সমললৈ যাওক

নীলমণি ফুকন (কনিষ্ঠ)

ৱিকিউদ্ধৃতিৰ পৰা

নীলমণি ফুকন (ইংৰাজী: Nilmani Phookan; ১০ ছেপ্টেম্বৰ, ১৯৩৩ — ১৯ জানুৱাৰী, ২০২৩) অসমীয়া ভাষাৰ এজন কবি, সাহিত্যিক, কলা-সমালোচক আৰু অধ্যাপক। তেওঁ অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়। নীলমণি ফুকনৰ উল্লেখযোগ্য কৰ্ম হ’ল ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’, ‘কবিতা’ আৰু ‘গোলাপী জামুৰ লগ্ন’ আদি।

‘কবিতা’ শীৰ্ষক স্ব-নিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে তেওঁক ১৯৮১ চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়। ১৯৯০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। তদুপৰি ১৯৯১ চনত ছগনলাল জৈন বঁটা, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু ২০০২ চনত সাহিত্য অকাডেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমিৰ ফেল’ প্ৰদান কৰা হয়।[১][২] কবি ফুুুুকনক ২০১৯ বৰ্ষৰ ১৯ আগষ্ট তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ‘ডি লীট’ উপাধি প্ৰদান কৰে। নতুন দিল্লীস্থিত ভাৰতীয় জ্ঞানপীঠে ২০২১ চনত, নীলমণি ফুকনক সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অসামান্য অৱদানৰ বাবে ২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰে।[৩] এই বঁটা লাভ কৰা তেওঁ তৃতীয় গৰাকী অসমীয়া সাহিত্যিক।

  1. কাব্য চৰ্চাকাৰী সাধাৰণ ব্যক্তি হিচাপে মোৰ কাব্যৰ সীমাৱদ্ধতাৰ প্ৰতি মই সচেতন৷ বঁটা এটি পালে খুব বেছি বাতৰি কাকতত এদিন মোৰ নামটো প্ৰচাৰ হ’ব৷ মানুহে জানিব এই নামেৰে এজন লোক আছে, ইমানেই৷ তাতকৈ মই কিবা বেলেগ হৈ নাযাওঁ৷[৪]
  2. অসমৰ স্নিগ্ধ শ্যামল প্ৰকৃতিৰ মাজত মোৰ জন্ম নোহোৱা হ’লে, গাঁৱৰ গীত-মাত, উছৱ-পাৰ্বন, নৃত্যকলাৰ মাজেদি মোৰ শৈশৱ অতিবাহিত নোহোৱা হ’লে, মোৰ দেশ আৰু বিদেশৰ মৃত আৰু জীৱিত কবি আৰু শিল্পীসকল নোহোৱা হ’লে কবিতা মই লিখিব নোৱাৰিলোঁহেঁতেন৷[৫]
  3. ভাষাটো নাথাকিলে মানুহ নাথাকে৷ মানুহ নাথাকিলে মাটি নাথাকে৷ মাটি নাথাকিলে একোৱেই নাথাকে৷[৬]
  4. পৃথিৱীৰ বহু কবিৰ দৰেই ময়ো চিত্ৰকল্পৰ মাধ্যমত ভাবোঁ৷[৭]
  5. নিসৰ্গ যে কিছু পৰিমাণে মোৰ কাব্য চেতনাৰ অৱলম্বন তাত ভুল নাই৷ প্ৰকৃতিত শ্যামল স্নিগ্ধতাৰ মাজত লালিত হৈছে মোৰ মন, পালিত হৈছে মোৰ বিচিত্ৰ আবেগ৷ ঋতুৱে ঋতুৱে ৰোমাঞ্চিত আৰু আন্দোলিত হৈছে মোৰ হৃদয়৷ বৰ্ষা, হেমন্ত আৰু শীততেই মই অধিক সংখ্যক কবিতা ৰচনা কৰিছোঁ৷ পাঠকসকলে লক্ষ্য নকৰাকৈ থকা নাই, মোৰ অধিকাংশই প্ৰতীক আৰু কল্পনাৰ উঁহ প্ৰকৃতি৷[৭]
  6. কবিতা কেৱল শব্দৰ খেল বুলি নাভাবোঁ, যদিও শব্দ বুলি হাঁহাকাৰ কৰিয়েই জীৱনৰ চল্লিশটা বছৰ পাৰ কৰিলোঁ৷ হয় এটা অৰ্থত কবিতা শব্দৰ খেলা, কিন্তু ই অৰ্থৰো খেলা, জীৱনৰ খেলা৷[৮]

লোক-কল্পদৃষ্টি

  1. শিল্পকলাবোধ মানুহৰ দৈহিক প্ৰয়োজনৰ, সামাজিক, মানসিক অস্তিত্ব, প্ৰকৃতি আৰু মানুহৰ মাজত হোৱা সম্পৰ্ক আৰু মানৱীয় চেতনাৰপৰা উৎপত্তি হৈ বিকশিত হৈছে। কল্পনাশক্তি, সৃজনীশক্তি, বোধ-অনুভূতি, উপলব্ধি ক্ষমতা, মমত্ব আৰু মনুষ্যত্ববোধব অধিকাৰী হোৱাৰ নিমিত্তেই মানুহ শিল্পী।[৯]
  2. শিল্পকলা মানুহৰ জীয়াই থকাৰ এবিধ আহিলা বা স'জুলি, মানৱ অস্তিত্বৰ অন্যতম অপৰিহাৰ্য প্ৰয়োজন; সি সামাজিক আৰু, আধ্যাত্মিকো। মানুহক স'জুলি সাজোঁতা বুলি কোৱা হয়। এই সঁজুলি সাজোঁতাজনেই ইমেজ বা প্ৰতিমা বা মূৰ্তি সাজোঁতাজনৰ আদি পুৰুষ।[৯]
  3. নিত্য প্ৰয়োজনীয় সা-স'জুলি তৈয়াৰ কৰি মানুহে আহাৰ সংস্থান কৰিবলৈ লোৱাৰ লগে লগেই মানুহৰ ভিতৰত থকা শিল্পী মানুহ- টোৰ বীজ অঙ্কুৰিত হয়।[৯]
  4. যদি কোনো কাৰুশিল্পকৰ্মত- মূল্যতকৈ উপভোগমূল্য মুখ্য হৈ উঠে, তেতিয়া সি চাৰুকলাৰূপেও বিবেচিত হ'ব পাৰে। তেনে চৰিত্ৰৰ কাৰুশিল্পকৰ্মই আবেগ-- অনুভূতি, ভাবৰ বা ৰসানুভূতিৰ সৃষ্টি কৰে। উপভোগমূল্যই দিয়া আনন্দই নান্দনিক আনন্দ; কল্পনা-বোধ-উপলব্ধিজাত, আনু- ভূতিক আবেগিক বৌদ্ধিক আলোড়ন। অৱশ্যে দৰ্শকৰ আনুভূতিক মানসিক বৌদ্ধিক অৱস্থাই, অভিজ্ঞতাইহে এই আলোড়ন বা শিহৰণৰ ব্যাপকতা, সঙ্কীৰ্ণতা, গভীৰতা, অগভীৰতা নিৰ্ণয় কৰে।[৯]
  5. নিভাঁজ লোকশিল্পকলাত সৰ্বত্ৰই সজীৱতা বৰ্তমান,-কি ৰূপত, কি বৰ্ণত, কি মণ্ডনত। এই সজীৱতা লোকজনৰ প্ৰাণ- প্ৰবাহৰ, প্ৰাণ-প্ৰাচুৰ্যৰ, জীৱনৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ, প্ৰকৃতিৰ, প্ৰকৃতিৰ বিভিন্ন ৰূপ আৰু লীলাৰ লগত হোৱা আত্মিক সংযোগ, আৰু কৃষি সম্পৰ্কীয় শ্ৰম আৰু বিশ্বাসৰপৰা পোৱা সম্পদ। এনে এটা কাৰণতেই গ্ৰাম্য জীৱনত-কি পুৰুষ, কি নাৰী, কি শিশু সময়ত আৰু প্ৰয়োজনত সকলোৱেই শিল্পী।[৯]

নীলমণি ফুকন আৰু তেওঁৰ কবিতা সম্পৰ্কে

[সম্পাদনা কৰক | উৎস সম্পাদনা]
  1. আত্ম নিমগ্ন মনৰ শংকা, বিহ্বলতা আৰু হতাশা আপুনি ভালদৰে ফুটাই তুলিছে৷ কিন্তু পৰাজয়ৰ সম্মুখত অটল সংগ্ৰামী মানুহৰ স্বৰূপ, উদ্দেশ্যত ব্ৰতী মানুহৰ আশা-আকাঙ্খা আৰু জয়-পৰাজয়, আৰু মানৱ মনৰ নান স্বৰূপ, নানান আৱেগ আপোনাৰ কবিতাত ফুটি উঠা নাই৷ ....... একালত অসমীয়া আ-অলংকাৰ, সাজ-পাৰ, তাৰ দস্তুৰ আৰু জতুৱা-ঠাঁচ সম্পৰ্কে আপোনাৰ উছাহ আছিল৷ সেইবোৰ আপোনাৰ কবিতাৰ সমল নহয় কেলেই? (নীলমণি কবিতাৰ সমালোচনা) -ড° হীৰেন গোহাঁই৷[৭]
  2. এইবিলাক কবিতাই আমাৰ কাৰণে এখন নতুন জগত মুকলি কৰিছে৷ যি জগতখন আমাৰ স্মৃতিত লিপিট খাই থাকিও ইমানদিনে অচেতন হৈ আছিল৷ কবিতাবোৰৰ গাঁথনিত অসমীয়া লোকজীৱনৰ আৰু তাৰ গীত-মাতৰ পৰা আহৰণ কৰা বহু বস্তু ইমান স্বাভাৱিকভাবে নতুন ঠাইত খাপ খাই পৰিছে যে মই ভাবি আচৰিত হৈছোঁ৷ - কবি হৰেকৃষ্ণ ডেকা৷[৭]
  3. নিৰ্জনতাৰ কবি৷ -- ড° মহেন্দ্ৰ বৰা৷[৭]
  1. মৃদুল হালৈ. "কাব্যঋষি : ১৯৩৩-২০২৩", ২০ জানুৱাৰী, ২০২৩. আহৰণ কৰা হৈছে ২২ জানুৱাৰী, ২০২৩.
  2. জানানে, শান্তনু কৌশিক বৰুৱা, ২০০৬
  3. Damodar Mauzo, critic of ‘right-wing terror’ & Nilmani Phookan win Jnanpith award. প্ৰকাশক: https://thefederal.com/+(7 December 2021). আহৰণ কৰা হৈছে: 7 December 2021.
  4. মহৎ কবিৰ জীৱনবোধ, ধীৰেন শইকীয়া, অসমীয়া প্ৰতিদিন, পৃ: নং; ৪, ৩১ জানুৱাৰী, ২০২৩
  5. মহৎ কবিৰ জীৱনবোধ, ধীৰেন শইকীয়া, অসমীয়া প্ৰতিদিন, পৃ: নং; ৪, ৩১ জানুৱাৰী, ২০২৩
  6. আইৰ প্ৰাণৰ ভাষা, কলংপাৰ, অসমীয়া সাপ্তাহিক, ২২ ফেবৰুৱাৰী, ২০২৩
  7. ৭.০ ৭.১ ৭.২ ৭.৩ ৭.৪ নীলমণি ফুকন-এক সামগ্ৰিক দৃষ্টিপাত. আহৰণ কৰা হৈছে: 9 জুলাই 2023.
  8. নীলমণি ফুকন আমাৰ অহংকাৰ. আহৰণ কৰা হৈছে: 9 জুলাই 2023.
  9. ৯.০ ৯.১ ৯.২ ৯.৩ ৯.৪ নীলমণি ফুকন (১৯৮৭)। লোক-কল্পদৃষ্টি গ্ৰন্থ। অসম প্ৰকাশন পৰিষদ।