প্ৰজ্ঞাৰ সাধনা (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

প্ৰজ্ঞাৰ সাধনা হোমেন বৰগোহাঞিৰ এখন গ্ৰন্থ।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. নৈতিক অৰ্থত জীৱনৰ লক্ষ্য হ'ল মানুহৰ সেইবোৰ গুণৰ বিকাশ সাধন কৰা— যিবোৰ গুণে মানুহক ব্যক্তি হিচাপে এজন আদৰ্শ মানুহ আৰু সমাজৰ সদস্য হিচাপে এজন আদৰ্শ নাগৰিক হোৱাত সহায় কৰে।
  2. জীৱনত সুখী হোৱাৰ আৰু সফল হোৱাৰ একমাত্ৰ উপায় হ'ল কিবা এটা লক্ষ্য ঠিক কৰি লৈ সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰা। লক্ষ্যত উপনীত হ'ব নোৱাৰিলেও কোনো ক্ষতি নাই। কিবা এটা উদ্দেশ্য আগত ৰাখি কৰা কঠোৰ পৰিশ্ৰমেই জীৱনটো অৰ্থ-পূৰ্ণ কৰি তুলিব আৰু চৰিত্ৰক গঢ় দিব।

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]