সমললৈ যাওক

নিতুপৰ্ণ ৰাজবংশী

ৱিকিউদ্ধৃতিৰ পৰা

নিতুপৰ্ণ ৰাজবংশী অসমৰ এজন কাৰ্টুনিষ্ট আৰু সাংবাদিক।[]

  1. ছবি আঁকিম বুলি কোনোদিনে মনলৈ অহা নাছিল। অৱশ্যে, লগৰ কাৰোবাক জোকাবলৈ বা অতিপাত হিতাহিত জ্ঞান হেৰুওৱাকৈ উঠা খঙৰ বহিৰ্প্ৰকাশ কৰিবলৈ কিছুমান আদিম ছবি বিদ্যুতৰ খুঁটা, ৰাজহুৱা শৌচাগাৰৰ দুৱাৰ আৰু আমাৰ ঘৰৰ কাষতে থকা পুৰণি প্ৰেক্ষাগৃহ এটাৰ দেৱালত আঁকিছিলোঁ। পিছলৈ গম পাইছিলো, এনে ধৰণৰ ছবি আঁকিও বিখ্যাত হ’ব পাৰি। []
  2. ছবিৰ প্ৰকৃত মহত্ব যেতিয়া লাহে লাহে বুজিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া এজন চিত্ৰকৰৰ দৰেই নিজক ভাবিবলৈ ল’লোঁ। []
  3. ছবি অঁকা শিকি থকাৰ সময়ছোৱাত তৎকালীন বাতৰি কাগজত প্ৰকাশিত কাৰ্টুনসমূহে মোক এখন নতুন পৃথিৱীৰ সন্ধান দিলে। মোৰ মন আৰু মগজুৱে ইমানদিনে কঢ়িয়াই লৈ ফুৰা এক বিষে বাৰুকৈ ক্ৰিয়া কৰিবলৈ ল’লে। উমান পালোঁ, সেই বিষটো আছিল সাধাৰণজনৰ যন্ত্ৰণাৰ একো একোটা স্তুপ, যিবোৰ মই কাকো ক’ব পৰা নাছিলোঁ। অথচ, এই কথাবোৰ ক’ৰবাত কাৰোবাৰ আগত কোৱাটো নিতান্তই উচিত আছিল। দেখিছিলোঁ, বাতৰি কাগজত প্ৰকাশ পোৱা কাৰ্টুন বা ব্যংগচিত্ৰই মোৰ আৰু সাধাৰণজনৰ মনৰ ক্ষোভখিনিকে প্ৰকাশ কৰিছে। ইয়ে মোক সাহস আৰু প্ৰেৰণা দিলে। মই নিশ্চিত হলোঁ যে কাৰ্টুনৰ দৰে অতি শক্তিশালী মাধ্যমটোৱেই মোৰ বাবে জীৱনৰ মূল আধাৰ হ’ব পাৰে। মই ঠিক কৰি ল’লোঁ মোৰ সমস্ত জীৱন এই কাৰ্টুনৰ বাবেই। []
  4. প্ৰকৃততে কাৰ্টুন শিকোৱা নাযায় বা শিকিবও নোৱাৰি। মূলতঃ ড্ৰয়িঙৰ শিক্ষা এইক্ষেত্ৰত অতীৱ প্ৰয়োজনীয়। []
  5. বিশেষতঃ মোৰ ভিতৰৰ মানুহটোৱে মোক ভালদৰে চিনি পাইছিল আৰু কৈছিল, “তই নেৰানেপেৰাকৈ কাৰ্টুনেই আঁক”। এই ভিতৰৰ মানুহটো সময়গতিকে মোৰ উগ্ৰ প্ৰশংসক আৰু সময়গতিকে কঠোৰ সমালোচক। এক অৰ্থত স্ব-শিক্ষাৰে আগবাঢ়িছো আৰু আজিও সেই ৰূপেই মই কাৰ্টুন আঁকিবলৈ যত্ন কৰিছোঁ কিম্বা শিকি আছোঁ। []
  6. প্ৰথম কাৰ্টুনখন প্ৰকাশ পোৱাৰ পাছত দেখিলোঁ যে, মোৰ দায়িত্ব আছে। সমানে বিশ্বাস বাঢ়িছিল। মই দৃঢ় হৈছিলোঁ যে এই মাধ্যমটোৰে মূক মানুহৰ কথা ক’ব পাৰিম। একো বিশেষ কথা নাভাবিলোঁ তেতিয়া। কাৰ্টুন আঁকি খাম বুলি নহয়, কাৰ্টুন আঁকিয়েই মানুহৰ হকে থিয় হ’ম বুলি আৰম্ভ কৰিলোঁ এক কঠোৰ যাত্ৰা। []
  7. সমাজ আৰু সময়ে প্ৰতিটো মুহূৰ্ততেই মোক হাতত তুলিকা ল’বলৈ নিৰন্তৰে দায়বদ্ধ কৰি ৰাখে। কাৰ্টুন মোৰ বাবে এক অভিযান আৰু পেছা। পেছাদাৰী কাৰ্টুনিষ্ট হিচাপে বহুসময়ত পেছাৰ খাতিৰত কৰিবলগীয়া কামখিনিয়েই শেষ কথা নহয়। []
  8. এজন কাৰ্টুনিষ্ট হিচাপে মই কিমান যোগ্য সেয়া মোৰ কামেহে নিৰ্ণয় কৰিব। কিন্তু কাৰ্টুন আঁকিবলৈ সমাজ, ৰাজনীতিৰ প্ৰতিটো দিশৰ পুংখানুপুংখ অধ্যয়ন, ব্যৱহাৰিক জ্ঞান, প্ৰচুৰ পৰিশ্ৰম, অংকন দক্ষতা, বিষয়বস্তু উপস্থাপনৰ বুদ্ধিদীপ্ততা – এই সকলোবোৰ আহৰণ কৰিবলৈ চেষ্টা কৰোঁ; সেই গতিকে এজন কাৰ্টুনিষ্টৰ বাবে এইখিনি অতি গুৰুত্বপূৰ্ণ বুলি ভাবোঁ। []
  9. কাৰ্টুনে কয় মানুহৰ মনৰ ক্ষোভ আৰু দ্ৰোহৰ কথা। ইয়াত নাথাকে ফুচুৰি। ইয়াত থাকে প্ৰচণ্ড দুখবোধ। []
  10. যিহেতু মই সাধাৰণ মানুহৰ কথাই ক’বলৈ চেষ্টা কৰি আহিছোঁ, সেই গতিকে মই মোৰ কামত সদায় তৰল কথা আৰু চিন্তাবোৰ পৰিহাৰ কৰি আহিছোঁ। কাৰ্টুন এক দৃশ্য মাধ্যম হ’লেও ইয়াক কাহানিও মনোৰঞ্জনৰ আহিলা হ’বলৈ দিয়া নাই। সেয়ে এই ক্ষেত্ৰত একাংশ সংবাদ কৰ্তৃপক্ষৰ সৈতে মোৰ মতাদৰ্শগত বিৰোধ আছে। একাংশ সংবাদ মাধ্যম আৰু প্ৰকাশন প্ৰতিষ্ঠানে কাৰ্টুনক আজিও মনোৰঞ্জনৰ আহিলা বা খালী ঠাই পূৰণৰ ব্যৱস্থা হিচাপে ব্যৱহাৰ কৰাত মনোনিৱেশ কৰি আহিছে। ইয়ে কাৰ্টুনৰ প্ৰকৃত গূঢ়াৰ্থ আৰু ৰুচিবোধক অন্যায় কৰিছে। মই এই পন্থাৰ পৰা সদায় আঁতৰি থাকোঁ। গতিকে অন্য সৃষ্টিশীল পেশাক একাংশই পণ্য কৰাৰ দৰে কাৰ্টুনক মই পণ্য কৰিব নিবিচাৰোঁ। []
  11. কাৰ্টুন প্ৰশিক্ষণৰ মূল উদ্দেশ্যটো হ’ল – কাৰ্টুনক অধিক জনমুখী কৰা আৰু ইয়াৰ গুৰিকথা প্ৰসাৰিত কৰা। যিহেতু ছবি এক প্ৰাচীন কলা আৰু ব্যংগচিত্ৰৰ আৰম্ভণিও গুহা চিত্ৰসমূহৰ পৰাই, সেয়ে এই পৰম্পৰাগত শৈলীক জানিবলৈ-বুজিবলৈ এনে কৰ্মশালা বা প্ৰশিক্ষণৰ আয়োজন। []
  12. ছবি অঁকাটো এক বিজ্ঞানসন্মত মানসিক ব্যায়াম। লগতে কল্পনা বা চিন্তা-শক্তি বিকাশৰ এক সৱল স্বাস্থ্যসন্মত মাধ্যম। ছবি অঁকা শিকিলেই যে, চিত্ৰকৰ বা কাৰ্টুনিষ্ট হ’ব লাগিব তেনে কোনো কথা নাই। কাৰণ, ছবিৰ শিক্ষাই শৈক্ষিক জীৱনত বিৰাট প্ৰভাৱ পেলায়। একোজন শিক্ষাৰ্থীৰ মানসিক বিকাশত ছবিৰ গুৰুত্ব অপৰিসীম।[]
  13. ব্যক্তিগতভাৱে, মই কোনো দলীয় দৰ্শন বা আদৰ্শ বিশ্বাস নকৰোঁ। মোৰ বাবে পৰাধীন সাধাৰণজনৰ মনোবেদনাই মুঠ কথা। []
  14. কাৰ্টুন কোনো ব্যক্তিগত আক্ৰোশত অঁকা নহয়। এনেকুৱাও হয়, মই ভালপোৱা ব্যক্তিজনৰো কাৰ্টুন আঁকিবলগীয়া হৈছে তেওঁৰ সামাজিক কেতবোৰ কৰ্মই সৃষ্টি কৰা প্ৰতিক্ৰিয়াক লৈহে। ইয়াত সামাজিক কথাটোহে মূল, ব্যক্তি নহয়। []
  15. মই কোনো ব্যক্তিবিশেষৰ অনুগত নহওঁ বা শ্ৰুতলিপি মানি কাৰ্টুন নেআঁকো, তেনে ক্ষেত্ৰত এজন কাৰ্টুনিষ্টৰ স্বাধীনতাৰে মই মোৰ যাৱতীয় কামখিনি যত দূৰ সম্ভৱ নিয়াৰিকৈ সম্পন্ন কৰাৰ চেষ্টা কৰোঁ। ইয়াত ভুল-শুদ্ধৰ প্ৰসংগটো গৌণ। []
  16. সংগীত ক্ষেত্ৰখনৰ লগতে চিনেমা আৰু ভ্ৰাম্যমান থিয়েটাৰক লৈ কেবাখনো ব্যংগচিত্ৰ অঁকা হৈছে আৰু এই ধাৰা অদ্যাপি অব্যাহত। তিনিওটা মাধ্যমত সৃষ্টি হোৱা প্ৰদূষণ, বেমেজালি আৰু উচ্ছৃংখল কাৰবাৰে মোক ক্ৰিয়া কৰে। আমাৰ পূৰ্বজে দি যোৱা সংস্কৃতিৰ নিৰুপম মালাধাৰি একাংশই ছেদেলি-ভেদেলি কৰিলে— এই কথাই মোক ব্যথিত কৰে। অথচ এই তিনিওটা শক্তিশালী মাধ্যমে সমাজত সুস্থ পৰম্পৰা, বৈজ্ঞানিক মানসিকতা সৃষ্টিত প্ৰত্যক্ষ অৰিহণা যোগাব পাৰে। []
  17. কাউৰীয়ে যিদৰে পুৱাই কোৰ্হাল তুলি মানুহক দিনটোৰ কৰ্মৰ বাবে সজাগ কৰে, তেনেদৰে কাৰ্টুনেও একে কাম কৰে বুলি অনুভৱ কৰোঁ। []
  18. মা-দেউতাই মূলতঃ চৰকাৰী চাকৰি বিচাৰিবলৈ হেঁচা দি তথাকথিত কেৰিয়াৰ এটা গঢ়িবলৈ মোক ঠেলি নিদি কাৰ্টুন আঁকিবলৈকে ১৮ বছৰ পূৰ্বে সমাজৰ বাবে উচৰ্গা কৰিলে। পৰিয়ালৰ অহৰহ প্ৰেৰণা মোৰ বাবে সাহস। তদুপৰি এই পৰিক্ৰমাত মূলতঃ সমাজ, শুভাকাংক্ষী, মই কাম কৰা প্ৰতিষ্ঠানৰ সম্পাদকবৃন্দ, সতীৰ্থ সাংবাদিক, সংবাদকৰ্মী, সমালোচক, নিন্দুক, মোক বিৰোধিতা কৰাসকল সকলোৰেই ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ বাবেই চাগে অহৰহ মূৰ তুলি কাৰ্টুন আঁকিবলৈ সৎ সাহসখিনি পাইছোঁ। ইয়ে মোক ক্ৰমাৎ দায়িত্বশীল কৰি তুলিছে। সামৰ্থ্য থকালৈকে এই দায়িত্বৰে আগবাঢ়ি যোৱাটোৱেই মোৰ ঘাই উদ্দেশ্য।[]