দ্য এলকেমিষ্ট
অৱয়ব
দ্য এলকেমিষ্ট (ইংৰাজী: The Alchemist) পাওলো কোৱেলহো ৰচিত এক উপন্যাস। ইয়াৰ প্ৰথম প্ৰকাশ হয় ১৯৮৮ চনত। মূল পৰ্টুগীজ ভাষাত ৰচিত এই গ্ৰন্থখন ২০১১ চনলৈকে ৭১টা বিভিন্ন ভাষালৈ অনূদিত হৈছে। প্ৰতীকধৰ্মী এই গ্ৰন্থখনত ছাণ্টিয়াগো নামৰ এক এণ্ডালুচিয়ান ভেড়াৰখীয়া যুৱকে বাৰম্বাৰ দেখা এক সপোনৰ পম খেদি গুপ্তধনৰ সন্ধানত ইজিপ্টলৈ ৰাওনা হয়। তেওঁৰ এই যাত্ৰাৰ কথাকে লৈ কাহিনীভাগ আগুৱাই গৈছে।
ফৰাচী বাতৰি এজেঞ্চী এজেন্স ফ্ৰান্স প্ৰেছি চমুকৈ এ এফ পিৰ মতে বিশ্বৰ ১৬০ খনতকৈও অধিক দেশত গ্ৰন্থখনৰ ৬৫ মিলিয়নতকৈও অধিক কপিৰ বিক্ৰী হয় আৰু বিশ্বৰ সৰ্বাধিক বিক্ৰেত গ্ৰন্থৰ ইতিহাসত অন্যতম হিচাপে পৰিগণিত হয়। সৰ্বাধিক ভাষালৈ অনূদিত জীৱিত লেখকৰ গ্ৰন্থ হিচাপে দ্য এলকেমিষ্টে গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডচতো স্থান লাভ কৰে।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- আৰু, যেতিয়া আপুনি কিবা এটা বিচাৰে, সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডই আপোনাক ইয়াক প্ৰাপ্ত কৰাত সহায় কৰাৰ মন্ত্ৰণা কৰে।[১]
- আমাৰ সৈতে সংঘটিত হোৱা আটাইবোৰ ভাল বস্তুৱেই আমাৰ প্ৰাপ্য।
- এটা সপোন বাস্তৱায়িত হোৱাৰ সম্ভাৱনাই জীৱনটোক আকৰ্ষণীয় কৰি তোলে।[১]
- যেতিয়া আমি ভাল পাওঁ তেতিয়া আমি সদায় আমাৰ তুলনাত ভাল হ’বলৈ চেষ্টা কৰোঁ। যেতিয়া আমি আমাতকৈ ভাল হ’বলৈ চেষ্টা কৰোঁ, তেতিয়া আমাৰ চৌপাশৰ সকলো বস্তুও ভাল হৈ পৰে।[উৎসৰ প্ৰয়োজন]
- সপোন এটাক বাস্তৱায়িত কৰাটো অসম্ভৱ কৰি তোলা এটাই কথা আছে: বিফলতাৰ ভয়।[১]
- কিন্তু জীৱনৰ ৰহস্য হ’ল সাতবাৰ পতিত হোৱা আৰু আঠবাৰ উত্থান ঘটা।[১]
- সহজ-সৰল কথাবোৰো আটাইতকৈ অসাধাৰণ বস্তু, আৰু সেইবোৰ কেৱল জ্ঞানীসকলেহে চাব পাৰে।[১]
- আন মানুহে কেনেকৈ জীৱন যাপন কৰিব লাগে সেই বিষয়ে সকলোৰে যেন এটা স্পষ্ট ধাৰণা আছে, কিন্তু নিজৰ জীৱনটোৰ বিষয়ে একোৱেই নাই।[১]
- মনত ৰাখিব যে আপোনাৰ হৃদয় য’তেই থাকে, তাতেই আপুনি আপোনাৰ সম্পদ বিচাৰি পাব।[১]
- হৃদয়ক কওক যে বেদনা হোৱাৰ ভয়টো বেদনাতকৈয়ো বেছি বেয়া। আৰু কোনো হৃদয়ে নিজৰ সপোন বিচাৰি যোৱাৰ সময়ত কেতিয়াও কষ্ট পোৱা নাই, কাৰণ অনুসন্ধানৰ প্ৰতিটো চেকেণ্ডেই হৈছে ঈশ্বৰৰ সৈতে আৰু অনন্তকালৰ সৈতে এক চেকেণ্ডৰ মুখামুখি।[১]
- তেওঁ যিয়েই নকৰক কিয়, পৃথিৱীৰ ইতিহাসত পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়ে কেন্দ্ৰীয় ভূমিকা পালন কৰে। আৰু সাধাৰণতে তেওঁ এই কথা নাজানে।[১]
- ভয়ৰ ওচৰত হাৰ নামানিব। তেনে কৰিলে আপুনি হৃদয়ৰ কথা শুনা নাপাব।[২]
- এবাৰ হোৱা সকলো কথা পুনৰ কেতিয়াও হ’ব নোৱাৰে। কিন্তু দুবাৰ হোৱা সকলো কথাই তৃতীয়বাৰ নিশ্চয় হ’ব।[২]
- মই মোৰ অতীত বা ভৱিষ্যত কোনোটোতে নাথাকো৷ মোৰ আগ্ৰহ কেৱল বৰ্তমানৰ প্ৰতিহে। যদি আপুনি সদায় বৰ্তমানৰ ওপৰত মনোনিৱেশ কৰিব পাৰে তেন্তে আপুনি এজন সুখী মানুহ হ’ব৷ জীৱনটো হ’ব আপোনাৰ বাবে এটা উৎসৱ, কাৰণ জীৱনটোৱেই হ’ল আমি বৰ্তমান জীয়াই থকা মুহূৰ্তটো।[২]
- আপোনাৰ চকুৱে আপোনাৰ আত্মাৰ শক্তি দেখুৱায়।[২]
- যেতিয়া প্ৰতিটো দিন পিছৰ দিনটোৰ সৈতে একে যেন ভাৱ হয়, তাৰ অৰ্থ হ'ল মানুহে প্ৰতিদিনে সূৰ্য্য উদয় হোৱাৰ লগে লগে নিজৰ জীৱনত ঘটা ভাল কামবোৰ চিনি পোৱাত বিফল হয়।[২]
- আপুনি নিজৰ হৃদয়ৰ পৰা কেতিয়াও পলাই সাৰিব নোৱাৰে। সেইবাবেই পলোৱাৰ চেষ্টা কৰাৰ সলনি হৃদয়েনো কি কয় শুনাৰ দৰকাৰ। [২]
- আওকাণ কৰা প্ৰতিটো আশীৰ্বাদ অভিশাপ হৈ পৰে।[২]
- অন্তৰ্দৃষ্টি প্ৰকৃততে হ'ল জীৱনৰ সাৰ্বজনীন সোঁতত হঠাতে মানুহৰ আত্মা মিলি পৰা প্ৰক্ৰিয়া।[২]
- যেতিয়া আপুনি পিছলৈ ঘূৰি যাব নোৱাৰে, তেতিয়া আপোনাৰ একমাত্ৰ কাম হ'ল আগবাঢ়ি যোৱাৰ সৰ্বোত্তম উপায় চিন্তা।[২]
- যিকোনো কথা শিকিবলৈ এটাই উপায় আছে- কামৰ যোগেদি। আপুনি জানিবলগীয়া সকলো কথা আপুনি আপোনাৰ যাত্ৰাত কামৰ মাজেৰে শিকিছে।[২]
- সঠিক পথত আগবঢ়া বুলি অনুভৱ কৰা আৰু নিজৰ পথটোৱেই একমাত্ৰ পথ বুলি ভবা এই দুটা কথাৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছে।[২]