সমললৈ যাওক

পৰমানন্দ মজুমদাৰ

ৱিকিউদ্ধৃতিৰ পৰা

পৰমানন্দ মজুমদাৰ (ইংৰাজী: Paramananda Majumdar; ১৯৫৮-) অসমৰ এগৰাকী একাধাৰে সাহিত্যিক, সম্পাদক, অধ্যাপক। তেখেতৰ নিজা প্ৰকাশিত পুথি ১০খন।[১] সম্পাদিত পুথিৰ সংখ্যা ৫০ ৰো অধিক। ইয়াৰে তেওঁ বিজ্ঞান চেতনা বিষয়ক সম্পাদনা গ্ৰন্থৰ উপৰি জীৱন আৰু কৃতি, সমাজ সাহিত্য আৰু সংস্কৃতিমূলক, অভিনন্দন সূচক গ্ৰন্থ সম্পাদনা কৰিছে। তেওঁ ৰচনা কৰা এখন গ্ৰন্থ হ'ল অসমত বিজ্ঞান চৰ্চাৰ ধাৰা । পৰমানন্দ মজুমদাৰে অসমৰ বহুকেইখন পুৰণি আলোচনী সম্পাদনা কৰি নতুনকৈ সংকলন কৰিছে। সেইদৰে অসমৰ বহুকেইজন বৰেণ্য ব্যক্তিৰ ৰচনাৱলীও সম্পাদনা কৰিছে। আৱাহন আলোচনীৰ ১২টা খণ্ড (প্ৰকাশক-অসম প্ৰকাশন পৰিষদ) তেওঁৰ সম্পাদনাতেই একত্ৰ সংকলনৰূপে প্ৰকাশ পাইছে। সেইদৰে ৰামধেনু আলোচনী (একত্ৰ)ৰ প্ৰথম খণ্ডৰ তেওঁ সহযোগী সম্পাদক (মুখ্য সম্পাদক নগেন শইকীয়া)।[২] চেতনা আলোচনীখনৰো ৭টা খণ্ড তেখেতৰ সম্পাদনাতেই একত্ৰ সংকলনৰূপে প্ৰকাশ হৈছে। তেখেত প্ৰথমে ১৯৮৪ চনত জে.এন কলেজৰ প্ৰবক্তা আছিল। পৰৱৰ্তী সমময়ত ১৯৮৫ চনত প্ৰাগজ্যোতিষ কলেজত যোগদান কৰে। ২০১৮ চনত তেখেতে সেইখন কলেজৰপৰাই অৱসৰ গ্ৰহণ কৰে।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

অসমত বিজ্ঞান চৰ্চাৰ ধাৰা[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. বিজ্ঞান বৰ্তমান আমাৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ। বিজ্ঞানে আমাৰ দৈনন্দিন জীৱন ধাৰাৰ আমূল পৰিৱৰ্তন ঘটাইছে। বিজ্ঞানৰ ব্যৱহাৰিক বিষময় ফলাফলসমূহক বাদ দিলে, পৃথিৱী ব্যাপী বিজ্ঞানে যে এক জোৱাৰ আনিছে তাক অস্বীকাৰ কৰাৰ উপায় নাই। সেয়ে বহুতে বিজ্ঞানক মননশীলতাৰ উজ্জ্বলতম নিদৰ্শন আখ্যা দিছে।[৩]
  2. বিজ্ঞানৰ আজিৰ যি ৰূপ, বিজ্ঞান বুলিলে আমি যি বৈশিষ্ট্যৰ কথা বুজোঁ, এই ৰূপত বিজ্ঞান প্ৰতিষ্ঠাপিত হোৱা বেছি দিনৰ কথা নহয়। ক'বলৈ গ'লে যোৱা তিনি- চাৰিটা শতিকাৰ ভিতৰতহে বিজ্ঞানে সমগ্ৰ পৃথিৱীতে এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। বিজ্ঞানৰ বিকাশৰ পথ সেন্দুৰীয়া নাছিল। বহু শত বছৰৰ বাধা-বিপত্তিৰ মূৰকত বিজ্ঞানৰ জয় সুনিশ্চিত হৈছিল। পৰীক্ষা-নিৰীক্ষাৰে নতুন এখন ক্ষেত্ৰ আৱিষ্কাৰ কৰিবলৈ গৈ বহু বিজ্ঞানীয়ে অলেখ নিৰ্যাতন পাব লগা হৈছিল। অৱশেষত তেওঁলোকৰ সাধনাই স্বীকৃতি লাভ কৰিছিল।[৩]
  3. আধুনিক বিজ্ঞান মূলতঃ যুৰোপীয়সকলৰ অৱদান। য়ুৰোপীয় ৰেনেচাঁৰ সময়ৰ পৰাই বিজ্ঞানৰ ত্বৰান্বিত গতি লক্ষ্যণীয়। সেইফালৰ পৰা চাবলৈ গ'লে ষোল শতিকাৰ পৰাই বিজ্ঞানৰ স্বতন্ত্ৰ ৰূপ প্ৰতিভাত হ'বলৈ ধৰে।[৩]
  4. বিজ্ঞান কেৱল এটা যুগৰ বা এটা শতিকাৰ সাধনাৰ ফচল নহয়। মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ ইতিহাসৰ লগত বিজ্ঞান চৰ্চাৰ ইতিহাসো সাঙুৰ খাই আছে। পৃথিৱীৰ প্ৰাচীন জাতিসমূহৰ মাজত আদিকালৰ পৰাই বিজ্ঞানৰ চৰ্চা হৈছিল। জ্ঞাতে-অজ্ঞাতে প্ৰাচীন জগতৰ মানুহৰ কাম-কাজত যি বৈজ্ঞানিক দৃষ্টিভঙ্গী পৰিলক্ষিত হৈছিল, বিজ্ঞান চৰ্চাৰ ইতিহাসৰ সি হ'ল আদি যুগ।[৩]
  5. য়ুৰোপীয় বিজ্ঞানৰ ভিত্তি-ভূমি আছিল গ্ৰীকসকলৰ বৈজ্ঞানিক চিন্তা-ভাৱনা আৰু অৱদান। গ্ৰীকসকলৰ বিজ্ঞান সাধনা মানৱ সভ্যতাৰ এক উজ্জ্বলতম কৃতি। য়ুৰোপীয়সকলে এই গৌৰৱময় বিজ্ঞানৰ সংবাদ পাইছিল আৰব্য বিজ্ঞানৰ পৰা। ৰেনেচাঁ আন্দোলনৰ পূৰ্বে প্ৰায় সমগ্ৰ য়ুৰোপ আছিল ইছলামীয় সভ্যতাৰ প্ৰভাবাধীন।[৩]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. অদীপ কুমাৰ ফুকন. "এদিন", ৫ মে,.পৃষ্ঠাসমূহ. ৪. আহৰণ কৰা হৈছে 8 July 2020.
  2. হাইদৰ হুছেইন. "অসমীয়া সাহিত্য-সংস্কৃতিত প্ৰগতীশিল চেতনা", নলীনিধৰ ভট্টাচাৰ্য, ৩ অক্টোবৰ,.পৃষ্ঠাসমূহ. ৪. আহৰণ কৰা হৈছে 8 July 2020.
  3. ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ অসমত বিজ্ঞান চৰ্চাৰ ভূমিকা গ্ৰন্থৰ ভূমিকা, অসম প্ৰকাশন পৰিষদ 2007, পৃষ্ঠা. ভূমিকা.