সমললৈ যাওক

বসন্ত কুমাৰ ভট্টাচাৰ্য

ৱিকিউদ্ধৃতিৰ পৰা

বসন্ত কুমাৰ ভট্টাচাৰ্য (ইংৰাজী: Basanta kr. Bhattacharya) অসমৰ এগৰাকী সাহিত্যিক, শিক্ষাবিদ, গল্পকাৰ, কবি, প্ৰবন্ধকাৰ, নাট্যকাৰ, সমালোচক। ভাষা-সাহিত্যৰ পৰিচয় তেখেতৰ এখন গ্ৰন্থ।

ভাষা-সাহিত্যৰ পৰিচয়

[সম্পাদনা কৰক | উৎস সম্পাদনা]
  1. ভাৰতৰ অন্যান্য প্ৰান্তৰ দৰে অসমতো অতি প্ৰাচীন কালৰে পৰা ৰামায়ণৰ কথা- কাহিনী প্ৰচলিত হৈ আহিছে। পণ্ডিতসকলে অনুমান কৰে যে অসমত আৰ্য সভ্যতাই বিস্তাৰ লাভ কৰাৰ লগে লগে ৰামায়ণৰ কাহিনীও ইয়াত প্ৰচলিত হ'বলৈ ধৰে আৰু তাৰ পৰিণতিত অসমীয়া মৌখিক বা লৌকিক আৰু লিখিত সাহিত্যত ৰামকথাই তাৎপৰ্যপূৰ্ণ স্থান অধিকাৰ কৰিবলৈ সমৰ্থ হয়।[১]
  2. ৰাম বিষয়ক কথাৰ উল্লিখন-বৰ্ণন পোনতে পোৱা যায় 'কালিকা পুৰাণ' গ্ৰন্থত। আনুমানিক দশম-একাদশ শতিকাত ৰচিত এইখন পুৰাণত ৰাম-সীতাৰ জন্ম, বিবাহ, ৰাম-ৰাৱণৰ যুদ্ধ, ৰামৰ বিজয় কামনাৰে ব্ৰহ্মাৰ দুৰ্গা পূজা আয়োজনৰ বিৱৰণ সন্নিৱিষ্ট হৈছে। সেইদৰে বঙলা আৰু অসমীয়া ভাষাৰ উমৈহতীয়া নিদৰ্শনৰূপে পৰিগণিত 'চৰ্যাপদ'ত ৰাৱণৰজাৰ লংকাৰাজ্যৰ উল্লিখনো মন কৰিবলগীয়া।[১]
  3. আনুমানিক দ্বাদশ শতিকাৰ পৰা ভাৰতীয় প্ৰাদেশিক ভাষাসমূহৰ ভিতৰত প্ৰথম ৰামায়ণ ৰচিত হয় অসমীয়া ভাষাত আৰু ইয়াৰ ৰচক চতুৰ্দশ শতিকাৰ প্ৰখ্যাত কবি মাধৱ কন্দলী। মাধৱ কন্দলী সেইকাৰণে অসমীয়া সাহিত্যৰ ইতিহাসত এটি স্মৰণীয় নাম আৰু তেওঁৰ দ্বাৰা ৰচিত ৰামায়ণৰ স্থানো সুনিৰ্দিষ্ট।[১]
  4. অসমীয়া লোক পৰিৱেশ্য কলাৰ অন্তৰ্ভুক্ত বিয়াহৰ ওজাপালিৰ দ্বাৰা পৰিবেশিত গীত প্ৰধানতঃ ৰামায়ণকেন্দ্ৰিক ঘটনা আশ্ৰিত। সেইদৰে অন্যতম লোক পৰিবেশ্য কলাৰ অনুষ্ঠান 'পুতলা নাচ'ৰ জৰিয়তে পৰিৱেশন কৰা গীত-মাতৰ একাংশও ৰামায়ণী কলা- কাহিনীৰ আধাৰত ৰচিত। মৌখিক পৰম্পৰাত ৰামায়ণী কাহিনীৰ বিকাশ বিস্তৃতিত উল্লিখিত দুয়োটা অনুষ্ঠানৰ ভূমিকা অবিস্মৰণীয়।[২]
  5. অসমীয়াত পাঞ্চালী কবিসকলৰ ভিতৰত দুৰ্গাবৰ অন্যতম শ্ৰেষ্ঠ। এইগৰাকী কবিৰ দ্বাৰা ৰচিত কাব্যগ্ৰন্থ 'বেউলা আখ্যান' আৰু 'গীতিৰামায়ণে' বৰ্তমানলৈকে পোহৰৰ মুখ দেখা পাইছে। 'বেউলা আখ্যান' পৰিপূৰ্ণ নহয়। আনহাতে, 'গীতিৰামায়ণ'ৰো আদি কাণ্ডটি সাম্প্ৰতিক কাললৈকে উদ্ধাৰ হোৱা নাই। কবিগৰাকী, ৰচিত 'গীতিৰামায়ণ' কাব্যখনৰ, সেই নামটো দিয়ে তাৰ প্ৰথমজনা সংকলক-সম্পাদক, হাজো নিবাসী বিষয় চন্দ্ৰ বিশ্বাসীয়ে। জনসমাজত সেইখন কিন্তু 'দুৰ্গাবৰী' বা 'দুৰ্গাবৰী ৰামায়ণ' নামেৰেহে পৰিচিত। দুৰ্গাবৰ বোলা কবিগৰাকীৰদ্বাৰা ৰচিত, সেই অৰ্থত সিখনৰ নাম 'দুৰ্গাবৰী'।'গীতিৰামায়ণ'ৰ দ্বিতীয়গৰাকী সংকলক-সম্পাদক হ'ল ড° মহেশ্বৰ নেওগ। মন কৰিবলগীয়া যে, বিশ্বাসী আৰু নেওগৰদ্বাৰা সম্পাদিত গ্ৰন্থত অযোধ্যাকাণ্ডটো সন্নিবিষ্ট হোৱা নাই।[৩]
  6. দুৰ্গাবৰৰ দ্বাৰা ৰচিত 'বেউলা আখ্যান' আৰু 'গীতিৰামায়ণ'ৰ পাঠ উদ্ধাৰ কৰাৰ প্ৰথমগৰাকী ব্যক্তি হ'ল হাজো নিবাসী বিষয় চন্দ্ৰ বিশ্বাসী। তেওঁ দুখোখন পুথিৰ পাঠ হাজো অঞ্চলৰপৰাই সংগ্ৰহ কৰি প্ৰকাশ কৰি উলিয়ায়। বিশ্বাসীয়ে তেওঁৰদ্বাৰা সম্পাদিত 'গীতিৰামায়ণ'ৰ পাতনিত কবি দুৰ্গাবৰ হাজো মৌজাৰ অন্তৰ্ভুক্ত কোনো এখন অখ্যাত গাঁৱত জন্মগ্ৰহণ কৰা বুলি মত পোষণ কৰিছে।[৪]
  7. কাব্য-কবিতাত কবিৰ ভাবানুভূতিৰ গতিবেগক বাংময় কৰি তোলে ভাষাই। সেয়েহে ইয়াৰ সাৰ্থকতা ভাষাৰ যথাৰ্থ প্ৰয়োগৰ ওপৰত নিৰ্ভৰশীল। কবিৰ সৃজনীশীল প্ৰতিভাই গঢ় দিয়ে কাব্য-কবিতাৰ ভাষাৰীতিক।[৫]