পাৰবীন চুলতানা

ৱিকিউদ্ধৃতিৰ পৰা


পাৰবীন চুলতানা বা বেগম পাৰবীন চুলতানাৰ জন্ম হয় নগাঁৱত ১৯৫০ চনৰ ১০ জুলাইত৷ তেওঁ ভাৰতৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতশিল্পী। পাটিয়ালা ঘৰানাৰ সংগীত শৈলীত প্ৰশিক্ষিত পাৰবীন চুলতানাক অসম চৰকাৰৰ তৰফৰ পৰা সংগীত সম্ৰাজ্ঞী উপাধি প্ৰদান কৰা হয়। ২০১৪ চনৰ ২৫ জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে পাৰবীন চুলতানাক পদ্মভূষণ বঁটাৰ বাবে তেওঁৰ নাম ঘোষণা কৰে।[১][২][৩][৪][৫]

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মই ইয়ালৈ আহিবলৈ সুযোগ পাই অতিকৈ উৎফুল্লিত হৈছোঁ আৰু অসমীয়া শ্ৰোতাৰ বাবে সংগীত পৰিবেশন কৰিবলৈ মই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। অসম মোৰ অন্তৰাত্মা-মই মহাবাহু ব্ৰহ্মপুত্ৰৰ দেশ অসম সন্তান আৰু অসমীয়া মোৰ মাতৃভাষা।[৬]
  2. ইজৰাইলৰ সন্মানীয় আউদ উৎসৱত মই অনুষ্ঠান পৰিৱেশন কৰি আছিলোঁ। এজন ইহুদী লোক উঠি আহি ক’লে, ‘মুছলমান হৈয়ো আপুনি হিন্দু ৰাগ গাইছে।’ আমি ইহুদী, আমেৰিকান, মুছলমান... আৰু ই হ’ল সংগীত, কাৰণ আপুনি যিয়েই গায় আমাক স্পৰ্শ কৰে।”[৭]
  3. এইটো মই বেংগালুৰুলৈ অহাৰ ৪০ নম্বৰ বছৰ’, তেওঁ কয়, “কৰ্ণাটকী দৰ্শক ইমানেই আন্তৰিক আৰু অনুশাসিত যে তেওঁলোকে নিজৰ দেৱতাক ভাল পোৱাৰ দৰেই সংগীত ভাল পায়৷[৭]
  4. এগৰাকী ভাল গুৰু লাভ কৰা যিমান গুৰুত্বপূৰ্ণ, সিমানেই গুৰুত্বপূৰ্ণ হয় তেওঁ দেখুৱাই দিয়া পথেৰে আগবঢ়া৷[৮]
  5. মোৰ কাম কি, গায়ক বহুত আছে, যদি আপুনি বিচাৰে যে মই গান গাওঁ, তেন্তে ইয়াত এনেকুৱা কিবা এটা থাকিব লাগে যিয়ে মোক সন্তুষ্ট কৰিব আৰু লগতে শ্ৰোতাসকলকো সুখী কৰিব।"[৮]

তথ্য সূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. গৃহ মন্ত্ৰালয়ৰ ৱেবছাইট. Archived from the original on 2014-05-28. আহৰণ কৰা হৈছে: জানুৱাৰী 26, 2014.
  2. পাৰবীন চুলতানালৈ পদ্মভূষন- দ্য আসাম ট্ৰিবিউন. Archived from the original on 2020-10-23. আহৰণ কৰা হৈছে: জানুৱাৰী 26, 2014.
  3. ২০১৪ চনৰ পদ্ম সন্মান বিজয়ীৰ তালিকা- দ্য হিন্দু. আহৰণ কৰা হৈছে: জানুৱাৰী 26, 2014.
  4. ২০১৪ চনৰ পদ্ম বিজয়ী অসমীয়া, আমাৰ অসম. আহৰণ কৰা হৈছে: জানুৱাৰী 26, 2014.সাঁচ:Dead link
  5. ২০১৪ চনৰ পদ্ম বিজয়ী অসমীয়া, দৈনিক অসম. আহৰণ কৰা হৈছে: জানুৱাৰী 26, 2014.সাঁচ:Dead link
  6. শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান. আহৰণ কৰা হৈছে: 23 এপ্ৰিল 2024.
  7. ৭.০ ৭.১ পাৰবীন. আহৰণ কৰা হৈছে: 23 এপ্ৰিল 2024.
  8. ৮.০ ৮.১ পাৰবীন চুলতানা. আহৰণ কৰা হৈছে: 23 এপ্ৰিল 2024.