সমললৈ যাওক

নৱ কুমাৰ চমুৱা

ৱিকিউদ্ধৃতিৰ পৰা

নৱ কুমাৰ চমুৱা অসমৰ এজন লেখক, সম্পাদক৷ তেখেতে ২০১২ চনৰ পৰা ‘নক্সা’ নামৰ এখন আলোচনী প্ৰকাশ কৰি আহিছে৷ তদুপৰি ‘ধেমাজি’ শীৰ্ষক এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ তেখেতে সম্পাদনা কৰিছে৷ তেখেতৰ শেহতীয়া গ্ৰন্থখন হৈছে- সম্পাদনা আৰু প্ৰকাশন (২০২৩)৷

সম্পাদনা আৰু প্ৰকাশন

[সম্পাদনা কৰক | উৎস সম্পাদনা]
  1. 'সম্পাদনা' শব্দটোৱে মূলতঃ কোনো কাৰ্য সুচাৰুৰূপে আৰু ত্ৰুটিমুক্তভাৱে নিষ্পাদন কৰা কাৰ্যক বুজায়। গুণগত দিশৰ উৎকৰ্ষ সাধন ইয়াৰ প্ৰধান আৰু প্ৰাথমিক চৰ্ত। নিৰ্দিষ্ট কাৰ্য একোটা কলাসন্মত ৰূপত, ত্ৰুটিমুক্ত আৰু গুণগত উৎকৰ্ষৰে সমাধা হোৱাটোৱেই সম্পাদনাৰ মূল ভিত্তি। []
  2. সম্পাদনা মূলতঃ মুদ্ৰণ-প্ৰকাশন তথা প্ৰসাৰণৰ লগত জড়িত এক কাৰ্যব্যৱস্থা। প্ৰকাশন বা প্ৰসাৰণ ব্যৱস্থাত প্ৰস্তুত সামগ্ৰী বিশেষৰ পৰিচ্ছন্ন আৰু নিৰ্ভুল-নিৰ্মেদ ৰূপ একোটা এই সম্পাদনা বিভাগটোৱে প্ৰদান কৰে। সম্পাদকগৰাকীয়েই এই বিভাগটোৰ প্ৰাণ। প্ৰস্তুত সামগ্ৰী বিশেষৰ ত্ৰুটিমুক্ত উপস্থাপন; পৰিশোধিত, পৰিমাৰ্জিত, পৰিশীলিত, পৰিপূৰ্ণ আৰু পৰিপক্ক ৰূপ বা অৱয়ব প্ৰদানত সম্পাদকৰ ভূমিকাই প্ৰথম আৰু প্ৰধান বিষয়। []
  3. পাণ্ডুলিপি সম্পাদনা মূলতঃ মুদ্ৰণ-প্ৰকাশন আৰু প্ৰসাৰণৰ লগত জড়িত এক কাৰ্য্যব্যৱস্থা। কাকত-আলোচনী, গ্ৰন্থ-পত্ৰিকা আদিৰ ত্ৰুটিহীন প্ৰকাশনৰ ক্ষেত্ৰত জড়িত সম্পাদনা কাৰ্যক পাণ্ডুলিপি সম্পাদনাৰ (Copy Editing) ধাৰণাই সূচিত কৰে। এই কাৰ্যৰ যোগেদি প্ৰকাশ পাবলগীয়া আৰু প্ৰসাৰ হ'বলগীয়া লেখাক ত্ৰুটিমুক্ত ৰূপত মুদ্ৰণ উপযোগী কৰি উলিওৱা হয়। পাণ্ডুলিপি সম্পাদনাই কোনো বিষয়ক প্ৰতি গুৰুত্ব দি সুচাৰু ৰূপে প্ৰস্তুত কৰি উলিওৱা কলা-কৌশল বিশেষক বুজায়। []
  4. গ্ৰন্থ সম্পাদনাৰ ক্ষেত্ৰত ইয়াৰ প্ৰকৃতি নিৰ্ণয়ৰ দিশটো মূলতঃ সম্পাদক একোগৰাকীৰ উদ্দেশ্য, ৰচনাৰ প্ৰকৃতি, প্ৰকাশকৰ উদ্দেশ্য আদিৰ ওপৰত নিৰ্ভৰ কৰে। গ্ৰন্থ সম্পাদনাৰ ইতিহাসত কোনবোেৰ বিষয়, কেনেধৰণৰ ধাৰণা, কেনেধৰণৰ সম্পাদ্য বা প্ৰকাশনীয় উদ্দেশ্য জড়িত হৈ আছে, তেনে দিশবোৰৰ সামগ্ৰিক পৰ্যবেক্ষণৰো প্ৰয়োজন হয়।[]
  5. সংগ্ৰহ আৰু সংকলন – এই দুয়োেটাৰ মাজত নীতিগত প্ৰভেদ আছে। গোটাই অনা কাৰ্য একোটা বুজাবলৈ সাধাৰণতে 'সংগ্ৰহ' শব্দটো ব্যৱহাৰ কৰা হয়। নিৰ্দিষ্ট বিষয়ৰ কিছুমান বস্তু বিচাৰি আনি একেলগে থুপাই থোৱা কাৰ্যই সংগ্ৰহ। 'সংগ্ৰহ' কাৰ্যত যেনেভাৱে যি পোৱা গৈছে, তাকে আনি মজুত কৰি থোৱা হয়। ইয়াত সংশোধন, পৰিমাৰ্জন, বাচনি অথবা শৃংখলিত কৰাৰ কোনো প্ৰসংগই নাথাকে। গ্ৰন্থ সম্পাদনাৰ ক্ষেত্ৰত ই মূলতঃ প্ৰথমটো স্তৰ। এই স্তৰটোক ভিত্তি কৰিয়েই সংকলন কৰা হয়।[]