সমললৈ যাওক

প্ৰস্তুতি পৰাশৰ

ৱিকিউদ্ধৃতিৰ পৰা

প্ৰস্তুতি পৰাশৰ হৈছে অসমৰ‌ এগৰাকী মোহময়ী জনপ্ৰিয় অভিনেত্ৰী। তেওঁ অসমীয়া চলচ্চিত্ৰ জগত, দূৰদৰ্শন আৰু ভ্ৰাম্যমাণ থিয়েটাৰ সকলোতে উল্লেখযোগ্য অভিনয়ৰে জনপ্ৰিয় হৈছে।[১] তেওঁ অসমীয়া ভাষাৰ কেইবাখনো বোলছবিত অভিনয় কৰিছে। [২]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. আচলতে ব্যঙ্গাত্মক সাহিত্যটো খুব টান সাহিত্য। এনেয়ে এটা সাধাৰণ কাহিনীৰ পটভূমি সৃষ্টি কৰাতকৈ ব্যঙ্গাত্মক দিশত, সুস্থ ব্যঙ্গাত্মক ভাষাত সমাজ সচেতনতা দেখুৱাবলৈ যোৱাটো অলপ টান হৈ পৰে।[২]
  2. মানুহক হঁহুৱাবলৈ টান কিন্তু কন্দুৱাবলৈ বৰ সহজ। আমি যিমান ব্যস্ত জীৱন পাৰ কৰি গৈ আছোঁ, যিমান আমি বস্তুবাদী হৈ গৈ আছোঁ সিমানেই আমাৰ মাজত থকা সৰলতাখিনি কমি কমি গৈ আছে। আমি এক আৱৰণেৰে ঢাক খাই গৈ আছোঁ আৰু সেই আৱৰণ ফালি মানুহৰ অন্তৰত সোমাব পাৰিলেহে মানুহক হঁহুৱাব পাৰিম, প্ৰাণখোলা হাঁহিটো দেখিব পাৰিম।[২]
  3. মনটো যেতিয়া সাংঘাতিক ফ্ৰেছ হ’ব, যেতিয়া আমি মানসিক ভাৱে সুস্থ হৈ থাকিম, কোনো চাপ নাথাকিব তেতিয়াই আমি খোলাকৈ হাঁহিব পাৰিম। [২]
  4. মই ভাবোঁ, ব্যঙ্গাত্মক সাহিত্যই নিশ্চিতভাবে মানুহৰ দুখ-ভাগৰসমূহ আঁতৰ কৰাত সহায় কৰে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে ব্যঙ্গাত্মক সাহিত্যৰ যোগেদি খুব গধুৰ বিষয়বস্তু খুব সহজতে মানুহৰ মনলৈ নিব পৰা যায়। সেইটো বহুত ডাঙৰ কথা। একেই তত্ত্ব গধুৰ কথা এটা যদি মানুহক বুজাবলৈ যাওঁ, বুজাত অলপ টান হয়। মোৰ বোধেৰে আমাৰ চেতনা সলনি কৰাত, দৈনন্দিন জীৱনৰ দুখ ভাগৰ আঁতৰ কৰাত ব্যঙ্গই বৰ ডাঙৰ ভূমিকা পালন কৰে।[২]
  5. অসমীয়া হিচাপে প্ৰত্যেকজন মানুহৰ দায়িত্ব আছে। কোনোবাই Diplomatic হৈছে কিবা তাড়নাত পৰি বা অন্য কিবা বাধ্যবাধকতা, সেইটো নিজৰ ব্যক্তিগত কথা। কিন্তু মই ভাবোঁ যিমান আমি ফ্ৰী হৈ থাকোঁ বাধ্যবাধকতাৰপৰা সিমানে আমি ৰিলিফ হৈ থাকোঁ। মই ভাবোঁ শিল্পীসকল যিহেতু জনসাধাৰণৰ একপ্ৰকাৰ প্ৰতিনিধি, তেওঁলোকৰ কথাত মানুহবোৰে যথেষ্ট পৰিমাণে গুৰুত্ব দিয়ে।[২]
  6. মানুহৰ মানসপটত যোগাযোগৰ অভাৱ এটা বৰ ডাঙৰ লেগিং পইণ্ট। [২]
  7. মা-দেউতাই মৰমো কৰিছিল শাসনো কৰিছিল, কিন্তু মৰমৰ নামত কেতিয়াও মূৰৰ ওপৰত উঠোৱা নাছিল। এই pampering শব্দটো একদম দূৰত আছিল আমাৰপৰা, সেইখিনি সময়ত। যিখন ৰীয়েল পৃথিৱী সেইখন বুজোৱাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল মা-দেউতাই।[২]
  8. যিকোনো এটা craft, যদি সেইটোৰ প্ৰতি আগ্ৰহ আমাৰ ব্লাডত নাথাকে তেতিয়া কিন্তু কোনেও শিকাই শিকাব নোৱাৰে। [২]
  9. মানুহৰ বয়সৰ লগে লগেও ধৈৰ্যৰ পৰীক্ষাটো বেলেগ বেলেগ হৈ গৈ থাকে।[২]
  10. যেতিয়া আমি খুউব কষ্টৰে বা নিষ্ঠাৰে কাম কৰি থাকো, ক’ৰবাত কিবা অসন্মানজনকৰ কিবা এটা সৰু শব্দই মানুহৰ মনত আঘাত দি দিয়ে।[২]
  11. মানৱীয় মূল্যবোধৰ ওপৰত পৃথিৱীত একো নাই। মানৱীয় মূল্যবোধ, মানৱীয় চেতনা, মানুহৰ যিটো আবেগ সেই আবেগটোৰ ওপৰত পৃথিৱীত একো শক্তি নাই। [২]
  12. আটাইতকৈ ডাঙৰ কথাটো হৈছে, আমি কাক লৈ জীয়াই থাকো? আমি যদি আমাৰ পাৰ্টিকুলাৰ কেইজনমান একেবাৰে সংপৃক্ত হৈ থাকো, নিজৰ ঘৰখন, নিজৰ মানুহখিনিৰ লগত, তেতিয়াহ’লে কিন্তু সেই বাহিৰৰ নিগেটিভ বস্তুবোৰে আমাক কম এফেক্ট কৰে। [২]
  13. যদি আমি মঞ্চটোক ৰিয়েল কিতাপ পঢ়াৰ লগত তুলনা কৰোঁ, চিনেমাখন হ’ব এখন ডিজিটাইজড্ কিতাপ। [২]
  14. মোবাইলতে যদি সৱ পাই যায় গোটেই পৃথিৱীখন নিজৰ হাতৰ মুঠিত নহ’ল জানোঁ! গোটেই পৃথিৱীখনৰ ভাল বেয়া নিজৰ হাতৰ মুঠিত হ’লে মানুহবোৰ বিপথে যাবই কিন্তু। [২]
  15. মই খুব কম ক্লাছিফিকেচন কৰোঁ। যি কাম কৰোঁ সবেই ভাল লাগে মোৰ। সৱতে সমান নিষ্ঠা থাকে। This is my passion. মই কাম কৰি ভাল পাওঁ। আৰু অভিনয় বুলি নহয়, whatever I do it’s my passion. মই যিয়েই নকৰোঁ কিয় খুব passionately কৰোঁ। [২]
  16. show offটো যিমান বেছি হ’ব তুমি ৰিয়েল পৃথিৱী খনৰপৰা সিমানে আঁতৰি যাবা। আৰু এজন মানুহে যেতিয়া ষাঠি বছৰ চাকৰি কৰে, তেওঁ চাকৰিৰ সময়খিনিতে জানোঁ সব প্লেনিং নকৰে! চেভিংছ এনেকৈ জানোঁ নকৰে যে ষাঠি বছৰ পিছত মোৰ এইখিনি চেভিংছে মোক পেঞ্চনো দিব, এইখিনি চেভিংছ এটা সময়ত ঘূৰাই পামগৈ, তেনেকৈ দেখোন প্লেনিং কৰে! So why can’t we! আমাৰোতো এইখিনি working period! যদি মই দহ বছৰ সময় কাম কৰিছোঁ সেই দহ বছৰ মোৰ ৱৰ্কিং টাইম! দহ বছৰ পিছত মোৰ যিখিনি পাবলগীয়া আছে সেয়া মই এই দহ বছৰৰপৰাই উলিয়াব লাগিব। [২]
  17. প্ৰত্যেকজন মানুহে নিজৰ কৰ্মঠ অৱস্থাত নিজৰ উপাৰ্জন আৰু জমাৰ সামঞ্জস্য ঠিকে ঠাকে ৰাখি চলাটো উচিত। [২]
  18. ভ্ৰাম্যমাণক উদ্যোগ বুলি মই নকওঁ। উচিত শব্দটো বিচাৰি পোৱা নাই এতিয়া কি বুলি কওঁ। উদ্যোগ বুলি ক’বলৈ গ’লে বহুত বস্তুৰে প্ৰয়োজন হৈ যায়। আচলতে, এইটো এনেকুৱা এটা গণমাধ্যম যিটো মাধ্যমত অকল খিলঞ্জীয়া অসমীয়া মানুহখিনি জড়িত হৈ আছে। [২]
  19. আমি পৃথিৱীত যিমান পূণ্যৰ কাম কৰোঁ, suppose অমুক কৰিলোঁ, তমুক কৰিলোঁ, ভগৱানক পূজা-পাতল কৰিলোঁ, সেই আটাইবোৰৰ সমপৰ্যায় হৈছে তুমি যদি এজন মানুহক অন্তৰৰপৰা হঁহুৱাব পাৰা, তুমি যদি এজন মানুহক অন্তৰৰপৰা মনত অকণমান সন্তোষ দিব পাৰা। এজন মানুহে যদি তোমাক অন্তৰৰপৰা আশীৰ্বাদ দিয়ে, তাৰ সমতুল্য একো নাই। [২]
  20. মনৰ ভিতৰত এটা সাহস আছে যে মই পাৰিম আৰু ‘মই পাৰিম’ বুলি সেই সাহসটো থাকিলে কিন্তু নোৱাৰা কাম একো নাই। [২]
  21. বহুত বেছি পজিটিভ মানুহৰ সন্মুখত নিগেটিভিটি আহিলেও লাহে লাহে পজিটিভ হৈ হৈ গৈ থাকে, নিগেটিভিটিবোৰ আঁতৰি আঁতৰি গুচি য়ায়। [২]
  22. মই ভাবোঁ জীৱনৰ যিকোনো ভাল ঘটনা বা বেয়া ঘটনাৰপৰা আমি সদায় পজিটিভ ছাইডটো ল’ব লাগে। আমি নিগেটিভ এনাৰ্জিটোক কেনেকৈ পজিটিভ এনাৰ্জিলৈ কনভাৰ্ট কৰিব পাৰোঁ, সেইটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। [২]
  23. আমি যি কামেই নকৰো কিয়, খুউব যদি নিষ্ঠাৰে কৰোঁ, সেই নিষ্ঠাখিনিৰ মাজত এটা ৱৰ্চিপ সোমাই থাকে। এখন নাটকত অভিনয় কৰি থকা গোটেই সময়খিনি বা সেই আঢ়ৈ ঘণ্টা সময়খিনি হৈছে এটা ৱৰ্চিপ। I worship… the people in front of me are my God। তেওঁলোকে মোক যিখিনি এপ্ৰিচিয়েচন দিয়ে, সেইখিনি মোৰ কাৰণে হৈছে আশীৰ্বাদ। গতিকে সেই ষ্টাইলত বা সেইটো মানসিকতাৰে যেতিয়া মই কাম কৰোঁ তেতিয়া মোৰ ভিতৰত বহুত বেছি ধৈৰ্য আহি যায় আৰু সেই ধৈৰ্যখিনিয়ে মোক calm and quite কৰি ৰাখে, সেই ধৈৰ্যখিনিয়ে মোৰ সেই calm and quiteness টোক এটা সাংঘাতিক strength display কৰে মানুহখিনিৰ প্ৰতি। [২]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]