প্ৰণৱ কুমাৰ বৰ্মন
অৱয়ব
প্ৰণৱ কুমাৰ বৰ্মন হৈছে অসমৰ এগৰাকী কবি, ঔপন্যাসিক। [১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- বেলেগ, অন্য কামৰ বাবে প্ৰয়োজনীয় ধৈৰ্য, শিকাৰ আগ্ৰহ আৰু যোগ্যতা নাই বাবেই কবিতাকে জীৱন বুলি গ্ৰহণ কৰিছোঁ৷ [১]
- য’ত বিপ্লৱৰ বাবে সমাজ উন্মুখ তাত কবিতা সমাজ পৰিৱৰ্তনৰ কাৰক হৈ পৰে৷ [১]
- কবিতা মানৱ মনৰ স্বতঃস্ফূৰ্ত ভাৱনাৰ নৱ-নিৰ্মাণ৷[১]
- কবিতাক অধিক গ্লেমাৰাছ কৰা হৈছে বাবে গান গোৱা, ফুটবল খেলা, যোগা কৰা এইবোৰৰ প্ৰতি আগ্ৰহী নহৈ কবিতাৰ প্ৰতি ধাপলি মেলিছে বৃহৎ সংখ্যকে৷ কিন্তু ভাষাটোৰ স্বাৰ্থত এই কথা শুভ বুলিয়ে মই বিশ্বাস কৰোঁ৷ কবিতাৰ ক্ষেত্ৰত সামান্য ক্ষতিকাৰক হ’ব পাৰে৷[১]
- সকলো মাধ্যমৰ নিজস্ব ভূমিকা আৰু আস্থা-বিশ্বাসযোগ্যতাৰ কথা আছে৷[১]
- পাঠকৰ চিত্ত আলোড়িত কৰা লেখকৰ সংখ্যা কমিছে, সেইবাবেহে কিতাপৰ বিক্ৰী কমিছে৷ পাঠকে সকলো লেখকৰ কিতাপ কিনিবলৈ বাধ্য নহয়৷[১]
- মোৰ ভিতৰতো এখন নৰক আছে৷[১]
- পুৰুষতকৈ নাৰীৰ চেতনাৰ জগত অধিক বিচিত্ৰ।
- প্ৰেম সভ্যতাৰ সৰ্বোত্তম আৱিষ্কাৰ – মহত্তম অনুভূতি। প্ৰেম চিৰন্তন। প্ৰতিবাদ পেৰেষ্ট্ৰাইকাৰ নিচিনা।[১]
- মই কাকো সুখী কৰিব নোৱাৰো। মই কাৰো প্ৰতি দায়িত্বশীল হ'ব নোৱাৰো। মই একো এটাকে কৰিব নোৱাৰো কাৰো বাবে। মই মাথোঁ মোক লৈ খেলিব জানো। মই নিজেই নিজৰ ক্ৰীড়নক। (কলকাতাৰ বেশ্যা দিল্লীৰ বৰষুণ, পৃষ্ঠা: ৮৭)
- এই পৃথিৱীত পুৰুষৰ বাবে আটাইতকৈ আকৰ্ষণীয় চৰিত্ৰ হৈছে বেশ্যা।
(কলকাতাৰ বেশ্যা দিল্লীৰ বৰষুণ, পৃষ্ঠা: ১০৭) - কবিতাই মোক পৰিচয় দিলে। নাম দিলে।
কবিতাই মোক শত্ৰুৰ আক্ৰমনৰ লক্ষ্য কৰিলে। দৰিদ্ৰ কৰিলে।
কবিতা এদিন জীয়াই থকাৰ পথ আছিল।
কবিতা এতিয়া মৃত্যুৰো দিক্ নিৰ্দেশক হ'ল। বিচিত্ৰ।
(কলকাতাৰ বেশ্যা দিল্লীৰ বৰষুণ, পৃষ্ঠা: ১৬৩) - আমাৰ চুলি দীঘল হয়। দাঢ়ি দীঘল হয়। ওঁঠত চিগাৰেট ওলমে। আমাৰ নৈৰাশ্য আমাৰ ব্যক্তিগত নহয়- সামাজিক কাৰণতে মূলতঃ ওপজে। নৈৰাশ্যৰ গড়ৰ ভিতৰত আমি যাপন কৰো যন্ত্ৰণা দগ্ধ জীবন।
(কলকাতাৰ বেশ্যা দিল্লীৰ বৰষুণ, পৃষ্ঠা: ১৭১) - বহু বছৰ পিচত:
মই দেখি আছো
দাৰ্জিলিঙৰ বৰফবোৰৰ দৰে তোমাৰ চুলিবোৰ বগা হৈ গৈছে
সেই চুলিৰে বাৰিষা নামে বুলি মোৰ কঁপা হাতেৰে
কিদৰে লিখিম কবিতা
জাপ জাপ সোঁৱৰণিৰ জপা খুলি
মোৰ কান্দিবলৈ মন গৈছে!
(জালুকবাৰীৰ ডায়েৰী অথবা শংখলীনাৰ পদ্য, পৃষ্ঠা: ৪৬) - এই ভুল জীৱনৰ ভুল। দেউতা, মাক প্ৰথম দেখি
ৰাতি তুমি কিবোৰ ভাবিছিলা।
জীৱনৰ এপাহ মাত্ৰ সৰি নপৰা ফুল!
(এ প্লাছ বি হোল স্কুৱেৰ, মনত পৰেনে অৰুন্ধতী? পৃষ্ঠা: ১০১)
