সমললৈ যাওক

নীৰাজনা মহন্ত বেজবৰা

ৱিকিউদ্ধৃতিৰ পৰা

নীৰাজনা মহন্ত বেজবৰা (ইংৰাজী: Nirajana Mahanta Bezborah) হৈছে এগৰাকী অসমীয়া সাহিত্যিক, অনুবাদক, অধ্যাপক। তেখেত অসমৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷ বিংশ শতিকাৰ শেষৰফালে তুলনামূলক ভাৰতীয় সাহিত্য বিষয়ত গৱেষণামূলক গ্ৰন্থ প্ৰকাশ কৰা নীৰাজনা মহন্ত বেজবৰা বৰ্তমান সময়ত ‘তুলনামূলক ভাৰতীয় সাহিত্য’ বিষয়ৰ এগৰাকী অগ্ৰণী গৱেষক৷ সেইদৰে অসমীয়া অনুবাদ সাহিত্যৰ ক্ষেত্ৰখনতো তেখেতৰ নামটো প্ৰতিনিধিত্বমূলক৷[১]

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

ব্যক্তিত্ব, সুকুমাৰ কৌশল আৰু যোগাযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সাহিত্য বৃত্তি আৰু ৰুচিৰ ক্ষেত্ৰ হোৱাৰ উপৰিও ই কলাত্মক যোগাযোগৰো এক প্ৰধান মাধ্যম৷[২]
  2. ব্যক্তিত্ব হৈছে কোনো ব্যক্তিৰ আন্তৰিক আৰু বাহ্যিক বৈশিষ্ট্যৰ সংমিশ্ৰিত ৰূপ। অৰ্থাৎ ব্যক্তিজনৰ বাহ্যিক অভিব্যক্তি, আন্তৰিক গুণ-গৰিমাৰ সমষ্টিৰে গঠিত হোৱা তেওঁৰ সৰ্বাত্মক লক্ষণেই ব্যক্তিত্ব।
  3. উপযুক্ত ব্যক্তিত্বই জীৱনত সফলতাৰ সিংহদুৱাৰ মুকলি কৰি দিয়ে৷[২]
  4. জীৱনত ধন-সম্পদ হেৰুৱালে ঘূৰাই পাব পাৰি কিন্তু এবাৰ পাৰ হৈ যোৱা সময়ক ঘুৰাই পাব নোৱাৰি৷[২]
  5. সুবিকশিত সৰ্বাঙ্গসুন্দৰ ব্যক্তিত্বৰ অধিকাৰী এজন ব্যক্তিৰ পৰা ভাল কাম হোৱাৰ লগতে তেওঁৰ ব্যক্তিত্বই আনকো প্ৰভাবিত আৰু অনুপ্ৰাণিত কৰিব পাৰে।[২]

তথ্যসূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. Nirajana Mahanta Bezborah. প্ৰকাশক: বিশ্ববিদ্যালয়ৰ ৱেবচাইট. আহৰণ কৰা হৈছে: 30 September 2023.
  2. ২.০ ২.১ ২.২ ২.৩ নীৰাজনা মহন্ত বেজবৰা (২০২১, জুন)। ব্যক্তিত্ব, সুকুমাৰ কলা আৰু যোগাযোগ। অসম বুক ট্ৰাষ্ট।