নিপন গোস্বামী

ৱিকিউদ্ধৃতিৰ পৰা

নিপন গোস্বামী (ইংৰাজী: Nipon Goswami, ১৯৪২—২০২২) এগৰাকী অসমীয়া চলচ্চিত্ৰ আৰু নাট্যভিনেতা আছিল। মঞ্চত অভিনয় জীৱন আৰম্ভ কৰি তেখেতে পাছলৈ চিনেমাত নায়কৰ অভিনয় কৰিবলৈ লয়। অসমীয়া চলচ্চিত্ৰৰ মুষ্টিমেয় তাৰকা অভিনেতাসকলৰ মাজত নিপন গোস্বামী অন্যতম। তেখেতে টেলি-ফিল্ম, ভিচিডি ছবি আদিতো অভিনয় কৰাৰ উপৰিও নাট পৰিচালনাও কৰিছে। গোস্বামীয়ে প্ৰায় ৫০খন অসমীয়া ছবিত কাম কৰিছে। তেখেতে ৭খন হিন্দী ছবিৰ লগতে দুখনমান বঙালী ছবিত অভিনয় কৰিছে। ২৭ অক্টোবৰ, ২০২২-ৰ দিনা হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত তেখেতৰ মৃত্যু হয়৷ ২০২১ বৰ্ষত নিপন গোস্বামীক ‘ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা’ৰে সন্মানিত কৰা হয়৷ তেখেত পুনে ফিল্ম ইনষ্টিটিউটৰ ষাঠিৰ দশকৰে স্নাতক আছিল।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  •  মোৰ যিটো ঘৰত জন্ম হৈছিল, সেই ঘৰটো আমাৰ ককাদেউতাৰ দিনতে নিৰ্মাণ কৰা৷ প্ৰায় এশবছৰ হৈ গৈছে৷ মোৰ দেউতাৰ চাৰিজন ভাই-ককাই আছিল৷ মোৰ জন্মত পৰিয়ালৰ সকলো লোকেই ভীষণ আনন্দিত হৈছিল৷ কাৰণ পৰিয়ালৰ মই প্ৰথম ল’ৰা সন্তান আছিলোঁ৷[১]
  • সৰুতে মই বৰ জেদী আছিলো৷ সকলোৰে পৰা মই অলপ বেছিকৈ মৰম পোৱাৰ বাবে হয়তো মই এনেকুৱা আছিলোঁ৷ [২]
  • সৰু কালতেই নিম্ন বুনিয়াদী স্কুলত পঢ়ি থাকোঁতেই ‘লাচিত বৰফুকন’ নামেৰে এখন নাটক কৰিছিলোঁ৷ [৩]
  • জ্যোতিপ্ৰসাদৰ সেই অমৃত স্পৰ্শ মোৰ বাবে স্মৰণীয় হ’লেও কিন্তু জ্যোতিৰ জ্যোতিৰ্ময় বাট মোৰ বাবে কণ্টকিত আছিল৷ তেখেতৰ আদৰ্শৰ, সপোনৰ পৃথিৱীখনক ময়ো মনেপ্ৰাণে বিচাৰিছিলো যদিও সেই পৃথিৱীখনলৈ যোৱাৰ বাটটো মোৰ বাবে বৰ দুৰ্গম আছিল৷ [৪]
  • শংকৰদেৱৰ আদৰ্শমতে সকলো ধৰ্ম, সকলো মানুহ সমান৷ আমি শংকৰদেৱৰ সেই আদৰ্শ মানি চলিছিলো৷ সাধাৰণ অসমীয়া তলৰ জাতিৰ মানুহ এঘৰৰ কথা বাদেই মুছলমান মানুহৰ ঘৰত খোৱা-বোৱা কৰাতো আমাৰ ঘৰত বাধা নাছিল৷ [৫]
  • যেতিয়া মই বি.এ. পাছ কৰিলো আৰু আজিৰ পৰা ২০ বছৰমান আগলৈকে এই সময়ছোৱাত মই প্ৰতিদিনে প্ৰায় ৮০টা মান চিগাৰেট খাইছিলোঁ৷ [৬]
  • হিতেশ্বৰ শইকীয়া যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল, তেওঁৰ দিনতেই মই কংগ্ৰেছত যোগদান কৰিছিলোঁ৷ ৰাজনৈতিক পথাৰখন দ’লৈ নামি গৈ মই দেখিলো যে আমাৰ নিচিনা মানুহে ৰাজনীতি কৰিব নোৱাৰে৷ [৭]
  • মাজে মাজে মই মৃত্যুৰ কথা ভাবো, মৃত্যুৱে যেন মোক আঁকোৱালি লওঁক অতি সোনকালে৷ এই পৃথিৱীৰ আৰু কোনো মায়া নাই৷ [৮]
  • পুনেত পঢ়ি থকা সময়ছোৱাত, যেতিয়া মোৰ পৰীক্ষা চলি আছিল এখন কাৰ্ড পাইছিলো, তাত প্ৰয়াত অমৰ পাঠকদেৱে লিখিছিল-‘নিপন, মোৰ ইণ্টাৰভিউ বুলি এখন নাটক আছিলে, সেইখনকে চিত্ৰনাট্য ৰূপ দি এখন চিনেমা কৰিবলৈ লৈছোঁ; যাৰ নাম দিছোঁ ‘সংগ্ৰাম’৷ তাত তোমাক আমি নায়ক হিচাপে নিৰ্বাচন কৰিছো৷ গতিকে তুমি কলিকতাৰ ইন্দ্ৰপ্ৰস্থৰ ষ্টুডিঅ’লৈ আহি আমাক লগ ধৰা৷’ [১]
  • অসমৰ মাটিৰ গোন্ধ, আইৰ মুখৰ ভাষা, সংস্কৃতি আৰু ইয়াৰ আপোন মানুহৰ টানে অসমলৈ মোক টানি লৈ আনিলে৷ [৯]
  • ব্ৰজেন বৰুৱা অসমীয়া আধুনিক চিনেমাৰ এজন বাটকটীয়া আছিল৷ অসমীয়া চিনেমাৰ ইমান এজন নমস্য ব্যক্তিৰ কথা অসমৰ বাহিৰৰ মানুহে ভালদৰে নজনাটো আমাৰ বাবে এক অক্ষম সীমাবদ্ধতা৷[১০]
  • অসমত চিনেমা চোৱাৰ আৰু চিনেমা গঢ়াৰ যি পৰিৱেশ লাহে লাহে গঢ় ল’বলৈ ধৰিছিল, সি আলফাৰ এই মোক্ষম আঘাতত একেবাৰে চুৰমাৰ হৈ গৈছিল৷ [১১]
  • মোৰ মনত থকাত মোৰ সজ্ঞানে মই কাকোকেই বেয়াকৈ কোৱা নাই৷ মোকহে মানুহবোৰে আঘাত দিছে৷ [১২]
  • ভূপেনদা এনেকুৱা মানুহ আছিল পৃথিৱীৰ কথা জানিবলৈ যিবোৰ কিতাপ পঢ়িব লাগে, তেওঁৰ লগত থাকিলে সেইবোৰ একো নপঢ়িলেও হয়৷[১৩]
  • জোঁৰ লৈ হোৱা সমদলবোৰত ভৰত নৰহ, বৃন্দাবন গোস্বামীয়ে মোৰ উজান বজাৰৰ ঘৰত আহি মিটিং কৰিছিলহি৷ [১৪]
  • শিল্পী পেন্সন ২,০০০ টকাৰ পৰা ৪,০০০ টকা মই অফিচাৰ হৈ থাকোঁতেই কৰিছিলো৷ আকৌ তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থাকোঁতে এই ৪,০০০ টকীয়া শিল্পী পেন্সনটোক ৮,০০০ টকা কৰাইছিলোঁ৷[১৫]
  • অসমত টকা-পইচা-বজাৰৰ অভাৱেই চিনেমা এখনৰ মূল প্ৰতিবন্ধক নহয়৷ অসমীয়া ৰক্ষণশীল সমাজখনো ইয়াৰ বাবে সমানেই দায়ী৷[১৬]

তথ্যসূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ Goswami 2022, পৃষ্ঠা. 17.
  2. Goswami 2022, পৃষ্ঠা. 38.
  3. Goswami 2022, পৃষ্ঠা. 22.
  4. Goswami 2022, পৃষ্ঠা. 24.
  5. Goswami 2022, পৃষ্ঠা. 27.
  6. Goswami 2022, পৃষ্ঠা. 28.
  7. Goswami 2022, পৃষ্ঠা. 40.
  8. Goswami 2022, পৃষ্ঠা. 48.
  9. Goswami 2022, পৃষ্ঠা. 60.
  10. Goswami 2022, পৃষ্ঠা. 63.
  11. Goswami 2022, পৃষ্ঠা. 67.
  12. Goswami 2022, পৃষ্ঠা. 68.
  13. Goswami 2022, পৃষ্ঠা. 78.
  14. Goswami 2022, পৃষ্ঠা. 90.
  15. Goswami 2022, পৃষ্ঠা. 95.
  16. Goswami 2022, পৃষ্ঠা. 105.

গ্ৰন্থতালিকা[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • পৰিকল্পনা: সঞ্জীৱ সভাপণ্ডিত, সম্পাদনা: শান্তনু কোঁৱৰ আৰু পাপৰি বড়া (২০২২)। নিপম নিপন। গুৱাহাটী। পূৰ্বায়ন।