নেপোলিয়ন হিল
অৱয়ব

অলিভাৰ নেপোলিয়ন হিল (ইংৰাজী: Napoleon Hill; ২৬ অক্টোবৰ, ১৮৮৩ – ৮ নৱেম্বৰ, ১৯৭০) চমুকৈ নেপোলিয়ন হিল এগৰাকী আমেৰিকান সাহিত্যিক। তেওঁ বিশেষকৈ স্ব-সহায়ক বা স্ব-সংশোধন বিষয়ক গ্ৰন্থ ৰচনা কৰিছিল। তেওঁ ১৯৩৭ চনত প্ৰকাশিত "থিংক এণ্ড গ্ৰো ৰিচ" ("চিন্তা কৰক আৰু ধনী হওক") নামৰ কিতাপখনৰ বাবে সৰ্বাধিক জনাজাত। এই কিতাপখন সৰ্বকালৰ সৰ্বাধিক বিক্ৰী হোৱা ১০ খন স্ব-সহায়ক কিতাপৰ ভিতৰত অন্যতম।[১] তেওঁৰ বেছিভাগ কিতাপ "সফলতা" প্ৰাপ্ত কৰাৰ বাবে নীতি সন্নিবিষ্ট থকা বাবে বিখ্যাত।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "মানুহৰ মনে যি কল্পনা কৰিব পাৰে আৰু বিশ্বাস কৰিব পাৰে, সেয়া লাভো কৰিব পাৰে।"
* Think and Grow Rich (1937), অধ্যায় ১
- "শক্তি আৰু বিকাশ কেৱল নিৰন্তৰ চেষ্টা আৰু সংগ্ৰামৰ জৰিয়তে আহে।"
* Think and Grow Rich (1937), অধ্যায় ১০
- "ধৈৰ্য, অধ্যৱসায় আৰু ঘাম — এই তিনিটাই সফলতাৰ বাবে অদ্বিতীয় সংমিশ্ৰণ।"
* Think and Grow Rich (1937), অধ্যায় ৯
- "যি কামত মানুহৰ আগ্ৰহ নাথাকে, সেই ক্ষেত্ৰত তেওঁ কেতিয়াও সফল হ’ব নোৱাৰে।"
* Think and Grow Rich (1937), অধ্যায় ৮
- "প্ৰতিটো বিপদ, প্ৰতিটো বিফলতা, প্ৰতিটো হৃদয়বিদাৰণৰ মাজতেই সমান বা অধিক লাভৰ বীজ লুকাই থাকে।"
* Think and Grow Rich (1937), অধ্যায় ৩
লগতে চাওক
[সম্পাদনা কৰক | উৎস সম্পাদনা]উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ Driscoll, Molly. "10 Best Self Help Books of All Time", April 26, 2015.
