সমললৈ যাওক

প্ৰসেনজিৎ চৌধুৰী

ৱিকিউদ্ধৃতিৰ পৰা

প্ৰসেনজিৎ চৌধুৰী (ইংৰাজী: Prasenjit Chowdhury; জন্ম: ১৯ অক্টোবৰ, ১৯৮৬) এগৰাকী অসমীয়া যুক্তিবাদী লেখক, অধ্যাপক আৰু ইতিহাসৰ বস্তুনিষ্ঠ বিশ্লেষক।[১][২]ইতিহাস চৰ্চাৰ ক্ষেত্ৰত তেওঁ অগ্ৰণী ভূমিকা লৈ আহিছে। চৌধুৰী কৰ্মসূত্ৰে, ১৯৭১ চনত স্থাপিত, চাবুৱাৰ ডি ডি আৰ কলেজৰ (দাখাদেৱী ৰাচিয়াচিয়া মহাবিদ্যালয়) ইংৰাজী বিভাগৰ অধ্যাপক আছিল আৰু তাৰপৰাই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। চৌধুৰীয়ে ১৯৮৩ চনৰ পৰা ২০২২ চনলৈ প্ৰায় সাতাইশখন গ্ৰন্থ লিখি উলিয়াইছে আৰু পাঁচখন গ্ৰন্থ সম্পাদনা কৰিছে। তেওঁ ১৯৯৬ চনত ইন্দিবৰ দেউৰীৰ সৈতে যুটীয়াভাৱে ‘The Turbulent North-East’ শীৰ্ষক গ্ৰন্থখন লিখে। অসমীয়া আৰু ইংৰাজীৰ লগতে বঙালী ভাষাতো সমানে দখল থকা চৌধুৰীৰ ‘বাস্তৱ না বিভ্ৰম: অসমে বাংলা ভাষা প্ৰবৰ্তনেৰ ঐতিহাসিক উৎস সন্ধানে’ (২০১২), ‘ৰাম কথা’ (২০১৪), ‘মহাৰাষ্ট্ৰীয় নৱজাগৰণ: ব্ৰাহ্মণ্যবাদ-বিৰোধী আন্দোলন ও নাৰী জাগৰণেৰ এক অধ্যায়’ (২০১৪) আৰু ‘উনিশ শতক: অসম ও বাঙলা প্ৰসংগ’ (২০১৬) বাংলা ভাষাত ৰচিত গ্ৰন্থ। বিজ্ঞানমনস্ক, যুক্তিবাদী আৰু কু-সংস্কাৰ বিৰোধী চিন্তা-চৰ্চাৰ ক্ষেত্ৰত আগভাগ লোৱা অসমৰ মুষ্টিমেয় লেখকসকলৰ ভিতৰত চৌধুৰী অন্যতম। অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে তেওঁ বিভিন্ন কাকত আলোচনীত সৱল যুক্তিৰে বহু সংখ্যক প্ৰৱন্ধ-পাতি লিখিছে ।[১]অসমত যুক্তিবাদী আন্দোলনৰ প্ৰসাৰত এই লেখনিসমূহৰ বিশেষ অৱদান আছে। চৌধুৰী ডিব্ৰুগড় জিলাৰ স্থায়ী বাসিন্দা।

ৰামকথা

  1. ঐতিহ্য-সংৰক্ষণৰ নামত জাতভেদৰ দৰে অমানৱিক-অগণতান্ত্ৰিক ব্যৱস্থা এটা বাহাল ৰখাৰ কোনো যুক্তি থাকিব নোৱাৰে৷ [৩]
  2. যুক্তিবাদ/নিৰীশ্বৰবাদ পশ্চিমৰ পৰা আমদানি কৰা বিজতৰীয়া নতুন মতবাদ নহয়, ইয়াৰ বীজ নিহিত আছে আমাৰ সুপ্ৰাচীন বৌদ্ধিক উত্তৰাধিকাৰত৷[৪]
  3. প্ৰাচীন ভাৰতত কেৱল যজ্ঞাদি ধৰ্মীয় অনুষ্ঠানৰ উপলক্ষতেই নহয়, খাদ্য হিচাপেও গৰু হত্যা কৰা হৈছিল৷[৫]
  4. যি ৰাম তালুৰ পৰা তলুৱালৈকে পুৰুষতান্ত্ৰিক তেওঁ জানো আদৰ্শ স্বামী হ’ব পাৰে?[৬]
  5. ৰাজনৈতিক উদ্দেশ্যসিদ্ধিৰ স্বাৰ্থত পোনপটীয়াকৈ ৰামক ব্যৱহাৰ কৰাৰ কৌশল কুৰি শতিকাৰ উদ্ভাৱন৷ পিছে হিন্দু ধৰ্মৰ সম্প্ৰসাৰণ আৰু সংৰক্ষণৰ স’তে ৰামক যুক্ত কৰাৰ দৃষ্টান্ত ঊনৈশ শতিকাতো পোৱা যায়৷ [৭]
  1. ১.০ ১.১ শান্তনু কৌশিক বৰুৱা (ডিচেম্বৰ, ২০২০)। অসম ইয়েৰ বুক, ২০২১। গুৱাহাটী। জ্যোতি প্ৰকাশন, পৃষ্ঠা:৮৯৪। ISBN: 978-93-81485-82-8
  2. সংকলক আৰু সম্পাদক: নিতুল চাংমাই (নৱেম্বৰ, ২০২১)। ঈশ্বৰ (বিশ্বাস, যুক্তি আৰু বিজ্ঞান)। বান্ধৱ।
  3. ৰামকথা, শান্তি প্ৰকাশন প্ৰথম প্ৰকাশ, ডিচেম্বৰ, ২০১২, পৃষ্ঠা. ১৮.
  4. ৰামকথা, শান্তি প্ৰকাশন প্ৰথম প্ৰকাশ, ডিচেম্বৰ, ২০১২, পৃষ্ঠা. ২০.
  5. ৰামকথা, শান্তি প্ৰকাশন প্ৰথম প্ৰকাশ, ডিচেম্বৰ, ২০১২, পৃষ্ঠা. ৩০.
  6. ৰামকথা, শান্তি প্ৰকাশন প্ৰথম প্ৰকাশ, ডিচেম্বৰ, ২০১২, পৃষ্ঠা. ১২৭.
  7. ৰামকথা, শান্তি প্ৰকাশন প্ৰথম প্ৰকাশ, ডিচেম্বৰ, ২০১২, পৃষ্ঠা. ১৫৬.