প্ৰদীপ বৰুৱা
অৱয়ব
প্ৰদীপ বৰুৱা অসমৰ এগৰাকী প্ৰসিদ্ধ লেখক আৰু সাংবাদিক।[১] প্ৰান্তিক আলোচনীৰ সৈতে তেওঁ জন্মলগ্নৰে পৰা জড়িত।[২]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মই মানুহটো অকণমান গোঁৱাৰ। মই সেইকাৰণে বহুতৰ লগত মিলি কাম কৰাতো সম্ভৱপৰ নহয়। মই নিজে যি বিচাৰোঁ, নিজে যি ভাবোঁ, সেইধৰণে কাম কৰিব বিচাৰোঁ।[১]
- অসমত যিমান আলোচনীৰ মৃত্যু হৈছে, সেই গোটেইখিনি থকা হ'লেতো আজি কথাই নাছিল। অৱশ্যে ইমান আলোচনীৰ প্ৰয়োজনো নাই। বৰ বেছি হ'লেই যে ভাল হ'ব সেইটো নহয়।[১]
- প্ৰান্তিকত প্ৰথমৰ পৰাই আমি মাননি দিওঁ আৰু লেখক-লেখিকাক মাননিটো সসন্মানে দিওঁ। কোনেও মোৰ লেখা এটা ওলাইছিল মোক পইছা দিব নেকি বুলি ভাবিব নালাগে, বহুসময়ত সংখ্যাটো ডাকযোগে তেখেতে পোৱাৰ আগতেই ই মানী অৰ্ডাৰৰ জৰিয়তে পইছা পাই যায়। [১]
- আমাৰ ভাষা শুদ্ধিৰ গুৰিতেই হ'ল ভবেন শইকীয়া ছাৰ। মানুহে কয় শুদ্ধ ভাষা শিকিবৰ বাবে প্ৰান্তিক পঢ়িব লাগে। সেই বস্তুটো শইকীয়া ছাৰে কৰি থৈ গ'ল। [১]
- আমি পঢ়ুৱৈৰ পৰা ত্ৰিচ টকা লওঁ, তাৰ বিনিময়ত তেওঁ যদি কিনা হাঁহৰ ঠোটলৈকে মঙহ বুলি খাবলৈ নাপায়, তেন্তে সেয়া অন্যায় কৰা হ'ব। সেয়ে জটিল বিষয়টোও সৰলভাৱে লিখাৰ ওপৰত গুৰুত্ব দিয়া হয়। কাৰণ সকলো বিষয়টো সকলো মানুহে পঢ়িব নোৱাৰে।[১]