সমললৈ যাওক

প্ৰফুল্ল কটকী

ৱিকিউদ্ধৃতিৰ পৰা

প্ৰফুল্ল কটকী (জন্ম: ১৯৩৪ – ২০১৮) একাধাৰে অসমৰ এগৰাকী সমালোচক, অনুবাদক, অধ্যাপক, গৱেষক আছিল। অসমীয়া অনুবাদ সাহিত্যত তেওঁৰ অৱদান যথেষ্ট। তেওঁ ১৯৫৮ চনত অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। আৰু তাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত প্ৰবক্তা হিচাপে যোগদান কৰে।[১]

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

তুলনামূলক সাহিত্য আৰু অনুবাদ বিচাৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. তুলনামূলক সাহিত্য প্ৰকৃততে সৃষ্টিশীল ৰচনাৰ এটা বিশেষ ভাগ বা শাখা নহয়। তুলনামূলক সাহিত্য বুলি কোনো বিশেষ প্ৰকাৰৰ সাহিত্য নাই। ই হ'ল সাহিত্যৰ তুলনামূলক বিচাৰ হে। এই দৃষ্টিৰে চালে ই সমালোচনাহে। পদ্ধতি বিশেষহে। কিন্তু ই এক লক্ষ্যও। বিশ্বৰ বিভিন্ন দেশৰ, বিভিন্ন কালৰ, বিভিন্ন ভাষাত ৰচিত মহৎ সাহিত্য কৰ্ম সমূহৰ লগত সম্যক পৰিচয় অৰ্ন্তদৰ্শী সমালোচকৰ বাবে নিতান্তই প্ৰয়োজনীয়। ইয়াৰ অভাৱত সমালোচনা ঠেকগণ্ডীৰ ভিতৰত কোঁচ খাই থাকে, একদেশদৰ্শী হয়, আৰু শ্ৰেষ্ঠতাৰ আদৰ্শও ই অনুধাবন কৰিব নোৱাৰে। [২]
  2. তুলনামূলক বিচাৰৰ নামত অবান্তৰ বা টুলুঙা বিষয়ৰ অনুসন্ধান কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। উদাহৰণস্বৰূপে, কালিদাসক ভাৰতৰ শেক্সপীয়েৰ বুলি অভিহিত কৰিব খোেজাটো বা ৰজনীকান্ত বৰদলৈক বা বঙ্কিম চন্দ্ৰক যথাক্ৰমে অসমৰ বা বংগদেশৰ স্কট বুলি অভিহিত কৰিবলৈ যোৱাটো তুলনামূলক সাহিত্যৰ নামত কৰা অৰ্থহীন অপচেষ্টা বা বন্ধ্যা শ্ৰম ব্যতিৰেকে আন একো নহয়। তুলনামূলক বিচাৰ কৰিবলৈ লোৱা বিষয় দুটাৰ মাজত প্ৰত্যয়জনক সাদৃশ্য থাকিব লাগিব। উপৰুৱা সাদৃশ্যৰ বাবেই বিষয় দুটাৰ তুলনামূলক বিচাৰ কৰিবলৈ লোৱাটো যুক্তিসিদ্ধ কথা হ'ব নোৱাৰে। তুলনামূলক সাহিত্যবিচাৰ সূক্ষ্ম হ'ব লাগিব; বিষয় বস্তুৰ মৰ্মস্থললৈ যাব পৰা হ'ব লাগিব; যি বিশেষ পৰিৱেশত একোখন গ্ৰন্থ ৰচিত হৈছিল তাৰো বুজ ল'ব পাৰিব লাগিব। ইয়াৰ বাবে এক খোলা, মুকলি মন আৰু উদাৰ দৃষ্টিভংগীৰ প্ৰয়োজন। [৩]
  3. তুলনামূলক সাহিত্যই সাহিত্যবিচাৰৰ পটভূমি বহল কৰে। যি কোনো সাহিত্যিক আদৰ্শ বা শৈলীৰ সাৰ্থকতা একাধিক ভাষাৰ সাহিত্যত তাৰ সফল প্ৰয়োেগ সাপেক্ষেহে পূৰাকৈ সাব্যস্ত হয় বুলি বহুতে বিশ্বাস কৰে। তুলনামূলক সাহিত্যই তেনে বিচাৰৰ সুযোগ দিয়ে৷ [৪]
  4. উপন্যাসৰ অনুবাদ কাব্যৰ অনুবাদতকৈ অপেক্ষাকৃত সহজ বুলি কোনো কোনোৱে ভাবে। কিন্ত এনে ধাৰণা সদায় সঁচা নহয়। চৰিত্ৰৰ মনোজগতৰ অৰ্ন্তদ্বন্দ্ব প্ৰতিফলিত হোৱা, উপলব্ধিৰ সূক্ষ্মতা অনুৰণিত হোৱা ভাবনিষ্ঠ উপন্যাসৰ অনুবাদ কৰাটো নিতান্তই টান কাম। উপন্যাস এখনৰ পাৰ্শ্বজগতখনো অনুবাদত উপযুক্তভাৱে ফুটাই তোলাটো কঠিন কাম। কোনো এখন পুথিৰ অনুবাদ মূলৰ ওচৰ ছপা হ'ব পাৰে। কিন্তু সেইবুলি তাক অনুৰূপ বুলি কোৱা নাযায়। [৫]
  5. কবিতাৰ অনুবাদৰ সম্ভাৱনীয়তাৰ সম্পৰ্কতো অনেক বাক-বিতণ্ডাৰ সৃষ্টি হৈছে। ইয়াতো অভিমতসমূহ বিচাৰ কৰি চালে দেখা যায় যে অধিকাংশ অভিমতেই দুই পক্ষ। উভয়পক্ষৰ এই সম্ভাৱনীয়তা নুই কৰে। অনূদিত কবিতা কবিতাই নহয় বুলিও কোনো কোনো লোকে মত প্ৰকাশ কৰা দেখা হৈছে। [৬]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক | উৎস সম্পাদনা]