সমললৈ যাওক

প্ৰতিভাৰ উৎস (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

প্ৰতিভাৰ উৎস অসমীয়া ভাষাত ৰচিত এখন অনুপ্ৰেৰণামূলক প্ৰবন্ধৰ সংকলন। কিতাপখন লিখিছে গণিত চ’ৰাৰ প্ৰতিষ্ঠাপক সম্পাদকদ্বয়ৰ এজন পংকজ জ্যোতি মহন্তই। এইখন লেখকৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থ।[]

  1. অভিযাত্ৰী বুলিলে দুঃসাহস, দৃঢ়তা, তাৎক্ষণিক প্ৰত্যাহ্বান গ্ৰহণ, অন্বেষণৰ স্পৃহা আদিত অসাধাৰণ ৰূপ দেখুওৱা কিছুমান মানুহৰ ছবি আমাৰ মনলৈ আহে। []
  2. তাৎক্ষণিকভাৱে সমুখলৈ অহা প্ৰত্যাহ্বানত, লগত থকা সমলখিনিৰ পৰাই সম্পূৰ্ণ নতুন এটা আৰ্হি গঢ়ি তোলাত বা নতুন কিবা এটা সৃষ্টি কৰাত কিছুমান মানুহে বিশেষ ক্ষমতা দেখুৱায়। []
  3. এনেধৰণৰ মানুহবোৰ, যিসকলে নিজত্বৰ চাপ ৰাখি থৈ যাব পাৰে; পুৰণি প্ৰথাৰ বোজাক অতিক্ৰমী স্থবিৰতা ভাঙি নতুন আৰ্হি গঢ়িব পাৰে - তেওঁলোকৰ কিছুমান আচৰণগত, স্বভাৱগত বৈশিষ্ট্য থাকে। মানুহৰ পৃথক পৃথক ৰাপ থকাৰ জৈৱিক কাৰণ আজিও ৰহস্য। কিন্তু সেই ৰাপসমূহ প্ৰয়োজন মতে বৰ্তাই ৰাখি কিবা এটা সমাধা কৰাৰ আঁৰৰ গুণসমূহ নিজেহে আয়ত্ব কৰিব লগা হয়।[]
  4. সকলো মানুহে যুগান্তকাৰী কাম কৰিব নোৱাৰে; কিন্তু এনে গুণ আয়ত্বৰ চেষ্টা কৰিলে সকলোৱেই নিজৰ কিছু অৱদান সমাজলৈ দি যাব পাৰে।[]
  5. আমি প্ৰত্যেকেই 'দেবদাস' চাই ভাল পাওঁ, কাৰণ চিনেমাখন চালে আমি আমাৰ নিজৰ মাজত সোমাই থকা দেবদাসটোক এবাৰ লগ পাওঁ, আৰু কিছুদিনলৈ তাক বশ কৰি ৰখাৰ আমি এটা সুযোগ পাওঁ। []
  6. দেবদাসে যি আৱেগেৰে নিজক ধ্বংসৰ মুখলৈ লৈ গৈছিল, সেই একেই আৱেগেৰে তেওঁ নিজক এজন সৃষ্টিশীল মানুহলৈ ৰূপান্তৰ কৰিব পাৰিলেহেঁতেন। ইমান বিধ্বংসী আৱেগ! খোজ নচলাকৈ সুৰাৰ ৰাগীত মাতাল হৈ থকা দেবদাস আচলতে তাতকৈও শতগুণ অধিক মাতাল হৈ আছিল ভাৱনাৰ ৰাগীত! আৰু সেই ভাৱনাৰ ৰাগীক যদি এজন মানুহে নিজে সৃষ্টিশীলতালৈ ৰূপান্তৰিত কৰিব বিচাৰে, তেন্তে তেওঁ নিজকে কোনেও বাধা দিব নোৱৰা এজন প্ৰাচুৰ্যময়, উৎপাদনক্ষম মানুহলৈ ৰূপান্তৰ কৰি তুলিব পাৰে। সাংঘাতিক সৃষ্টিশীল মানুহত পৰিণত নকৰিলেও, সেই সামান্য ইচ্ছাৰেই তেওঁ নিজকে ধ্বংসৰ মুখৰ পৰা সম্পূৰ্ণ ১৮০ ডিগ্ৰী ঘূৰাই এজন 'গঢ়ি তোলা মানুহ'ত পৰিণত কৰিব পাৰে। []
  7. হাহাকাৰ কৰি জুৰুলা হৈ নিজক ধ্বংস কৰি দিয়া আৰু কোনো সৃষ্টিশীলতা নথকা দেবদাস মুখাৰ্জীৰ মূল্যহীন জীৱনটোতকৈ ফাইনমেনৰ নিজক গঢ়ি তোলা বা সৃষ্টিশীলতাৰে নিজক বা সমাজক উজ্জীৱিত কৰি তুলিবলৈ যত্ন কৰা জীৱনটো নিশ্চয়কৈ এক আদৰ্শ। []
  8. সহজাত দক্ষতাতকৈ কিবা এটা কৰাৰ হাবিয়াস আৰু নিজৰ দক্ষতাখিনি কৰ্ষণ কৰি তাক উচ্চতম পৰ্যায়লৈ নিয়াৰ চেষ্টায়েই কিবা এটা খুব ভালকৈ কৰিব পৰা এজনৰ পৰা কৰিব নোৱৰা এজনক পৃথক কৰি তোলে। []
  9. বহু দক্ষতা থাকিও সুতীব্ৰ স্পৃহা আৰু সংকল্পৰ অভাৱত পুলুকা মৰাজনতকৈ সাধাৰণজনেই দৃঢ়ভাৱে ব্ৰতী থাকি নিজেই সম্ভৱ বুলি নভবা কাম এটাৰো স্বপ্নাতীত ফলাফল আহৰণ কৰিব পাৰে। [১০]
  10. ৱেব প্ৰযুক্তিৰ লগত জড়িত প্ৰতিভাশালী অভিযন্তা, কম্পিউটাৰ বিজ্ঞানী আদিক নিলগাই আন মানুহৰ কৰ্তব্য হ’ল সময়ৰ লগে লগে আগবাঢ়ি অনুজ প্ৰজন্মৰ বাবে আৰু নিজৰ সভ্যতাৰ বিষয়ে বিশ্বক সম্ভেদ দিবৰ বাবে ৱেবক তথ্যবস্তুৰে সমৃদ্ধ কৰা। [১১]
  11. নিজৰ অৱয়ব তথা চেহেৰাক লৈ কৰা অসন্তুষ্টিয়ে একোজন মানুহৰ বিদ্যায়তনিক সফলতা-বিফলতাৰ পৰা আৰম্ভ কৰি স্বাস্থ্য, আচৰণ, সামাজিক ক্ষেত্ৰত অৱদান আগবঢ়োৱাৰ দক্ষতা, বিভৎস অনুৰাগেৰে কৰা আত্ম-আঘাত আদিলৈকে প্ৰভাৱ বিস্তাৰ কৰে। [১২]
  12. আমাৰ নোহোৱা হৈ যোৱা কিবা এটাৰ লগত জড়িত ঘটনাটোৱে বাকী থকাবিলাক ধ্বংস কৰি নেপেলায়; থকাবিলাক ধ্বংস কৰি পেলাও আমি নিজে নিজেহে বা সেই ঘটনাটোৰ প্ৰতি লোৱা ভুল মনোভংগীৰেহে। ইতিমধ্যে হেৰাই যোৱাটোতেই সমস্ত সুখ নিহিত আছিল বুলি ধৰি ল’লে সকলোৰে শেষৰ পিনেই যাত্ৰা কৰা যেন হৈ পৰে। এনে কথাত সামাজিক উপাদান কিছুমানেও কেতিয়াবা নিজক বচোৱাত সহায় কৰে বা কেতিয়াবা জটিলতা বৃদ্ধি কৰি তোলে।[১৩]
  13. মানুহৰ বিবিধ শ্ৰম, আৰ্থিক সহায়ৰ উপযুক্ত ব্যৱস্থা, আমাৰ সমাজ একোখনৰ নিজৰ সামূহিক সামৰ্থ্য উপযুক্ত কামত খটুওৱাৰ মানসিকতা – এইবোৰেহে উন্নত সুবিধা সকলোৱে পোৱাৰ বাট মুকলি কৰিব।[১৪]
  14. আমাৰ কিছুমান দুৰ্বলতাই উদঙীয়া গৰুৰ দৰে আহি সৱলতাৰ কঠীয়াবোৰ লণ্ডভণ্ড কৰি পেলায়। একোজন উৎপাদনশীল মানুহ হ’বলৈ সেই দুৰ্বলতাসমূহ বেৰাৰে আবদ্ধ কৰাৰ সূক্ষ্ম কৌশল শিকিব লগা হয়। [১৫]
  15. দেখা যায় যে, কিছুমান ছাত্ৰ-ছাত্ৰীয়ে অকণমান কঠিন সম্পাদ্য একোটা সমাধান কৰি ডাঙৰ তত্ত্ব একোটা বাহিৰ কৰি পেলোৱা বুলি কল্পনা কৰিবলৈ আৰম্ভ কৰি দিয়ে আৰু তেওঁলোকে ইমান ডাঙৰ আৱিষ্কাৰ কৰিও স্বীকৃতি নাই পোৱা বুলি নিজাকৈ কিছুমান হতাশা বা ক্ৰোধ সৃষ্টি কৰি লৈ (নিজৰে) অনিষ্ট সাধন কৰে।[১৬]
  16. এটা সৰু কঠিন সমস্যা সমাধান কৰিব পাৰিছে মানে তেওঁলোকৰ কিছু দক্ষতা আছে, গতিকে তাৰ পৰা অধিক দক্ষতা বৃদ্ধি কৰিবলৈ, উচ্চতম বস্তুবিলাক আয়ত্ত কৰিবলৈ পদ্ধতিগত প্ৰচেষ্টা নেৰানেপেৰাকৈ চলাই যোৱাটোহে প্ৰয়োজনীয়। [১৭]
  17. জুবিন গাৰ্গৰ ‘মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি’ গীতটোৰ কোনো কোনো একোটা অংশই আমাক সোঁৱৰাই দিয়ে জোকাৰি ছেদেলি-ভেদেলি কৰি ভাঙি-ছিঙি পেলাই দিব খোজা পৰিস্থিতিতো বজ্ৰ কঠিন স্তম্ভৰ দৰে মূৰ দাঙি ৰ’ব পৰা প্ৰচণ্ড দৃঢ়তা আহৰণ কৰিবলৈ; আৰু সোঁৱৰাই দিয়ে ডাঠ তমসাৰ মাজেৰে সৰকিব লগা হৈও ভাগি নিৰুদিষ্ট নহৈ উদ্ভাসিত হৈ উঠিবলৈ। [১৮]
  18. জুবিন গাৰ্গৰ সাধনাৰ কাহিনীবিলাক বিতৰ্কৰ ধূলিময় বতাহত তল পৰি থাকে, অথচ যিবোৰে সকলো শ্ৰেণীৰ মানুহকে নিজৰ নিজৰ কৰ্মত সম্পূৰ্ণ নিবিষ্ট হৈ সুচাৰুৰূপে একোটা কাম সম্পাদন কৰাৰ মনোবৃত্তি আহৰণৰ শিক্ষা দিব। ধুমুহা জয় কৰি যি একাগ্ৰতা, উৎসৰ্গ মনোবৃত্তি, উন্মেষ হ’ব খোজা সৃষ্টিৰ পূৰ্ণ প্ৰকাশ নোহোৱালৈকে মগ্ন থকাৰ অসীম ধৈৰ্য, অদম্য স্পৃহাই তেওঁক গঢ়িছে তাৰ উদাহৰণ বহুত। আজি হাজাৰ হাজাৰ গান গাবলৈ এজন মানুহে সমুখলৈ অহা গানটো তৎক্ষণাত শিকিব পৰা হ’ব লাগিব। তাৰ বাবে সহজাত প্ৰতিভাৰ উপৰি লাগে কৰ্মত লিপ্ত থকাৰ অসীম ধৈৰ্য। সেইখিনি সাধনাৰে অৰ্জন কৰাৰ বাবেই তেওঁ একেদিনাই কুৰিৰো অধিক গান ৰেকৰ্ড কৰিব পাৰিছে। [১৯]
  19. সকলোৰে অভিজ্ঞতা চূড়ান্ত পৰ্যায়ৰ নহ’লেও, সকলোৱে জটিলভাৱে ভুক্তভোগী নহ’লেও, সমাজখন কিন্তু কাৰোৱেই অপৰিচিত নহয়। [২০]
  20. যেতিয়াই কোনোবাই বা কাৰোবাৰ সৃষ্টিয়ে মনত হেঁপাহ, আস্থা বা প্ৰেৰণা যোগাই তুলিব পাৰে, তেতিয়া তেওঁৰ প্ৰতি অনুৰাগ কেতিয়াও শেষ হৈ নাযায়।[২১]
  21. আমাৰ সমাজ চিন্তকসকলে দেশখনত এটা বৌদ্ধিক বিপ্লৱ, এটা বৌদ্ধিক আন্দোলনৰ প্ৰয়োজনীয়তাৰ কথা সততে প্ৰকাশ কৰে। যি বিপ্লৱে মানুহবোৰক নিজৰ কৰ্তব্যৰ প্ৰতি সচেতন কৰি তুলিব, ৰাজনৈতিক বাতাৱৰণ সুস্থ কৰি তুলিব, অন্বেষণৰ স্পৃহা প্ৰৱল কৰি তুলিব, জ্ঞান চৰ্চাৰ ন ন দুৱাৰ মুকলি কৰিব, আৰু সমানে সমানে মানুহৰ জীৱনধাৰাও সলনি হৈ পৰিব…। এনে বিপ্লৱৰ বুনিয়াদ গঢ় লওঁতে বহু দশক লাগি যায় আৰু সেই বুনিয়াদ গঢ়ি উঠে কিছুমান মানুহে নিজ কৰ্মৰে তেনে এক আদৰ্শ দেখুৱাবলৈ লোৱাৰ মাজেৰে। [২২]
  22. যিকোনো ক্ষেত্ৰতেই, একেবাৰেই একো নথকাৰ পৰা আৰম্ভ কৰি, অহৰহ ব্ৰতী থাকিলে এটা সময়ত সিয়েই এটা বিৰাট সৃষ্টিত পৰিণত হ’বগৈ পাৰে। [২৩]
  23. দূৰ-সময়ত উপনীত হ’বলগীয়া একোটা লক্ষ্যৰ পিনে যাত্ৰা কৰোঁতে ধৈৰ্য, সহ্য-শক্তিৰ পৰীক্ষা হয়। তাৰ বাবে অধ্যৱসায় আৰু লক্ষ্যটোৰ প্ৰতি সদায় অনুৰাগ ৰখাটো প্ৰয়োজন, যিটো দৃঢ়তাৰ ওপৰত নিৰ্ভৰশীল। [২৪]
  24. সামান্য দূৰত্ব তেজত্বৰে যোৱাটো দৃঢ়তা নহয়, বৰং দীঘলীয়া সময় পূৰ্ণবেগ দৌৰণ ধৰি ৰাখিব পৰাটোহে দৃঢ়তা। তীক্ষ্ণতাই যে এজন মানুহক দৃঢ় কৰে তাৰ কোনো নিশ্চয়তাই নাই! প্ৰকৃততে, তীক্ষ্ণতাৰ লগত দৃঢ়তাৰ সম্পৰ্ক সম্পূৰ্ণ দূৰতৰহে হ’ব পাৰে। বাৰে বাৰে বিফলতাৰ পাছতো দূৰৱৰ্তী লক্ষ্য একোটাৰ প্ৰতি দৃষ্টি ৰাখি অভীষ্ট লক্ষ্যত উপনীত হ’বলৈ তীক্ষ্ণতাতকৈ দৃঢ়তাৰ বেছি প্ৰয়োজন। [২৫]
  25. ভৱিষ্যতে কৰিবলগীয়া কামৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মনত অনুপ্ৰেৰণা গঢ়ি তুলিবলৈ, বিফলতাৰ পাছতো লক্ষ্যভ্ৰষ্ট নহ’বলৈ সমাজ-সংস্কৃতিয়ে এটা দৃঢ়তাপূৰ্ণ পৰিৱেশ গঢ়িব লাগিব। সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰ মাজত কষ্টসহিষ্ণুতা, ভৱিষ্যতলৈ দৃষ্টি দিব পৰা অদম্য মানসিক শক্তি আৰু প্ৰয়োজনীয় একো একোটা বিষয়বস্তুত গাঢ়তম ৰাপ ৰাখিব পৰাআদি গুণসমূহ বিকাশ হ’ব লাগিব।[২৬]
  26. বহু শিক্ষকে বিষয় একোটা শিকাব নোৱৰাৰ কাৰণ বহু সময়ত তেওঁলোকে বিষয়টো নজনাটো নহয়; কেতিয়াবা এনে হয় যে নজনাটো তেওঁলোকে নিজে কেনেদৰে শিকিছিল সেইটো পাহৰি যায় বা নিজে কেনেকৈ শিকিছিল সেইটো আনক শিকাব নোৱৰা বাবে ভাল শিক্ষক হৈ উঠিব নোৱাৰে। [২৭]
  27. নিজে কেনেদৰে শিকিছিল সেইটো মনত পেলাই আনক শিক্ষা দিব পৰাটোও এটা কলা। [২৮]
  28. একোজন সফল মানুহৰ বিফলতাসমূহো সফলতাৰ সমানে চৰ্চিত হয়। বিফলতাসমূহো লোকচক্ষুত অহৰহ জিলিকি থকা হয়। তেওঁলোকৰ অতি সাধাৰণ আচৰণ একোটাও অলেখ মানুহে খুঁচৰি ফুৰে। তাৰ বাবে সফলতাই আনি দিয়া অসাধাৰণ সংখ্যক অনুৰাগী মাজতো বিফলতাই দিয়া বোজা তেওঁলোকৰ বাবে সাধাৰণ মানুহতকৈ বেছি হৈ পৰে। এইসমূহৰ মাজত সন্তুলন ৰক্ষা কৰি চলাটো বেছ কষ্টকৰ। তেওঁলোকৰ নিজা জীৱনটোতো সদায়েই সাধাৰণজনৰ দৰে কষ্ট-হতাশা থাকে। [২৯]
  29. যদি আপুনি এটা চমৎকাৰ বিচাৰি থাকে, আপুনি কোনোপিনে উপনীত হ’বগৈ নোৱাৰে। কিন্তু যদি আপুনি স্বজ্ঞাৰ সন্ধান কৰি থাকে, যিটো নেকি শত ধৰণে অনুমান কৰাৰ নামন্তৰ মাথোঁ, আৰু আপুনি বাস্তৱবুদ্ধিসম্পন্ন হয়, যেনে ধৰক, আচলতে কোনো প্ৰকৃত স্বজ্ঞা নাই বুলি বুজে, তেতিয়া আপুনি অৰ্ধশতটা যথেষ্ট ভাল পথ পাব। [৩০]
  30. বিষণ্ণতাও বহু সময়ত একোটা শাৰীৰিক ৰোগৰ লক্ষণহে হ’ব পাৰে। [৩১]
  31. মানসিক চাপৰ ফলত যিমান মানুহৰ মৃত্যু হয়, মানসিক চাপে বেয়া প্ৰভাৱ পেলাব বুলি ভাবি থকা মানুহৰ তাতকৈ বেছি মৃত্যু হয়।মানসিক চাপৰ প্ৰতি আপোনাৰ মনোভাৱ সলনি কৰি আপোনাৰ শৰীৰটোত সেই চাপে পেলোৱা প্ৰভাৱকো আপুনি সলনি কৰি পেলাব পাৰে।[৩২]
  32. মানুহে কম হাঁহি মৰাৰ কাৰণ বহু সময়ত দুখ, দুৰ্দশা, গভীৰ চিন্তা-চৰ্চাত ব্যস্ততা, পৰিশ্ৰম, আতংক আদি একোৱেই নহয়; বৰং সামান্য সচেতনতাৰ অভাৱহে বহুতৰ বাবে ইয়াৰ প্ৰকৃত কাৰণ। [৩৩]
  33. অতি আত্মবিশ্বাসী, দুঃসাধ্য সাধন কৰা বা দুঃসাধ্য সাধন কৰিবলৈ কৰ্মোদ্যমী হৈ উঠা, বিশেষ কৰ্মত আনক নেতৃত্ব দিয়া, কষ্টসাধ্য কাম কৰি সুখী হোৱা – এনে মানুহবোৰৰ দেহভংগীত, শাৰীৰিক অভিব্যক্তিত, চাল-চলনত এক প্ৰাণৱন্ত ৰূপ দেখিবলৈ পোৱা যায়। তেওঁলোকৰ শাৰীৰিক আচৰণৰ পৰা একোটা শক্তি প্ৰকাশ হৈ থাকে।[৩৪]
  34. অস্বাভাৱিক মুহূৰ্তত বা আমি সংকোচ কৰা মুহূৰ্তত সচেতনতাৰে গভীৰ উশাহ ল’লে অপৰিমিত চিন্তা মনৰ পৰা আঁতৰাই একনিষ্ট চিন্তা কৰাত সহায় হয়।[৩৫]
  35. সমাজত ঋণাত্মক কথাবোৰ সঘনাই চৰ্চা হৈ থকা বা বিভিন্ন ব্লগ, ফ’ৰাম, ছ’চিয়েল নেটৱৰ্ক আদিত প্ৰয়োজনাধিক প্ৰতিক্ৰিয়া হোৱাৰ কাৰণটোও ব্যক্তিসকলৰ নিজৰ মনৰ ঋণাত্মক ভাৱনাক নিয়ন্ত্ৰণ কৰিব নোৱৰাটোৱেই। পুৰণা ভাৱনাৰ পুনৰাবৃত্তিৰ বাবেই কঠোৰ পৰিশ্ৰম নকৰা কবি-লেখকসকলৰ আজিৰ লেখা এটাত এসপ্তাহৰ আগৰ লেখা এটাৰ ভাৱৰ সৈতে প্ৰায়েই পাৰ্থক্য দেখা নাযায়।[৩৬]
  36. বিফলতা বা কাৰোবাৰ অন্যায় বা কাৰোবাৰ প্ৰত্যাখানেও আপোনাক কেতিয়াবা পূৰ্বৰ তুলনাত বহুদূৰ আগুৱাই যোৱাত সহায়হে কৰে। [৩৭]
  37. আকাশৰ চৰাইবোৰে যুগ যুগ ধৰি মানুহক কেৱল সিহঁতৰ সীমা অতিক্ৰম কৰি আকাশ পাৰ হৈ যাবলৈও হাবিয়াস দিছে। সিহঁতে মানুহক সুখী হোৱাৰ, উদ্যমী হোৱাৰো হাবিয়াস দিছে। [৩৮]
  1. পংকজ জ্য়োতি মহন্ত (নৱেম্বৰ,২০১৭)। প্ৰতিভাৰ উৎস। সঞ্জীৱন প্ৰকাশন।
  2. পাতনি পৃষ্ঠা
  3. পাতনি পৃষ্ঠা
  4. পাতনি পৃষ্ঠা
  5. পাতনি পৃষ্ঠা
  6. পৃষ্ঠা ২
  7. পৃষ্ঠা ৪
  8. পৃষ্ঠা ১০
  9. পৃষ্ঠা ১৬
  10. পৃষ্ঠা ১৬
  11. পৃষ্ঠা ৩৬
  12. পৃষ্ঠা ৩৮
  13. পৃষ্ঠা ৪৬
  14. পৃষ্ঠা ৫৯
  15. পৃষ্ঠা ৭২
  16. পৃষ্ঠা ৭৮
  17. পৃষ্ঠা ৭৯
  18. পৃষ্ঠা ৮৫
  19. পৃষ্ঠা ৮৮
  20. পৃষ্ঠা ৯৪
  21. পৃষ্ঠা ৯৪
  22. পৃষ্ঠা ৯৭
  23. পৃষ্ঠা ১০৫
  24. পৃষ্ঠা ১২৬
  25. পৃষ্ঠা ১২৬
  26. পৃষ্ঠা ১২৭
  27. পৃষ্ঠা ১৩৪
  28. পৃষ্ঠা ১৩৪
  29. পৃষ্ঠা ১৩৬
  30. পৃষ্ঠা ১৪০
  31. পৃষ্ঠা ১৪২
  32. পৃষ্ঠা ১৪৩
  33. পৃষ্ঠা ১৪৫
  34. পৃষ্ঠা ১৪৫
  35. পৃষ্ঠা ১৪৬
  36. পৃষ্ঠা ১৫০
  37. পৃষ্ঠা ১৫১
  38. পৃষ্ঠা ১৫৯