পৰশমণি (গ্ৰন্থ)
পৰশমণি,চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত প্ৰথমখন চুটিগল্প সংকলন।১৯৪৬ চনত পোনপ্ৰথমবাৰৰ বাবে এই চুটিগল্প সংকলনখনি প্ৰকাশ হৈছিল।সংকলনটোৰ পুনৰ মুদ্ৰণ হৈছিল ১৯৬২ চনত।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]১.ব্যৰ্থতাই থকা-সৰকা কৰা জীৱনটোৰ মাজত মৰম-চেনেহৰ পৰশ-মণিৰ আলোক-আভাৰ যি ক্ষীণ বিজুলী-ৰেখাই ব্যৰ্থতাবোৰো ৰাঙলী কৰি তোলে জীৱনৰ আন্ধাৰৰ মাজত সেয়ে সাৰথি। মৰমৰ বাহিৰে যাক একোটিকে দিব নোৱাৰোঁ, সিহঁতেও মোক প্ৰাণভৰি মৰম কৰে, সিহঁতেও মোক প্ৰাণৰ ঐশ্বৰ্য্য দি বুকুৰ মাজলৈ টানি নিয়ে।পৰশ-মণি সিহঁতৰেই।
২.অভিভূতৰ দৰে সি কেৱল বাহিৰৰ ফালেই চাই থাকিল।পৃথিৱীখনৰ সীমাহীন মুকলিখিনিলৈ চাই থাকি, সি মাথোঁন অনুভৱ কৰিলে এটা অনন্ত ৰহস্যৰ জটিলতা, সি বুজিব নোৱাৰিলে তাৰ অৰ্থ। তাৰ মনত লাগিল যেন লুইতৰ দুটি সৰু ঢৌৱেও তাতকৈ বহুত বেছি কথা জানে; ডাৱৰ ভৰা আকাশৰ কথা, পৰ্বতৰ কথা, ভৈয়ামৰ কথা, আৰু সিহঁতৰ নিজৰ মিলনৰ কথা। কিমান ধুনীয়া এই বাহিৰৰ পৃথিৱীখন। পিছত এৰি অহা লুইতৰ অবিশ্ৰান্ত সোঁতটো- তাৰ বুকুত উঠা বগা বগা সৰু ঢৌবোৰ ভালেমান দূৰৰ পৰা খহি খহি থিয় দি থকা কঁহুৱা-ভৰা পাৰবোৰ, তাৰ সিপাৰৰ বুঢ়া পৰ্বতকেইটা, তাৰ সিপাৰে আকাশ, আৰু লুইতৰ সোঁতৰ ওপৰত তাৰ পুৰণি সৰু জাহাজখন। সকলোবোৰকে ঢাকি আনিছে নিশাৰ পাতল কৰুণতা-সনা মৌন আৱৰণখনে। নিশাই যেন আমানৰ চকুৰপৰা সকলো আঁতৰাই লৈ যাব। সেই নিশাৰ মাজত কেৱল থাকিব এটি তৰাৰ পোহৰ-সনা ধূসৰ ৰহস্য।[১]
৩.ল'ৰাটো বুকুত লৈ সি শুই পৰিল। খেলা-শেষৰ দুটা ক্লান্ত শিশুৰ দৰে, একেলগে উটি যোৱা সাগৰৰ দুটা পৰিচয়হীন ঢৌৰ দৰে।শিশুটোৰ গাৰ উত্তাপত তাৰ বুকুখনত সি অনুভৱ কৰিলে এটা অনাস্বাদিত পিতৃত্বৰ গৌৰৱ। টোপনিতে তাৰ লাজ লগা যেন পালে...[২]
৪.পাৰ্থক্যটো ইমানেই-মই ভয় কৰিছিলোঁ লুকুৱাই, আৰু সিহঁতে ভয় কৰিছিল দেখুৱাই। ভয় লুকুৱাব পৰাটোতো সাহসৰে চিন। পিছে মই এই সাহসৰ গৌৰৱ ৰক্ষা কৰিবৰ কাৰণে লুকুৱাই ভয় কৰা নাছিলোঁ, আৰু তাত আনন্দও পোৱা নাছিলোঁ। ভয় লাগিলেও নলগা যেন দেখুওৱাৰ কাৰণ, নিজৰ মুৰব্বীয়ানা ৰক্ষা কৰা, লগতে সিহঁতৰ উৎপাতৰপৰা অলপ ৰক্ষা পোৱা। সিহঁতৰ লগতে ময়ো ভয় খোৱা যেন দেখুৱাবলৈ হ'লে ক'লৈকো এখোজো দিবৰ উপায় নহ'ব। গতিকে ভিতৰি ভিতৰি যিমানেই ভয় নাথাকক, বাহিৰত কিন্তু সিহঁতক আশ্বাস দি কৈছিলোঁ- "কিহৰ ভয় অ'? চিপাহী হ'ল কি হ'ল। সিহঁতো আমাৰ নিচিনা মানুহহে। চিপাহী হ'ল বুলি আৰু সিহঁতে আমাক চোবাই খাব নে?[৩]
৫.দুটা ঘাট...
দুটা-ঘাট
উঠা আৰু নমা, এবি-অহা আৰু আহি-পোৱা দুটা ঘাট। মাজত একা- বেঁকা নৈ-গৰাৰ উলু বিৰিণা, খাগৰি, চিনি নোপোৱা পানীৰ বৈ অহা সোঁত, আৰু দূৰণি-চাৱনিৰ সীমাই ঢুকি নোপোৱা পাহৰি অহা দূৰণি-!দ্বিতীয়াৰ জোনফালি এবাৰ ওলায়েই ক'ৰবাৰ সন্ধিয়াৰ আঁচলত লুকাই পৰিল। লগত থকা তৰাবোৰ আঁতৰি যাব নোৱাৰি, আন্ধাৰ আকাশখনৰ বুকুত অকাৰণতে থিয় দি আছে।[৪]
৬.বতাহ এজাক মাৰে। জনহীন নৈৰ পাৰৰ শুকান বিৰিণাৰ পাতৰ ওপৰেদি বাগৰি বতাহজাক আহি জাহাজখনৰ ভিতৰেদি পাৰ হৈ যায়। গোটেই বতাহজাকত আন্ধাৰৰ সেমেকা ৰং সনা-গহীন, শীতল আৰু চেঁচা-বাহিৰত আন্ধাৰ।[৪]
৭.কোনোবা নিশাৰ পথিকৰ বুকুৰ বাতৰি লৈ জাহাজখন অকলশৰে গৈ থাকে। পানীৰ সোঁতবোৰত ঢৌ উঠে, ক'ৰবাৰ দূৰণিৰ পাৰত খুন্দা খাই খলকনিবোৰ মাৰ যায়। সিহঁতক আৰু কোনোৱে নিবিচাৰে।[৪]
৮.শীতল, চেঁচা, আন্ধাৰ, আৰু ঘন, ক'লা বতাহ। গোটেই আকাশ জুৰি তন্দ্ৰালস ৰাতিৰ গহীন নিবিড়তা। ৰাতি, ৰাতি, ৰাতি ৰাতিৰেই গোটেই ব্ৰহ্মাণ্ডখন ভৰি পৰিছে।জাহাজৰ অবিৰাম ঘূৰি থকা চকা দুটাৰপৰা পানীবোৰ আকৌ নদীত সৰি পৰে। অবিশ্ৰান্ত ঘৰ ঘৰ শব্দই চকুত সুপ্তিৰ অলসতা সানি দি যায়। বতাহজাকত কোনোবা টোপনিৰ দেশৰ নিচুকনি গান, নিশাৰ নীৰৱতাৰ বুকুত ঘুমটিৰ আতুৰ আয়োজন![৪]
৯.ইমৰাণ আৰু আৰা।
জাহাজৰ ৰেলিঙত ধৰি দুয়ো বাহিৰলৈ চাই থাকে। দূৰ আকাশৰ তৰাবোৰ সিহঁতৰ বুকুত কি এটা বুজি নোপোৱা কথাৰ হৈ যোৱা সমাধানৰ যুক্তি বিচাৰি দুয়ো যেন নিজৰ কথা পাহৰি গৈছে।জাহাজৰ প্ৰায় সকলো যাত্ৰী শুই পৰিছে। বাহিৰৰ শুই-পৰা ৰাতিটোৰ দবে, কিবা এটা ক্লান্তিত যাত্ৰীবোৰৰ মুদ খাই গৈছে। সিহঁতৰ চাৰিওফালে যেন বিয়পি পৰিছে শব্দহীন মৰণৰ মধুৰ মাদকতা।[৫]
১০.বতাহজাক মাৰে। চেঁচা বতাহজাক, ক'ৰবাৰ আন্ধাৰৰ মাজৰপৰা শুকান কঁহুৱাৰ কঁপা পাতৰ কৰুণতা লৈ সিহঁতৰ চুলিৰ ওপৰেদি বাগবি যায়। আবাৰ চেলেংখনৰ আগটো জাহাজৰ ভিতৰৰ ফালে উৰি যায়। বতাহজাকত যেন বহুত কথা সোমাই আছে-আৰাক ক'ব, ইম্বাণে বুজি নোপোৱাকৈয়ে আবাক কৈ যাব।[৫]
১১.নিবিষ্টমনে আৰাই আকাশখনৰ ফালে চাই থাকে। বহুত দূৰৰ আকাশখন, তাতোকৈ দূৰৰ সৰু সৰু তৰাবোৰ-নিস্পন্দ, নিঃশব্দভাবে থিয় দি আছে। তাৰ কোলাত অসাৱধান, বহল পৃথিৱীখন চকু মুদি পৰি আছে। আৰাৰ চকুৰ আগত হয়তো ভাঁহি উঠে-এই দুপৰ, নিথৰ নিশা নৈৰ ঘাটৰ নিৰ্জন পাৰত বহি, সৌ অৰ্থহীন তৰাবোৰলৈ চাই থাকি সেমেকি উঠা এযোৰ চকুৰ কৰুণতাৰ আভাস। বহুত দূৰত, এৰি অহাৰ বহুত পিছত। তাৰেই হুমুনিয়াহত হয়তো বতাহজাক কৰুণ হৈ উঠিছে। আৰাই চাই থাকে, তাইৰ অন্তৰখনে কিবা অৰ্থ- নোহোৱা কথা এটাৰ অৰ্থ বুজিবৰ চেষ্টা কৰে এনেই, অকাৰণতে।[৫]
১২.কিন্তু আৰাই তাৰ কথা আজি ভাবিব লাগে কিয়? এই এবছৰ, এই বাৰমাহ আৰাই নিজক পাহৰি আছিল, বহুতক পাহৰি আছিল। ইম্মাণৰ মৰমৰ মাজত, স্নেহৰ মাজত তাৰ কথা মনত পেলাবৰ অৱসৰ আবাৰ নাছিল। কতৰ কথাই পাহৰি গৈছে।[৬]
১৩.মানুহে পাহৰেই।
কিন্তু আজি যেন আহচান এটা নতুন মানুহৰ দৰেই আৰাৰ আগত থিয় দিলেহি। ভিতৰত এটা মৰ্মন্তুদ অবসাদ লৈ, বাহিৰত কৃত্ৰিম প্ৰফুল্লতাৰ কৰুণ উপহাস লৈ, আহচান যেন আজি আৰাৰ কাৰণে এটা সম্পূৰ্ণ অপৰিচিত, নতুন মানুহ।[৬]
১৪.আহ্চানৰতো বিয়া হৈ গৈছে। নতুন যুগ্ম জীৱনত তাৰ কাৰণে বৈ আছে- চৌদিশে আনন্দ, যশস্যা, খ্যাতি। তেন্তে তাৰ বিবাহিত জীৱন সুখৰ হোৱা নাই জানো? কিয়?[৬]
১৫.আৰাই ভাবে। অকাৰণত আজি আবাৰ তাৰ কথা ভাবিবৰ মন যায়, বহুত দিনৰ আগতে এৰি যোৱা এটা বিশেষত্বহীন ইতিহাস সুঁৱৰি চাবৰ মন যায়।[৬]
১৬.আৰাৰ মনটো ঘুৰি যায়-বিয়াৰ আগৰ মুক্ত দিনবোৰৰ মাজলৈ, অকলশৰীয়া জীৱনৰ তৃপ্তিময়, ছন্দময় গানৰ ৰাজ্যলৈ। সেই দিনবোৰ-আজি এটা সপোন, এটা স্মৃতি।[৬]
১৭.এতিয়া আৰু মটৰতে যাবাগৈ। নহ'লে ৰাতি আন্ধাৰত ক'ৰবাত বাট হেৰুৱাই ক'ৰবাত সোমাবাগৈ। যিহে আন্ধাৰ বাট-চিনাই টান আৰাই ক'লে, আৰু এবাৰ নৈৰ সিপাৰৰ আন্ধাৰবোৰৰ ফালে চালে। কোনে যেন তৰাৰে ভৰা আকাশখনৰ গাত ক'ৰবাৰ পুৰিযোৱা চিতাৰ ছাইৰ ক'লা বোলবোৰ সানি দিছে।[৭]
১৮.এৰা, আমি আৰু গোটেই জীৱনটো কেৱল বাটকে চিনিলোঁ, বাটে আৰু আমাক কোনোদিন চিনিবৰ চেষ্টা নকৰিলে নিচিনিলে। কৰুণ হাঁহি মাৰি সি ক'লে। আৰাই এবাৰ তাৰ মুখলৈ চালে। দূৰৰপৰা তাৰ মুখত পৰা পোহৰত দেখিলে-তাৰ মুখখন শুকান, তাত ৰস নাই। আৰাৰ ভয় খাই যোৱা যেন লাগিল।[৭]
১৯.জাহাজখন ৰয়। আৰাহঁত জাহাজৰ তক্তাবোৰৰপৰা নৈৰ পাৰৰ সেমেকা মাটিত নামি পৰে।
কেউপিনে পোহৰ।
জাহাজখন ৰয়। ব্ৰহ্মপুত্ৰৰ প্ৰাচীন সোঁতটো অবিশ্ৰান্তভাবে বৈ গৈ থাকে। ... দুটা ঘাট-উঠা আৰু নমা, এৰি অহা আৰু আহি পোৱা জীৱনৰ দুটা ঘাট, মাজত কোনেও নজনা ভালপোৱাৰ প্ৰাণে-নুবুজা অবিৰাম বৈ থকা সোঁতটো।...[৮]
২০.কৃতকাৰ্যতাৰ কাৰণে সাধনা লাগে, সাধনাৰ কাৰণে সাহস লাহে আৰু সাহসৰ কাৰণে লাগে আত্মবিশ্বাস।"কিন্তু আমাৰ ইয়াত আত্মবিশ্বাসটো হয় আত্মগৰ্ব, সাহস হয় উদ্ধতালি, আৰু-গতিকে-অৰ্থাৎ কৃতকাৰ্যতাৰ ওচৰ নাপায়গৈয়ে।পৰেশে ক'লে।[৯]
২১.হেমন্তই কৈ গ'ল-"বিহুনাচত কি মহৎ, কি ধুনীয়া, কি পৰিত্ৰ আনন্দ সোমাই আছে! বিহুনাচ আনন্দৰ নাচ, আনন্দ-ঋতুৰ সৌন্দৰ্য-প্ৰশস্তি। খৰালি শুকাই থকা প্ৰকৃতি আঁহ-পাহ মেলি মুকলি হৈ পৰিছে। নতুন কুঁহি, নতুন পাত, নতুন ফুল-নতুন আনন্দ।... নাচনীয়ে হাত মেলি দিয়ে, আঙুলি মেলি দিয়ে-যেন ন বহাগত নতুনকৈ মেলা নাহৰডালৰ মূৰত নতুন পাতৰ কুঁহি। নাচনীয়ে ফুটাই তোলে প্ৰকৃতিৰ এই উন্মুক্ত বিকাশৰ শ্যামল ৰূপটো। তেজ ফুটো-ফুটো থোৰালি আঙুলিবোৰ লাহে লাহে মুঠিৰপৰা মেল খায়-যেন নতুন কুঁহিবোৰ মেল খাইছে। নাচনীৰ পূৰঠ বাহু দুটা কঁপে-তাত যেন সেউজীয়া কেঁচা ডালৰ কঁপনি! গাটো হালে-জলে-যেন দক্ষিণা বতাহ লাগি প্ৰকৃতিৰ বুকুখন চঞ্চল হৈ কঁপিছে। নাচনীয়ে কঁকাল ঘূৰায় নাচে, এখন হাত কঁকালত থৈ আনখন মেলি দিয়ে-যেন আনন্দত নিজক ধৰি ৰাখিব পৰা নাই- নিজৰ ওচৰতে নিজে অৱলম্বন বিচাৰিছে! সেইটোৱেই আনন্দ-বিহ্বল প্ৰকৃতিৰ ৰূপ।[১০]
২২.ঢোলৰ ছেৱে ছেৱে, পেঁপা-গগনাৰ সুৰৰ ছেৱে ছেৱে, নাচনীৰ দেহৰ অণুৱে অণুৱে ছন্দৰ কঁপনি উঠে। মেঠনি-সোলোকা বুকুত বাগৰে ন বহাগৰ ঢল, খোপা-সোলোকা ক'লা চুলিত বাগৰে বৰদৈচিলাৰ উন্মুক্ত উত্তাল গতিৰ লহৰ, বান্ধোন-সোলোকা ওঁঠত বাগৰে হাঁহিৰ ঢৌ, ফুটি উঠে চুমাৰ আকৰ্ষণৰ মদিৰ আকাংক্ষা, চকুত যেন কোন সপোনপুৰীৰ উত্তপ্ত মদিৰাৰ নিচা লাগিছে, কাণত যেন পশিছে কোন বুকুৰ জনৰ চৰণ-নূপুৰ ধ্বনি, হিয়াই যেন কোন অজানাৰ অহাৰ বাতৰি পাই অধীৰ হৈ উঠিছে।[১০]
২৩.কুঁহিপাতৰ মাজে মাজে, নতুন বৰষুণৰ বগা পানীৰ মাজে মাজে, কেঁচা ঘাঁহৰ সেউজৰ মাজে মাজে, হেঙুল বৰণীয়া প্ৰভাতৰ সুৰভিত বতাহৰ মাজে মাজে, ওপঙি আহিছে-উৰি আহিছে কাৰ যেন উদাস কৰা সুৰ, কাৰ যেন বলিয়া কৰা আহ্বান! নাচনীৰ গাত, নাচনীৰ প্ৰতিটি নখৰ আগে আগে, প্ৰতিডালি চুলিৰ আগে আগে, তাৰ প্ৰতিধ্বনি উঠে। নাচনী থাকিব নোৱৰা চঞ্চল, আকুল হৈ উঠে। প্ৰকৃতিৰ অসীম অনন্ত আনন্দৰ মূৰ্তিটো নাচনীৰ চকু-মুখ, হাতৰ মাজেদি উদ্ভাসিত হৈ বিৰিঙি পৰে, উপচি পৰে, বাগৰি পৰে। প্ৰকৃতিক ইমান ধুনীয়াকৈ, ইমান আপোনকৈ, ইমান অকৃত্ৰিমভাৱে আৰু কোনে ৰূপ দিব পাৰে-আৰু কোনে প্ৰকাশ কৰিব পাৰে?[১০]
২৪.হেমন্তৰ মাত শুনিয়ে ছোৱালীজনী ঘূৰিল। অষ্টমীৰ জোনাকত তাইৰ গালৰ চকুপানী দুটোপা ৰূপালী হৈ তিৰ্বিৰাই উঠিল। তাইৰ চুলিবোৰ আউলি- জাউলি। হেমন্তই ভালকৈ তাইলৈ চালে-যেন তাই কাহানিবাৰ চিনাকি। ছোৱালীজনীয়েও কান্দি-থকা চকু দুটা তুলি একেথৰে হেমন্তৰ ফালে চালে। বুঢ়াই মাত লগালে,-"মোৰ নহৈও তাই মোৰেই বোপা। আহক বহকহিচোন বাৰু।"[১১]
২৫.সন্ধিয়া হেমন্ত আৰু জুৰি নিতৌ ফুৰে। এতিয়া জুৰিয়ে আৰু লাজ নকৰে। নাচিবলৈ লাজ নকৰে, ফুৰিবলৈ লাজ নকৰে, আনকি হেমন্তৰ লগত তৰ্ক কৰিবলৈও লাজ নকৰে। হেমন্তৰ গাৰ কাষে কাষে জুৰি গৈ থাকে। সিহঁতৰ গাত প্ৰথম আহিনৰ পাতল বতাহজাক লাগে।[১২]
২৬."আহিনক তেনে কেনেকৈ ৰূপ দিবা?"
জুৰিয়ে কেৱল ভাবে, একো নামাতে।
"তোমাৰ গোটেই গাৰ ওপৰত থাকিব এখন আকাশবুলীয়া সেউজীয়া পাতল চাদৰ। পাছফালে থাকিব সন্ধিয়াৰ ৰঙৰ পোহৰ, ধোঁৱা বৰণীয়া আৰু গুলপীয়াৰ মিহলি ৰং, তোমাৰ চুলি আধা-মেলা।"
"আধা-মেলা? কিয়?"
"কিবা এটা যেন সঙ্কোচ আছে, একেবাৰে যেন মুক্ত নহয়। আহিনৰ এই ভাবটো ফুটাই তুলিবৰ কাৰণে।"[১৩]
২৭."তোমাৰ গাৰ সকলো বান্ধ ঢিলা হ'ব লাগিব, কিন্তু একেবাৰে ঢিলা নহয়-ঠিক যেন আহিনমহীয়া সজাল-ধৰা ৰোৱাবোৰ। বতাহে উঘালি নিব নোৱাৰে; কিন্তু হলাই যাব পাৰে। তাৰ পিছত আৰম্ভ হ'ব নাচ।"
সন্ধিয়াৰ কাম-বৰণীয়া পোহৰৰ মাজেদি জুৰিয়ে হেমন্তৰ মুখলৈ চায়।[১৩]
২৮.নাচৰ ছন্দ হ'ব শান্ত, শীতল, কোমল; কিন্তু চঞ্চল। লাহে লাহে তুমি তোমাৰ গাৰ পাতল চাদৰখন পাছলৈ উৰুৱাই দি হালি-জালি আগলৈ আহি থাকিবা। তোমাৰ চাদৰত, তোমাৰ হাতৰ মুদ্ৰাত, তোমাৰ দেহৰ ভঙ্গিমাত আহিনমহীয়া কেঁচা ধাননিৰ ওপৰেদি ঢৌ-খেলি বাগৰি যোৱা পাতল বতাহজাকৰ কঁপনিটো ফুটাই তুলিব লাগিব।[১৩]
২৯."অ' মুখত। মুখত এবাৰ ধুনীয়া উজ্জ্বল হাঁহি, এবাৰ কাতৰ বিমৰ্ষতা, কিন্তু কঠিন নহয়-কোমল। আহিনমহীয়া শুকুলা মেঘৰ লুকালুকিৰ ভাবটো তাত ফুটি উঠিব। গতি আৰু বেশতো এই ৰূপটোকে ফুটাই তুলিব লাগিব। শান্ত, কিন্তু চঞ্চল-যেন ৰৈ যাব খোজে অথচ নৰয়, যেন পৰি যাব খোজে নপৰে, উৰি যাব খোজে,নুৰে।" জুৰিয়ে যেন সেই খোজকেটাৰ কল্পনা মনত আনিব খুজিলে।[১৪]
৩০.হেমন্তই কৈ গ'ল,-"কেৱল ওপঙি ফুৰা। আঁত-নলগা, গাত-নলগা- সেউজীয়া, কোমল, বিহ্বল কিবা এটা-অধীৰ, ঠুনুকা। পোহৰ, আৰু ঢৌ- পোহৰ তোমাৰ হাঁহি আৰু খোজত, টৌ তোমাৰ কাপোৰ, তোমাৰ আঙুলি,তোমাৰ বুকু আৰু তোমাৰ চুলিত।".. ৰাতি হোৱা দেখি দুয়ো উলটি আহিল। জুৰিক হেমন্তই থৈ আহিলগৈ। আহোঁতে এনেয়ে হেমন্তই ভাবিলে, আকাশৰ লগত মিলি যাব ধৰা আহিনৰ এই ৰূপটো বাৰু জুৰিয়ে দিব পাৰিব নে?[১৪]
৩১.চাৰিচুকীয়া সৰু আৰ্চিখন আগত লৈ জুৰিয়ে নিজৰ মুখখন চালে। কেৰাচিনৰ লেমৰ হালধীয়া পোহৰত জুৰিয়ে আচীত পৰা নিজৰ ছাঁটো বৰ ধুনীয়া দেখিলে। গালবোৰ ৰঙা পৰি উঠিছে, চকু দুটা আগতকৈ ধুনীয়া হৈছে, মূৰৰ চুলিবোৰো যেন আগতকৈ বেছি ক'লা, বেছি কোমল, বেছি ধুনীয়া হৈ পৰিছে। নিজেই ক'ব নোৱৰাকৈ আৰ্টীত দেখা নিজৰ ছাঁটোৰ ফালে চাই চাই জুৰিয়ে ধুনীয়াকৈ হাঁহিলে।[১৪]
৩২.আধা-মেলা খোপা, গাত ঢিলা বগা চাদৰখন। ঘৰটোৰ ভিতৰত অকলশৰে সোমাই লৈ জুৰিয়ে আহিনৰ ৰূপটোক ভাষা দিব খুজিলে-অকলশৰে। মাত্ৰ জ্বলি আছে কেৰাচিনৰ লেমটো। জুৰিয়ে তাইৰ গোটেই দেহাটোৰ ওপৰেদি বগৰাই দিব খুজিলে আহিনৰ মৃদু-মলয়াৰ ঢৌবোৰ। জুৰিৰ আঙুলিবোৰ কঁপি উঠিল, তাইৰ ধুনীয়া সৰু বুকুখন কঁপি উঠিল, তাইৰ মূৰৰ চুলিবোৰ কঁপি উঠিল। বহুত দূৰত যেন সৌৱা নীল আকাশৰ সীমা। তাৰ লগত মিলি যাবৰ
কাৰণে যেন জুৰিৰ নীলা চকু দুটা উদাস হৈ উঠিছে। শান্ত, কোমল কঁপনি, জুৰিৰ গোটেই গাত যেন এটা অধীৰতা। কি এটা প্ৰকাশৰ উত্তেজনাত যেন তাই চঞ্চল হৈ উঠিছে। পৃথিৱীত যেন আৰু কোনো নাই, অসীম নীল আকাশ আৰু জুৰি। ঘৰ নাই, দুৱাৰ নাই, বৈকুণ্ঠ সোণাৰি নাই, হেমন্ত নাই-কোনো নাই। কেৱল এটা সুৰ, কেৱল এটা অনাদি ছন্দত যেন জগতখন উটি যাব লাগিছে।[১৫]
৩৩....হয়তো সেইদিনা আছিল ফাগুন মাহৰ পূৰ্ণিমা, আকাশত আছিল ৰূপালী জোন, পৃথিৱীৰ বুকুত আছিল মুকলি বগা জোনাক, আকাশৰ তৰাবোৰ মনে মনে নাচি আছিল। পৰ্বতৰপৰা বাগৰি আহিছিল এটা শীতল পানীৰ নিজৰা।[১৬]
৩৪.তাৰ বৈ যোৱাৰ নিজঞ্জাল কুলু-কুলু সুৰত পৃথিৱীৰ চকু টোপনিত মুদ খাই আহিছিল।... হঠাৎ পুৰণি সেউজীয়া পাহাৰটোৰ ওপৰেদি এজাক চেঁচা বতাহ বাগৰি গ'ল। পাহাৰটো চঞ্চল হৈ উঠিল, জোনাকবোৰ অলপ কঁপি উঠিল, নিজৰাটো মুহূৰ্তৰ কাৰণে ৰৈ গ'ল, আকাশৰ নাচি থকা তৰাবোৰ হঠাৎ বেছি পোহৰ হৈ উঠিল, পাহাৰৰ গাৰ জোনাক-লগা গছ-পাতবোৰ জিৰ জিৰ কৰি কঁপি উঠিল, ... তেতিয়া গোটেই জগৎ জোনাকত লালকাল।[১৬]
৩৫.বতাহজাক তেতিয়াও বৈ আছে শন শন্-জিৰ জিব্-ছি ছি। লাহে লাহে পাহাৰটোৰ বুকুৰ ডাঙৰ শিল এটা কঁপিব ধৰিলে, তাৰ বুকুৰ শিলবোৰ চটাচটে এৰাই যাব ধৰিলে। শিলবোৰ যেন শিল নহয়, ৰ'দ-বৰষুণ পৰি গোট মৰা কিছুমান ছাই! বতাহজাকত যেন ডোখৰা-ডোখৰে ছাইবোৰ কেউফালে উৰি যাব ধৰিলে। হঠাৎ জোনটো মুহূৰ্তৰ কাৰণে ডাৱৰৰ মাজত লুকাই পৰিল, পাহাৰটো এক নিমিষতে আন্ধাৰে ঢাকি ধৰিলে।[১৬]
৩৬.অভিভূত চকু দুটিৰে জুৰিয়ে পলক নেপেলোৱাকৈ হেমন্তৰ মুখলৈ চাই ৰ'ল। হেমন্তয়ো নিজৰ মাজত নিজক হেৰুৱাই কৈ গ'ল-"মুহূৰ্ততে জোনটো ডাৱৰৰ মাজৰপৰা ওলাল। আকৌ গোটেই জগৎ জোনৰ পোহৰত জিলিকি উঠিল। বতাহে-খহোৱা পাহাৰটোৰ বুকুৰপৰা লাহে লাহে এজন ধুনীয়া ডেকা ওলাই আহিল। চকুত তাৰ সপোনৰ জড়তা, মুখত তাৰ উজ্জ্বল দীপ্তি, ধকধকীয়া বগা গাটোত তাৰ ফাগুনী পূৰ্ণিমাৰ কেঁচা হালধিৰ বোল, উদাস, তন্দ্ৰালস চকু দুটাৰে আকাশৰ সীমনালৈ চাই ডেকাজনে হাত মেলি কাক যেন সাৱটি ধৰিব খুজিলে। লাহে লাহে তেওঁৰ ভৰিৰ তলৰ ছাইবোৰত সেউজীয়া কোমল ঘাঁহ গজি উঠিল। তেওঁৰ চকু দুটাই চাৰিওফালে ঘূৰি কাক যেন বিচাৰিলে। কোনোবা যেন তেওঁৰ বুকুৰ কাষতে শুই আছিল-এতিয়া নাই।[১৭]
৩৭.শেষৰ নাচটো জুৰি আৰু হেমন্ত দুয়ো নাচিলে।
নাচটোৰ নাম 'ৰাতি আৰু ৰজনীগন্ধা'। দিনৰ দিনটো নিজক পাতৰ আঁৰত লুকাই ৰাখি ৰাতিৰ কাৰণে অপেক্ষা কৰি থাকে ৰজনীগন্ধাই। লাহে লাহে সাজ গঢ়ে-ৰাতি আহে, গহীন খোজ, গাত পাতল বগা জোনাকৰ ৰহণ, মুখত স্নিগ্ধ কোমল স্বপ্নৰেখা, মূৰত ডাঠ ক'লা চুলিৰ ওপৰত ক'লা পাৰিৰ চেলেঙৰ ওৰণি; গাত লোৱা আকাশ-বুলীয়া কাপোৰখনত উজ্জ্বল সোণবৰণীয়া তৰাৰ শাৰী।[১৮]
৩৮.ৰাতিৰ আগমনত ৰজনীগন্ধাৰ পাহিবোৰ লাহে লাহে মেল খালে-এটা এটাকৈ। আকাশৰপৰা লাহে লাহে বাগৰি আহিল বগা জোনাকৰ ঢৌ। জোনাকক বুকুত লৈ আৰম্ভ হ'ল ৰজনীগন্ধাৰ নাচ। ৰজনীগন্ধাৰ কি আনন্দ। কি আবেশ। কি ছন্দ। আৰু কোনো নাই ৰাতি আৰু ৰজনীগন্ধা।...[১৮]
৩৯.ৰজনীগন্ধাৰ নাচোন লাগি কঁপি উঠিল ৰাতিৰ উঠিল ৰাতিৰ আকাশৰ নীলিমা। ৰাতিয়েও নাচিব ধৰিলে। নাচোঁতে নাচোঁতে কেতিয়াবা ৰাতিৰ বুকুত ৰজনীগন্ধা লুকাই পৰে, থাকে কেৱল জোনাক-শুভ্ৰ বিমল জোনাক, কেতিয়াবা আকৌ ৰজনীগন্ধাৰ বুকুত লুকাই পৰে ৰাতি, থাকে কেৱল শুভ্ৰ ৰজনীগন্ধাৰ জোনাক-সনা পাপৰিত নাচৰ ধৱল ছন্দ।[১৮]
৪০.নাচি নাচি দুয়ো আত্মহাৰা, উদ্ভ্ৰান্ত-যেন পৃথিৱীত আৰু কোনো নাই। লাহে লাহে পূব আকাশৰ হিৰণ্য গৰ্ভৰপৰা দুষ্টা উষাৰ ভৰিৰ শব্দ শুনা গ'ল। শেষবাৰৰ কাৰণে নিশাই ৰজনীগন্ধাক বুকুত সাৱটি ধৰিলে। তাৰ পিছত ৰজনীগন্ধাৰ ফালে চাই চাই ৰাতি দিগন্তৰ সিফাললৈ আঁতৰি গ'ল। আকুল, উদাস, অপূৰ্ণ দৃষ্টিৰে ৰজনীগন্ধায়ো ৰাতি যোৱাৰ বাটলৈ ৰ'-লাগি চাই ৰ'ল যৱনিকা পৰিল।[১৮]
৪১.পৰ্দাৰ সমুখলৈ আহি পৰেশে চিঞৰি বক্তৃতা আৰম্ভ কৰিলে,- "দৰ্শকসকল! জুৰি আছিল এজনী সামান্য ছোৱালী, কিন্তু আজি জুৰি সুকুমাৰ কলাৰ এটা জীৱন্ত ৰূপ। জুৰি আছিল এজনী ছোৱালী; কিন্তু আজি হেমন্তৰ মায়া-তুলিৰ পৰশত জুৰি এটা কল্পনা-কল্পনাই নহয়, কল্পনাৰ সিপাৰৰ ৰূপকথাৰ দেশৰ সপোনকুঁৱৰী। কিন্তু মনত ৰাখিব ৰাইজ। জুৰি হেমন্তৰ সৃষ্টি। জুৰি...[১৮]
৪২.তেতিয়া জোনটো পশ্চিম ফালৰ ডাৱৰ এচপৰাৰ বুকুত লুকাই পৰিছে। পৃথিৱীখন নীৰৱ, নিথৰ, নিস্তব্ধ। আকাশত দুই-এটা তৰা, তলত পাতল আন্ধাৰ। এজাক অলপ চেঁচা বতাহ মাৰিলে। জুৰিয়ে গাৰ কাপোৰখন টানি ল'লে। বনৰীয়া চৰাই এটাৰ অপৰিচিত মাত; জুৰি হেমন্তৰ কাষ চাপি আহিল।[১৯]
৪৩.অতীতটো অকণো নিবিচাৰি, ভবিষ্যতটো অকণো নেটানি, বৰ্তমানক লৈ থাকে, বেদানা আৰু মমতাজ দুয়ো। সিহঁত দুয়ো জানে,-অতীত সিহঁতৰ দুখলগা, কৰুণ; ভৱিষ্যৎ সিহঁতৰ অনিশ্চিত, অনাগত; দুদিনৰ বৰ্তমানটো সিহঁতৰ নিজা। সিহঁতে জানে, অতীতৰ মাজলৈ ঘূৰি গৈ সিহঁতে অকণো সুখ নেপায়, এফেৰিও শান্তি নেপায়। ভবিষ্যতটোৰ কথা ভাবিয়েইবা লাভ কি? সেই পথৰ এটা ধূলিৰ কথাও সিহঁতে নেজানে। তাত্ৰ এটা খোজো দিওঁ বুলি সিহঁতে দিব নোৱাৰে। কাৰখানাটো চলি আছে, তাৰ ইঞ্জিনটোৰ চকাবোৰ চলি আছে, আৰু তাৰ লগে লগে চলি আছে মমতাজ।[২০]
৪৪.ৰামেশ্বৰৰ বাঁহীৰ কঁপা, দীঘল সুৰটো তেতিয়াও বতাহত বহুত দূৰলৈ উৰি যায়!সিহঁতৰ পুৱাবোৰ নতুন পোহৰত পোহৰ হয়, সিহঁতৰ সন্ধিয়াবোৰ নতুন ৰঙেৰে হেঙুলীয়া হয়, সিহঁতৰ ৰাতিবোৰ ধুনীয়া আন্ধাৰেৰে নিবিড় হয়। সিহঁতে বহুত নতুন কথা পাতে, বহুত পুৰণি কথা পাহৰি যায়। সিহঁতে আকাশলৈ চাবলৈ শিকে, ডাৱৰলৈ চাবলৈ শিকে, বননিবোৰ ধুনীয়া দেখিবলৈ শিকে।...[২১]
৪৫.বাটৰ ধূলিত হেৰা-পোৱা পৰশ-মণি, সূৰ্য বুলি স্যমন্তকৰ দৰে কোনেও ভুল নকৰো নিজৰ মূল্য নিজৰ বুকুত সামৰি পৰশ মণি নিজেই পূৰ্ণ, নিজব পোহৰত নিজেই দীপ্তিমান।[২২]
৪৬.পৰশ-মণি-যাৰে পৰশলৈ আহে সিয়ে হৈ যায় সোণ, হৈ যায় দামী, মূল্যবান। কিন্তু পৰশ-মণি-পৰশ-মণিৰ মূল্য নেবাঢ়ে, আনে নুবুজে সেই নিথৰ শিলডোখৰত শিলৰ মূল্যতকৈ কিবা বেছি দিব লগা আছে।[২২]
৪৭.ধূলিৰ বুকুৰ পৰশ-মণি, এডোখৰ ভৰিৰে গচকি যোৱা শিল, হয়তো কোনোবা ৰাজকুমাৰৰ মুকুটৰপৰা কোনোবা দিনা সকলোৰে চকুৰ আঁৰেদি ধূলিত বাগৰি পৰিছিল-কিবা এটা ভুলত, কিবা এটা পৰিবৰ্তনৰ মায়াত, কিবা এটা সৃষ্টি-মধুৰ নতুনৰ সপোনত।[২২]
৪৮.আন দহ টুকুৰা শুকান কঙ্কৰৰ দৰে পৰশ-মণিও এটুকুৰা মূল্যহীন শিল,- ধূলিম্লান এডোখৰ পাথৰ!
তথাপি পৰশ-মণি।[২২]
৪৯.চোফিয়াক সি বিয়া কৰাইছিল; পৰশ-মণিক সি সাৱটি ধৰিছিল, শিলক সি বুকুত সুমুৱাই লৈছিল, তাৰ অন্তৰাত্মাৰ অনুৰোধত, তাৰ প্ৰাণৰ আবেদনত, কাৰো প্ৰৰোচনা, তাগিদা বা আদেশত নহয়। চোফিয়াৰ কি আছে সি জানিছিল, চোফিয়াৰ মুকলি হিয়াখনৰ পোহৰবোৰ আহি তাৰ জীৱনৰ ঠেক বাটটোত দূৰৰপৰাই সিঁচৰতি হৈ পৰিছিল-তাৰেই কাৰণে।[২২]
৫০.ব্যৱহাৰিক জগতৰ প্ৰতিযোগিতাৰ মাপ-কাঠীৰে জুখি চালে হয়তো আনে দেখিলেহেঁতেন, চোফিয়া একো নহয়, তাইৰ মাজত কোনো বিশেষত্বৰ ইতিহাস নাই, ৰহস্যৰ ইঙ্গিত নাই। উপলব্ধিৰ সীমাৰ ভিতৰৰ তাই এজনী সামান্য ছোৱালী, সামান্য ৰূপ লৈ তাই নিচেই সামান্যা।কিন্তু আমজাদে তাইৰ মাজত বিচাৰি পালে কিবা এটা জুখিব নোৱৰা সৌন্দৰ্যৰ উৎস, কিবা এটা গৌৰৱ কৰিবলগা কিবা। সেয়ে, সমাজৰ সংহিতাক, সংস্কাৰৰ উপহাসক, তাৰ বাপেকৰ অতুল সম্পত্তিৰ লগতে বিসৰ্জন দি, সি পথৰ ধূলিৰপৰা চোফিয়াক সাৱটি বুকুত সুমুৱাই ল'লে।...[২৩]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ মালিক,আব্দুল,চৈয়দ(নৱেম্বৰ,২০১৭)।পৰশমণি।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-১১
- ↑ মালিক,আব্দুল,চৈয়দ(নৱেম্বৰ,২০১৭)।পৰশমণি।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-১৭
- ↑ মালিক,আব্দুল,চৈয়দ(নৱেম্বৰ,২০১৭)।পৰশমণি।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-২২
- ↑ ৪.০ ৪.১ ৪.২ ৪.৩ মালিক,আব্দুল,চৈয়দ(নৱেম্বৰ,২০১৭)।পৰশমণি।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-৩২
- ↑ ৫.০ ৫.১ ৫.২ মালিক,আব্দুল,চৈয়দ(নৱেম্বৰ,২০১৭)।পৰশমণি।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-৩৩
- ↑ ৬.০ ৬.১ ৬.২ ৬.৩ ৬.৪ মালিক,আব্দুল,চৈয়দ(নৱেম্বৰ,২০১৭)।পৰশমণি।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-৩৪
- ↑ ৭.০ ৭.১ মালিক,আব্দুল,চৈয়দ(নৱেম্বৰ,২০১৭)।পৰশমণি।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-৪২
- ↑ মালিক,আব্দুল,চৈয়দ(নৱেম্বৰ,২০১৭)।পৰশমণি।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-৪৪
- ↑ মালিক,আব্দুল,চৈয়দ(নৱেম্বৰ,২০১৭)।পৰশমণি।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-৪৭
- ↑ ১০.০ ১০.১ ১০.২ মালিক,আব্দুল,চৈয়দ(নৱেম্বৰ,২০১৭)।পৰশমণি।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-৫০
- ↑ মালিক,আব্দুল,চৈয়দ(নৱেম্বৰ,২০১৭)।পৰশমণি।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-৫৪
- ↑ মালিক,আব্দুল,চৈয়দ(নৱেম্বৰ,২০১৭)।পৰশমণি।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-৬১
- ↑ ১৩.০ ১৩.১ ১৩.২ মালিক,আব্দুল,চৈয়দ(নৱেম্বৰ,২০১৭)।পৰশমণি।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-৬২
- ↑ ১৪.০ ১৪.১ ১৪.২ মালিক,আব্দুল,চৈয়দ(নৱেম্বৰ,২০১৭)।পৰশমণি।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-৬৩
- ↑ মালিক,আব্দুল,চৈয়দ(নৱেম্বৰ,২০১৭)।পৰশমণি।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-৬৪
- ↑ ১৬.০ ১৬.১ ১৬.২ মালিক,আব্দুল,চৈয়দ(নৱেম্বৰ,২০১৭)।পৰশমণি।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-৬৫
- ↑ মালিক,আব্দুল,চৈয়দ(নৱেম্বৰ,২০১৭)।পৰশমণি।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-৬৬
- ↑ ১৮.০ ১৮.১ ১৮.২ ১৮.৩ ১৮.৪ মালিক,আব্দুল,চৈয়দ(নৱেম্বৰ,২০১৭)।পৰশমণি।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-৭৯
- ↑ মালিক,আব্দুল,চৈয়দ(নৱেম্বৰ,২০১৭)।পৰশমণি।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-৮১
- ↑ মালিক,আব্দুল,চৈয়দ(নৱেম্বৰ,২০১৭)।পৰশমণি।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-১১৪
- ↑ মালিক,আব্দুল,চৈয়দ(নৱেম্বৰ,২০১৭)।পৰশমণি।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-১২৪
- ↑ ২২.০ ২২.১ ২২.২ ২২.৩ ২২.৪ মালিক,আব্দুল,চৈয়দ(নৱেম্বৰ,২০১৭)।পৰশমণি।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-১৩১
- ↑ মালিক,আব্দুল,চৈয়দ(নৱেম্বৰ,২০১৭)।পৰশমণি।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-১৩২