নাজানে। বিভিন্ন ঠাইৰ জ্ঞানী মানুহৰ যোগেদি বহু কথা জনা যায়।[১]
  5. এটা জীৱনকালত পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তনবোৰ খুব বেছিকৈ চকুত নপৰে। প্ৰজন্মৰ পাছত প্ৰজন্মৰ সংৰক্ষিত তথ্যবোৰ মিলাই চালে তাৰ প্ৰমাণ পোৱা যায়।[১]
  6. জগত সম্পৰ্কে হোৱা প্ৰতিদিনৰ অভিজ্ঞতাক কিতাপত লিপিবদ্ধ কৰি যোৱাটো সকলোৰে বাবে সম্ভৱ নহয়।[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ চুতীয়া, জয়ন্তী (ডিচেম্বৰ, ২০১৮)। বিজ্ঞান চৰ্চাৰ দোকমোকালিৰ পৰা কুৰি শতিকালৈ। ষ্টুডেণ্টচ্‌ ষ্ট'ৰচ। ISBN: 978-93-88458-01-6