সমললৈ যাওক

পাকিস্তান

ৱিকিউদ্ধৃতিৰ পৰা
পাকিস্তান ঐশ্বৰিক শক্তি থকা পুৰোহিতে শাসন কৰিব পৰা ঈশ্বৰতান্ত্ৰিক ৰাষ্ট্ৰ হ’বলৈ যোৱা নাই। আমাৰ ইয়াত বহুতো অমুছলমান আছে — হিন্দু, খ্ৰীষ্টান, আৰু পাৰ্চী, কিন্তু তেওঁলোক সকলোৱেই পাকিস্তানী। তেওঁলোকে আন যিকোনো নাগৰিকৰ দৰেই অধিকাৰ আৰু বিশেষাধিকাৰ লাভ কৰিব আৰু পাকিস্তানৰ কাম-কাজত নিজৰ উচিত ভূমিকা পালন কৰিব। ~ মহম্মদ আলী জিন্না

পাকিস্তান বা ইছলামী প্ৰজাতন্ত্ৰী পাকিস্তান (উৰ্দু ভাষাত: اسلامی جمہوریۂ پاکستان ইছলামী জুমহূৰিয়াতে পাকিস্তান) দক্ষিণ এছিয়াৰ অন্তৰ্গত এখন দেশ। এই দেশখন বিশ্বৰ পঞ্চম-সৰ্বাধিক জনবহুল দেশ, ইয়াৰ জনসংখ্যা হ'ল ২১২.২ মিলিয়ন। অঞ্চল অনুসৰি, এইটো বিশ্বৰ ৩৩১তম বৃহত্তম দেশ, ই ৮,৮১,৯১৩ বৰ্গকিলোমিটাৰ (৩,৪০,৫০৯ বৰ্গমাইল) লৈকে বিস্তৃত। দক্ষিণত আৰব সাগৰ আৰু ওমানৰ উপসাগৰ সংলগ্ন এটা ১,০৪৬ কিলোমিটাৰৰ (৬৫০ মাইল) উপকূলৰেখা আছে আৰু ইয়াৰ পূৱত ভাৰত, পশ্চিমত আফগানিস্তান, দক্ষিণ-পশ্চিমত ইৰান আৰু উত্তৰ-পূৱত চীন। উত্তৰ-পশ্চিমত আফগানিস্তানৰ ওয়াখন কৰিডৰ দ্বাৰা তাজিকিস্তানৰ পৰা সৰুভাবে পৃথক হৈছে আৰু ওমানৰ লগত এটা সমুদ্ৰসীমা আছে।

  • পাকিস্তানে তালিবানৰ স্থপতি বুলি বাৰে বাৰে অস্বীকাৰ কৰি আহিছে। কিন্তু প্ৰথমতে এই আন্দোলনত যোগদান কৰা বহু আফগান লোকে পাকিস্তানৰ মাদ্ৰাছা (ধৰ্মীয় বিদ্যালয়)ত শিক্ষা গ্ৰহণ কৰিছিল তাত কোনো সন্দেহ নাই। ১৯৯০ চনৰ মাজভাগৰ পৰা ২০০১ চনলৈকে আফগানিস্তানত ক্ষমতাত থকাৰ সময়ত তালিবানক স্বীকৃতি দিয়া তিনিখন দেশৰ ভিতৰত, চৌদি আৰব আৰু সংযুক্ত আৰব আমিৰশ্বাহী (ইউ.এ.ই)ৰ সৈতে পাকিস্তানও আছিল অন্যতম। ইয়াৰ উপৰিও তালিবানৰ সৈতে কূটনৈতিক সম্পৰ্ক ভংগ কৰা এইখনেই আছিল শেষ দেশ।
  • [পাকিস্তান] এছিয়াৰ আটাইতকৈ মিত্ৰ দেশ।
    • আয়ুব খান, ৰবাৰ্ট নোলানৰ দ্বাৰা ৰচিত "পাকিস্তান: এছিয়াৰ আটাইতকৈ মিত্ৰ দেশ" , বিদেশ নীতি সংস্থাৰ বাতৰি কাকত পৰা উদ্ধৃত (২০০৫)
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: