পূৰ্ণিমা দেৱী বৰ্মন
অৱয়ব
পূৰ্ণিমা দেৱী বৰ্মন হৈছে অসম, ভাৰতৰ প্ৰসিদ্ধ প্ৰকৃতিবিদ আৰু সংৰক্ষণবিদ।[১] বিলুপ্তপ্ৰায় হাড়গিলাৰ শৃংখলাবদ্ধ সংৰক্ষণৰ ক্ষেত্ৰলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৰিহণাৰ বাবে তেওঁ বিশেষভাৱে জনাজাত। তেওঁ হাড়গিলা বাইদেউ হিচাপে পৰিচিত৷ পূৰ্ণিমা দেৱী বৰ্মনে হাড়গিলাৰ সংৰক্ষণৰ বাবে গাঁৱৰ মহিলাসকলক একত্ৰিত কৰি হাড়গিলা আৰ্মী নামৰ এটি দল গঠন কৰিছে৷ হাড়গিলা আৰ্মী হৈছে কেৱল মহিলা স্বেচ্ছাসেৱকৰ দ্বাৰা সংগঠিত এক বাহিনী৷ হাড়গিলাৰ সংৰক্ষণৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৭ চনৰ গ্ৰীণ অস্কাৰ[২] বঁটা প্ৰদান কৰা হয়। ভাৰত চৰকাৰে তেওঁক ২০১৮ চনৰ নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰে৷[৩]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মই অনুভৱ কৰিলোঁ যে মোৰ শিক্ষা, মোৰ ডিগ্ৰীৰ একো অৰ্থ নাথাকিব যদিহে মই পৰিৱেশৰ সজাগতাৰ প্ৰতি দায়বদ্ধ নহওঁ।[১]
- সমস্যা দেখিছিলোঁ আৰু সমস্যা সমাধান কৰি গৈ থাকোঁতে থাকোঁতেই আজিৰ এই পৰ্যায়ত উপস্থিত হৈছোঁ। ইয়াৰ বাবে মই যিবোৰ পন্থা হাতত লৈছিলোঁ তাৰ বাবে কোনো ধৰণৰ গ্ৰন্থ বা আন উৎসৰ সহায় লোৱা নাছিলোঁ।[১]
- মই মানুহৰ ঘৰে ঘৰে, বাৰীয়ে বাৰীয়ে ঘূৰি ফুৰিবলৈ ধৰিলোঁ। এই যাত্ৰা ইমান সহজ নাছিল। প্ৰায় সকলোৱে আনকি পৰিৱেশ কৰ্মীবোৰেও মোক বহুত ঋণাত্মক মন্তব্য আগবঢ়াইছিল। মোৰ বাবে এই যাত্ৰা এক প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিছিল। [১]
- মই দেখিলোঁ মই গাঁও বা সমাজত সভা পাতিলে কেৱল পুৰুষসকলহে আহে,মহিলা নাহে। অথচ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত নাৰীক জড়িত কৰোৱাটো অধিক প্ৰয়োজনীয় আছিল।কিয়নো এগৰাকী নাৰীক সজাগ কৰি তুলিব পৰা মানে এগৰাকী সন্তান, এগৰাকী স্বামী, এটা পৰিয়াল তথা এখন সমাজক সজাগ কৰিব পৰা। গতিকে মই মহিলাসকলক উলিয়াই অনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিলোঁ যিটো প্ৰথম অৱস্থাত খুবেই কঠিন আছিল। [১]
- এবাৰ মই এগৰাকী মহিলাৰ পঞ্চামৃত পৰ্বলৈ গৈছিলোঁ।তাত মহিলাগৰাকীক সকলোৱে দিয়া শ্ৰদ্ধা, মৰম-আদৰ দেখি অভিভূত হৈ পৰিছিলোঁ আৰু ভাবিবলৈ ধৰিলোঁ যে হাড়গিলা চৰাইজনীকো যদি মানুহে এনেদৰেই মৰম-আদৰ দিলেহেঁতেন! মই হাড়গিলা চৰাইক এগৰাকী মহিলাৰ লগত তুলনা কৰিছিলোঁ। তাৰ পিছত সম্পূৰ্ণ নিয়ম-নীতিৰে হাড়গিলা চৰাইৰো পঞ্চামৃত পৰ্ব আমি অনুষ্ঠিত কৰিব ল'লোঁ যাৰ জৰিয়তে মোৰ মহিলাসকলক সজাগ কৰোৱাৰ যি এক উদ্দেশ্য সেইয়া বহু পৰিমাণে সফল হ'ল।[১]
- প্ৰায়ে মই মানুহৰ গালি-গালাজৰ সন্মুখীন হৈছিলোঁ। কিন্তু মই সেইবোৰত কোনোদিন গুৰুত্ব দিয়া নাছিলোঁ। মই আচলতে পৰিৱেশৰ ওপৰত কথা কৈ, মানুহক বুজাই খুব ভাল পাওঁ। মই পৰিৱেশৰ ওপৰত কথা কৈয়েই থাকিব পাৰোঁ কৈয়েই থাকিব পাৰো।[১]
- পৰিৱেশৰ যে মহিলাসকলো এটা অংশ, পৰিৱেশ সজাগতাৰ ক্ষেত্ৰত মহিলাৰ যি অৱদান সেইয়া নুই কৰিব নোৱাৰি।মহিলা এগৰাকী যদি সবল হয়, আমি পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত বহুদূৰ সফল হ'ব পাৰিম।[১]
- দৰাচলতে মই মাত্ৰ কামটোক লৈ সুখী। হাড়গিলা সংৰক্ষণৰ এই কামটো মোৰ জীৱনৰ সকলো, মোৰ আত্মা, মোৰ জীয়াই থকাৰ উদ্দেশ্য। যেনেদৰে অৰ্জুনে কেৱল মাছৰ চকুটোহে দেখিছিল, মোৰো জীৱনৰ এটাই উদ্দেশ্য হৈ পৰিছিল যে মই হাড়গিলা চৰাই সংৰক্ষণ কৰিব লাগে আৰু হাড়গিলাৰ প্ৰতি মানুহৰ মনত প্ৰেম জন্মাব লাগে। তাৰ বাহিৰে মই একো ভবাই নাছিলোঁ। কিন্তু বহু ঘাট-প্ৰতিঘাট, বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ। কেতিয়াবা ক'ৰবাত এনেকুৱা লাগিছিল যেন আৰু আগনাবাঢ়িম, সকলো স্তব্ধ কৰি দিম। কিন্তু যেতিয়াই মই মোৰ লক্ষ্যটোৰ কথা ভাবোঁ তেতিয়াই মই মনত সাহস পাওঁ। মোৰ মাত্ৰ এটাই স্বাৰ্থ যে মানুহৰ মাজত হাড়গিলাক লৈ যি এক বিৰূপ মনোভাৱ আছিল এই চৰাইবিধ অশুভ, গেলা-পচা বস্তু খোৱা সেইবোৰ দূৰ কৰি হাড়গিলাক মানুহে আঁকোৱালি লওক। মোৰ এই লক্ষ্যই মোক শুব নিদিয়ে। ই মোৰ জীৱনৰ এৰিব নোৱাৰা মিছন হৈ পৰিছে।[১]
- যিবোৰ সৰ্বোচ্চ সন্মান, আদৰ, স্বীকৃতি মোলৈ যাঁচিছে এই সকলোবোৰ কেৱল ৰাইজৰ আশীৰ্বাদ আৰু তাৰ বাবে মই সকলোৰে ওচৰত সদাকৃতজ্ঞ। এই স্বীকৃতিৰ জৰিয়তে আচলতে হাড়গিলা চৰাইয়ে স্বীকৃতি পাইছে, ন্যায় পাইছে। [১]
- 'Whitley Award' ৰ দিনা বক্তৃতা দিয়াৰ সময়ত মই স্বতঃস্ফূৰ্তভাৱে আৱেগিকভাৱে প্ৰথম বাক্যশাৰী কৈ পেলাইছিলোঁ, 'Who says my bird can't win a beauty contest, my bird has won the biggest contest today through this Whitley Award'_ অৰ্থাৎ মোৰ মন-মগজুত কেৱল হাড়গিলাৰ প্ৰতি থকা মৰমেহে চলা-ফুৰা কৰি থাকে।
- শিক্ষকসকললৈকে এটা অনুৰোধ জনাব বিচাৰিম যে ছাত্ৰ-ছাত্ৰীক পৰিৱেশ জীৱনৰ এটা অবিচ্ছেদ্য অংশ হিচাপে পৰিগণিত কৰাবলৈ চেষ্টা কৰে যেন। এই ক্ষেত্ৰত আমি এটা মূলমন্ত্ৰ ল'ব পাৰো যে যেনেদৰে A B C/ অ/আ, ক/খ আমাৰ বাবে অপৰিহাৰ্য ঠিক তেনেদৰে পৰিৱেশ শিক্ষাকো আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে ধাৰণা দিব লাগিব। [১]
- আটাইতকৈ দৰকাৰী কথাটো হ'ল এই পৰিৱেশ শিক্ষাৰ ভেটি ঘৰৰ পৰা, পৰিয়ালৰ পৰাহে গঢ় লয়।গতিকে ঘৰখনৰ পৰাই পৰিৱেশৰ প্ৰতি সজাগ, সম্পদ সংৰক্ষণৰ প্ৰতি সচেতন কৰি তুলিব লাগিব। [১]
- প্ৰতিগৰাকী শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ প্ৰতি মোৰ এটাই আহ্বান সকলোৱে পশু-পক্ষীৰ প্ৰতি মৰমীয়াল হওক, সেউজী ধৰণী সৃষ্টিৰ প্ৰতি নিজেও আকৰ্ষিত হওক, আনকো আকৰ্ষিত কৰক।[১]
- প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য আৰু আইতাৰ পৰা পোৱা শিক্ষাই মোক প্ৰকৃতিপ্ৰেমী হ'বলৈ অনুপ্ৰাণিত কৰিছিল আৰু এই অভিজ্ঞতাবোৰে পৰৱৰ্তী সময়ত গৱেষণা ক্ষেত্ৰখনতো মোক যথেষ্ট সহায় কৰিছিল। [৪]
- পৰিৱেশ-পৰিস্থিতি সলনি হ'লে অলপ খেলিমেলি লাগেই। অৱশ্যে, মই মোৰ লক্ষ্যৰ পৰা কক্ষচ্যুত হোৱা নাছিলোঁ। [৪]
- কেতিয়াবা কোনোবাখিনিত এনেকুৱা লাগিছিল যেন আৰু আগবাঢ়িব নোৱাৰিম। পিছমুহূৰ্ততে মনৰ মাজত পুহি ৰখা সপোন আৰু লক্ষ্যই মনটো জোকাৰি যায়। সাহস পাওঁ। দুগুণ উছাহেৰে আকৌ থিয় হওঁ। সময়ৰ লগে লগে ই মোৰ জীৱনৰ এৰিব নোৱাৰা অধ্যায় হৈ পৰিল।[৪]
- লক্ষ্য স্থিৰ থাকিলে বিফলতাৰ কথা নাথাকে। [৪]
- জীৱ-জগত বৰ্তি থাকিবলৈ সুস্থিৰ পৰিৱেশতন্ত্ৰ এটা লাগিবই। খাল, বিল জলাশয় ধ্বংসই হাড়গিলাৰ দৰে আন জীৱৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। [৪]
- মানুহে যেতিয়া মোক ʼহাড়গিলা বাইদেউʼ বুলি কয়, তেতিয়া মনটো ভাল লাগে। হাড়গিলা সংৰক্ষণৰ প্ৰতি মোৰ সমৰ্পণ আৰু ঐকান্তিক প্ৰচেষ্টাক সন্মান দিয়া যেন লাগে।[৪]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০০ ১.০১ ১.০২ ১.০৩ ১.০৪ ১.০৫ ১.০৬ ১.০৭ ১.০৮ ১.০৯ ১.১০ ১.১১ ১.১২ হাড়গিলা বাইদেউ খ্যাত ড° পূৰ্ণিমা দেৱী বৰ্মনৰ সাক্ষাৎকাৰ. সাক্ষাৎকাৰ. প্ৰকাশক: জ্ঞানম (জুন, ২০২১). আহৰণ কৰা হৈছে: 27 মে' 2024.
- ↑ https://m.economictimes.com/news/politics-and-nation/environmentalist-purnima-devi-barman-wins-green-oscar/articleshow/58766163.cms
- ↑ http://www.guwahatiplus.com/daily-news/assam-s-purnima-devi-barman-achieves-nari-shakti-puraskar-from-president
- ↑ ৪.০ ৪.১ ৪.২ ৪.৩ ৪.৪ ৪.৫ নিৰ্মল ডেকা (২০২৫). "পূৰ্ণিমা দেৱী বৰ্মনৰ সৈতে কথোপকথন". বসন্ত বৈভৱ: ১৫১-১৫৪.