মহম্মদ আলী জিন্না
অৱয়ব
মহম্মদ আলী জিন্না (উৰ্দু/সিন্ধী: محمد على جناح) (২৫ ডিচেম্বৰ, ১৮৭৬ – ১১ ছেপ্টেম্বৰ, ১৯৪৮) ভাৰতীয় উপমহাদেশৰ এজন মুছলমান ৰাজনীতিবিদ আৰু অল ইণ্ডিয়া মুছলিম লীগৰ নেতা আছিল যিয়ে পাকিস্তান প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পাকিস্তানত তেওঁক আনুষ্ঠানিকভাৱে কোৱাইদ-ই-আজম (উৰ্দু: قائد اعظم — "মহানেতা") আৰু বাবা-ই-কৌম ("জাতিৰ পিতৃ") নামেৰে জনা যায়। তেওঁৰ জন্ম আৰু মৃত্যু বাৰ্ষিকী হৈছে পাকিস্তানত বন্ধৰ দিন।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]১৯৩৫
[সম্পাদনা কৰক | উৎস সম্পাদনা]- কংগ্ৰেছ আৰু মোহনদাস কে গান্ধীৰ লগত মই সহযোগী। মই মব হিষ্টেৰিয়া বৃদ্ধি কৰাত বিশ্বাস নকৰো। ৰাজনীতি ভদ্ৰলোকৰহে খেল।
- লণ্ডনত সাংবাদিক দুৰ্গা দাসৰ সৈতে হোৱা কথা-বতৰাত (ডিচেম্বৰ ১৯২০) আকবৰ এছ আহমেদৰ "জিন্না, পাকিস্তান এণ্ড ইছলামিক আইডেন্টিটি : দ্য চাৰ্চ ফৰ চালাদিন" (১৯৯৭), পৃ. ৬৭
- ধৰ্মক ৰাজনীতিত আহিবলৈ দিয়া উচিত নহয়....ধৰ্ম কেৱল মানুহ আৰু ঈশ্বৰৰ মাজৰ কথা।
- কেন্দ্ৰীয় বিধানসভালৈ দিয়া ভাষণ, ৭ ফেব্ৰুৱাৰী ১৯৩৫, "দ্য চাৰ্চ ফৰ চালাদিন", পৃ. ৬৭
জিন্নাৰ বিষয়ে উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ইতিহাসৰ অন্যতম অসাধাৰণ পুৰুষ।
- ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, হিউ টিংকাৰৰ "মেন হ্যো অভাৰটাৰ্ণড এম্পায়াৰছ : ফাইটাৰছ, ড্ৰিমাৰছ, এণ্ড স্কীমাৰ্ছ" (১৯৮৭), পৃ. ৬২ৰ পৰা উদ্ধৃত।
- মহম্মদ আলী জিন্না আছিল আধুনিক যুগত হিন্দুসকলৰ সৰ্বশ্ৰেষ্ঠ উপকাৰী, যদিহে তেওঁ ছদ্মবেশত হিন্দু নাছিল।
- গিৰিলাল জৈন, "দ্য হিন্দু ফেনোমেনন" (১৯৯৪), পৃ. ৫৬, আই.এচ.বি.এন. 81-86112-32-4