সমললৈ যাওক

নিলোৎপল বৰা

ৱিকিউদ্ধৃতিৰ পৰা

নীলোৎপল বৰা এজন ভাৰতীয় কণ্ঠশিল্পী,সুৰকাৰ,গীতিকাৰ,সংগীত ব্যৱস্থাপক আৰু সংগীত পৰিচালক।[১] অসমৰ যোৰহাটৰ এক সাংগীতিক পৰিয়ালত নিলোৎপল বৰাৰ জন্ম হৈছিল। ২০১৭ চনত মুক্তিপ্ৰাপ্ত মাজুলী শীৰ্ষক গীতটোৰ জৰিয়তে তেওঁ শ্ৰোতা-দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।২০১৩ চনত তেওঁৰ প্ৰথম এলবাম ছেভেন আনপ্লাগ্‌ড মুক্তি পায়।[২]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. গুৱাহাটীৰ অসম আভিযান্ত্ৰিক প্ৰতিস্থানৰ পৰা কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰোঁ। তাৰ পাছত মিউজিকতে লাগি গ’লোঁ, মিউজিকেই কৰিলোঁ।[১]
  2. মোৰ এনেকুৱা ভাব হয় যেন মোৰ সংগীতৰ লগত যিটো সম্বন্ধ, যিটো সম্পৰ্ক, সেই সম্পৰ্কটো এইটো জনমৰ নহয়, ইয়াৰ বহুকেইটা আগৰ জনমৰ পূৰ্বেই চাগে সংগীতৰ লগত মোৰ সম্বন্ধ। সংগীতৰ সৈতেই চাগে আগৰ জনমত জীয়াই আহি এই জনমটো পাইছোঁ।[১]
  3. আচলতে অগ্ৰজসকলৰ প্ৰতিটো গীত বুলি নক’লেও প্ৰতিজন সংগীতজ্ঞ, প্ৰতিজন কবি, প্ৰতিজন লেখকৰ সৃষ্টিৰাজিয়ে মোক অনুপ্ৰাণিত কৰি আহিছে।[১]
  4. সকলোৰে সকলো গীত ভাল নালাগে, ভালপোৱাতো সম্ভবো নহয় কিন্তু প্ৰায় প্ৰতিজন আমাৰ স্বনামধন্য শিল্পীৰ সৃষ্টিয়েই মোৰ প্ৰিয়।[১]
  5. মোৰ অসমৰ লোক সংগীতক লৈ বিশেষ একো পৰিকল্পনা নাই, কাৰণ মই এতিয়াও বিশ্বাস কৰোঁ “অৰগেনিক প্ৰচেচ”ত। মই মুম্বাইত থাকি, শীত তাপ নিয়ন্ত্ৰিত ৰুম এটাত শুই ইয়াৰ বাবে কিবা কৰিব পাৰিম বুলি মনে নধৰে। মই ভাবোঁ Folk is a Life Style আৰু মই যদি সেই Life Style-টোত নাই তেন্তে মই সেই বস্তুটো কৰিবলৈ গ’লে সেই বস্তুটো অলপ মেকানিকেল হ’ব। যেতিয়া মই সেই Life Style-টোত থাকিম তেতিয়া মই সেই সংগীত কৰিম।[১]
  6. মোৰ দৃষ্টিত নীলোৎপল বৰা “ইজ নাথিং বাট এ ফেমিলি মেন”।[১]
  7. আচলতে সংগীতে উজুটি খোৱা নাই, উজুটি আমিহে খাইছোঁ। কথাটো এনেকুৱা হৈছে যে আগতে কেছেট বা চিডি এখন ৰিলিজ কৰিবলৈ বা এজন সংগীত পৰিচালক হ’বলৈ, গায়ক হ’বলৈ টান। টান মানে এতিয়াও টান কিন্তু এতিয়া ভাল গায়ক বা ভাল সংগীত পৰিচালক হ’বলৈ টান কিন্তু বৰ্তমান সময়ত কি হৈছে মোবাইল এপ, ইউটিউব বা ইণ্টাৰৰনেট আহি যোৱাৰ লগে লগে মানে যিয়ে মন যায় প্ৰতিভা বৰ বেছি নাথাকিলেও কিবাকিবি উপায়েৰে শিল্পী এজনৰ দৰে নিজকে চমক লগাই দেখুৱাব পৰা সুবিধা হ’ল। সেইটো আচলতে নিজৰ বাবে বেয়া আৰু সংগীতৰ বাবে অপকাৰী।[১]
  8. সংগীত মোৰ বাবে পেচা আৰু নিচা দুয়োটাই হয়। নিচা থকা বাবে পেচাটো ভালকৈ চলি আছে। সেইটোৱেই আচল কথা।[১]
  9. মই সদায় গুৰুত্ব দিওঁ গীতৰ কথাত আৰু বৰ্তমান সময়ত মই দেখিবলৈ পাইছোঁ যে, কিছু গীতিকাৰে আজিকালি মাত্ৰ শব্দ লিখে। বাক্য নিলিখে, গীতটোৰ মাজেৰে কি ক’ব খুজিছে সেইটো স্পষ্ট নহয়। গীত আচলতে তেনে হ’ব নালাগে আৰু আটাইতকৈ বেয়া লগা কথাটো হৈছে যে, তেনেকুৱা বহু গীত জনপ্ৰিয়ও হৈছে। সেই বস্তুটো খুব বেয়া বুলি মই ভাবোঁ।[১]
  10. মই নিজকে সফল বুলিয়েই ভাবোঁ। সফল বুলি এই কাৰণেই ভাবোঁ, কাৰণ মই যেতিয়া আজিৰ পৰা ১৫ বছৰ আগতে মিউজিক কৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু সেইসময়চোৱাত মোৰ যিসকল নিকট ব্যক্তি আছিল, তেওঁলোকে জানে, মই তেতিয়াই উপলব্ধি কৰিছিলোঁ যে সংগীত কৰিলেহে বা সংগীতৰ মাজত থাকিলেহে মই সুখী হ’ম। সেই সংগীত মই গুৱাহাটীত থাকি কৰিম নে মুম্বাইত থাকি কৰিলেহে মই সুখী হ’ম তেনেকুৱা কোনো কথা নাছিল। মুঠতে মই সংগীতৰ মাজত থাকিব লাগে। সংগীত এৰি মই এটা দিনো পাৰ কৰিব নোৱাৰোঁ। গতিকে এতিয়া যিহেতু মই বিচৰা ধৰণেই সংগীতৰ লগত থাকিব পাৰিছোঁ আৰু সংগীত মোৰ পেচা সেয়ে মই নিজকে সফল বুলিয়েই ভাবোঁ।[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০০ ১.০১ ১.০২ ১.০৩ ১.০৪ ১.০৫ ১.০৬ ১.০৭ ১.০৮ ১.০৯ ১.১০ সংগীতশিল্পী নিলোৎপল বৰাৰ সৈতে অন্তৰংগ আলাপ. সাক্ষাৎকাৰ. প্ৰকাশক: ফটাঢোল (ছেপ্তম্বৰ, ২০২১). আহৰণ কৰা হৈছে: 29 মে' 2024.
  2. Dutta,Reema. “মাজুলী” টু “মুম্বাই”ঃ নীলোৎপল বৰাৰ শুভ জন্মদিন-. প্ৰকাশক: rupaliparda. আহৰণ কৰা হৈছে: 19 June 2020.