ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
অৱয়ব
(ফণীন্দ্ৰকুমাৰ দেৱচৌধুৰীৰ পৰা পুনঃনিৰ্দেশিত)
ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী অসমৰ এজন অসমীয়া ঔপন্যাসিক, গল্পকাৰ আৰু প্ৰবন্ধকাৰ৷
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- প্ৰতিগৰাকী নাৰীয়েই জীৱনত এজন পুৰুষৰ মাজতেই দুজন মানুহ বিচাৰে, এজনৰ পৰা বিচাৰে আশ্ৰয় আনজনৰ পৰা প্ৰেম।[১]
- প্ৰেমৰ উত্তাপ আৰু প্ৰেৰণাই এজন মানুহৰ সৃষ্টি-ক্ষমতাক বিকশিত কৰি তুলিব পাৰে।[১]
- প্ৰেম পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ভাষা।[২]
- অনুভৱ গতিৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰেম, দয়া, কৰুণা আদি কোমল অনুভৱসমূহ জীয়াই ৰখাৰ বাবে আমি জীৱনটো তেনে অনুভৱৰ গতিৰ লগত synchronise কৰিব লাগে।[৩]
- মই সেইজন ব্যক্তিকে পৃথিৱীৰ অন্যতম দৰিদ্ৰ, হতভগা ব্যক্তি বুলি গণ্য কৰো, যাৰ জীৱনলৈ কেতিয়াও প্ৰেম অহা নাই।[৪]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ অসমীয়া উদ্ধৃতি-অভিধান 2003.
- ↑ অসমীয়া উদ্ধৃতি-অভিধান 2003, পৃষ্ঠা. 200.
- ↑ অসমীয়া উদ্ধৃতি-অভিধান 2003, পৃষ্ঠা. 205.
- ↑ অসমীয়া উদ্ধৃতি-অভিধান 2003, পৃষ্ঠা. 207.