গৌতম বুদ্ধ
গৌতম বুদ্ধ (ইংৰাজী: Gautama Buddha) বৌদ্ধধৰ্মৰ প্ৰতিষ্ঠাপক।[১] অধিকাংশ বৌদ্ধ সম্প্ৰদায়ৰ মতে, তেৱেঁ বৰ্তমান যুগৰ সৰ্বোচ্চ বুদ্ধ। 'বুদ্ধ' শব্দৰ অৰ্থ 'আলোকপ্ৰাপ্ত ব্যক্তি' বা 'দিব্যজ্ঞানপ্ৰাপ্ত ব্যক্তি'। তেওঁৰ জন্ম আৰু মৃত্যুৰ সঠিক সময় অজ্ঞাত। প্ৰাক-বিংশ শতাব্দীৰ ঐতিহাসিকবিদসকলে তেওঁৰ জীৱনকালক সীমাবদ্ধ কৰিছে ৫৬৩ খৃষ্টপূৰ্বাব্দৰ পৰা ৪৩৮ খৃষ্টপূৰ্বাব্দৰ মধ্যকাললৈ।[২] কোনো কোনো আধুনিক ঐতিহাসিকবিদৰ মতে গৌতম বুদ্ধৰ মৃত্যু ঘটে ৪৮৬ ৰ পৰা ৪৮৩ খৃষ্টপূৰ্বাব্দৰ মধ্যবৰ্তী কোনো এক সময়লৈ; আকৌ কিছুমানৰ মতে, ৪১১ ৰ পৰা ৪০০ খ্ৰীষ্টপূৰ্বৰ মধ্যকাললৈকে।[৩] গৌতম বুদ্ধৰ অন্য নাম "শাক্যমুনি"; তেওঁ বৌদ্ধধৰ্মৰ কেন্দ্ৰীয় ব্যক্তিত্ব। অনুমান কৰা হয়, তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ অনুগামীসকলে তেওঁৰ জীৱনকথা, শিক্ষা আৰু বৌদ্ধ সংঘৰ সন্ন্যাস-বিধি লিপিবদ্ধ কৰিছিল। তেওঁৰ শিক্ষাবোৰ প্ৰথমতে মুখে মুখে প্ৰচলিত আছিল। বুদ্ধৰ মৃত্যুৰ প্ৰায় চাৰিশ বছৰ পাছত এইবোৰ লিপিবদ্ধ কৰা হয়।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- অহিংসা পৰম ধৰ্ম।
- জিভাখন তীক্ষ্ণ চুৰিৰ দৰে, ই তেজ নোলোৱাকৈ হত্যা কৰে; দক্ষ ব্যক্তিৰ শব্দই যোদ্ধাৰ হাতত থকা অস্ত্ৰতকৈ অধিক ক্ষতি কৰিব পাৰে।[৪]
- ক্ৰোধক প্ৰেমেৰে, বেয়াক ভালেৰে, নীচতাক উদাৰতাৰে আৰু মিথ্যাক সত্যৰে জয় কৰক।[৫]
- আনৰ দোষ-গুণ বা আনে কি কৰিলে, কি নকৰিলে, তালৈ চকু নিদি, নিজে কি কৰিছে বা কৰা নাই তালৈহে চকু দিয়া উচিত।
- অতীতৰ অনুশোচনা, ভৱিষ্যতৰ দুশ্চিন্তা এৰি বৰ্তমানটো যাপন কৰা।
- কোনোবাই তোমাক তিৰস্কাৰ কৰিলেও ক্ৰোধিত নহ'বা। ধৈৰ্য সহকাৰে শুনি যাবা। কাৰণ তিৰস্কাৰ কৰা জনৰ কথাৰ মাজত সত্যতাও থাকিব পাৰে। ক্ৰোধিত হ’লে সেই সত্য জনাৰ পৰা বঞ্চিত হ’বা।[৬]
- এজন কৰুণাময় লোক এপাহ ফুলৰ দৰে কোমল। তেওঁ আন কাৰো (কোনো প্ৰাণীৰেই) যাতনাক সহিব নোৱাৰে। ক্ষুধাৰ দৰে জুই নাই, ঘৃণাৰ দৰে খামোচ মাৰি ধৰা বস্তু নাই। ভ্ৰম-মায়াৰ দৰে জাল নাই, লালসাৰ দৰে নদী নাই।[৬]
- স্বতঃপ্ৰণোদিতভাৱেহে কাম কৰিব পাৰি।[৬]
- যি আৰ্থিকভাৱে সক্ষম হৈও নিজৰ বৃদ্ধ মাক-দেউতাকক চোৱাচিতা নকৰে, তেওঁ সমাজবিৰোধী।[৬]
- তুমি কেৱল ‘তুমি’য়েই নহয়, তুমি এই ব্ৰহ্মাণ্ডৰ পৰা পৃথক নহয়।[৬]
- আকাংক্ষা কেতিয়াও পূৰ্ণ নহয়। অপূৰ্ণতাই আকাংক্ষাৰ ধৰ্ম। কেৱল তেওঁলোককেই ধাৰ দিবা, যি ধাৰ পৰিশোধ কৰে।[৬]
- যিসকলে ঋণ পৰিশোধ নকৰে, তেওঁলোকক দানো নিদিবা। কাম এটা কৰিবলৈ লৈ ভাবিবা— এই কামটোৱে মোৰ বা আন কাৰোবাৰ (বা আন কোনোবা প্ৰাণীৰ) কিবা ক্ষতি কৰিব নেকি? ই সুখ আনিব পৰা ভাল কাম হয়নে?[৬]
- দুখত ভাগি পৰাজনে ভালদৰে চিন্তা কৰিব লাগে যে দুখৰ পাছত সুখ অহাটো নিশ্চিত ৷
- সকলোৱে শাস্তিলৈ ভয় কৰে। জীৱন সকলোৰে বাবে মৰমৰ। কাকো আঘাত নিদিবা, কাকো হত্যা নকৰিবা।[৬]
- যিসকলে জ্ঞানীৰ জীৱন যাপন কৰে, তেওঁলোকে মৃত্যুলৈ ভয় নকৰে। প্ৰত্যেক ব্যক্তিয়েই নিজৰ স্বাস্থ্য বা ব্যাধিৰ কাৰক।[৬]
- অসহনশীলতাই ধৰ্মৰ পৰম শত্ৰু।[৬]
- ঘৃণাক ঘৃণাৰে নিঃশেষ কৰিব নোৱাৰি, পাৰি কেৱল স্নেহেৰে। ধনী-দুখীয়া সকলোৰে বাবে কৰুণা কৰিবা। সকলোৰে নিজৰ যাতনা আছে।[৬]
- বোধত্বপ্ৰাপ্তি হ’ল সাগৰৰ সেই মুহূৰ্তৰ এটা ঢৌ, যি মুহূৰ্তত সি বুজি পায় যে এয়া কেৱল পানীহে।[৬]
- ক্ৰিয়া আৰু ফলৰ ধাৰাবাহিকতাত এটা বস্তু অদৃশ্য হয়, আন এটা পৰৱৰ্তী বস্তু দৃশ্যমান হোৱাৰ পৰিস্থিতি সৃষ্টি হয়। কোনো বস্তুৱেই অপৰিৱৰ্তনীয় নহয়। ‘মই’ বোলা কোনো স্থায়ী সত্তা বা ব্যক্তিত্ব— একোৱেই ৰৈ নাযায়।[৬]
- জীৱন আৰু গতি দুটা বেলেগ বিষয় নহয়। চিন্তা নিজেই চিন্তক। চিন্তাৰ আঁৰত কোনো চিন্তক নাই। তুমি যদি চিন্তা আঁতৰ কৰা, চিন্তকজনকো বিচাৰি নাপাবা।[৬]
- বস্তুৱে কেনেকৈ সময়ৰ সৈতে পৰিৱৰ্তন হয়, কেনেকৈ স্থিতি লয় আৰু ভৱিষ্যতে সিহঁতৰ পৰিৱৰ্তনক কেনেকৈ গ্ৰহণ কৰিব পাৰি— সেয়া বুজাটো বৰ গুৰুত্বপূৰ্ণ কথা।[৬]
- এহেজাৰ ফোঁপোলা শব্দতকৈ এটা শব্দই শান্তি আনিবৰ বাবে যথেষ্ট।[৬]
- অতীতত ওলমি নাথাকিবা, ভৱিষ্যতৰ সপোনত নাথাকিবা। বৰ্তমানৰ মুহূৰ্তত মনটো কেন্দ্ৰীভূত কৰা।[৬]
- নিজেই নিজৰ আশ্ৰয়প্ৰাৰ্থী হ'ব লাগিব, কোনে কাৰ। আশ্ৰয়প্ৰাৰ্থী হ'ব পাৰে? জ্ঞানী মানুহে নিজৰ মাজত এটা দ্বীপ সৃষ্টি কৰি লয়, যাক কোনো বানপানীয়ে বুৰাব নোৱাৰে।[৬]
- পৰ্বতৰ পৰা বৈ অহা খৰস্ৰোতা নদীয়ে সকলোকে লৈ আহে, এক মুহূৰ্তৰ বাবেও ক’তো নৰয়, কেৱল নীৰৱচ্ছিন্নভাৱে বৈ থাকে। মানুহৰ জীৱনো পৰ্বতৰ পৰা বৈ অহা নদীৰ দৰেই।[৬]
- স্নেহৰ মাজেৰে ইচ্ছাৰ মুক্তি ঘটাবলৈ অনুশীলন কৰিব লাগিব।[৬]
- এই বিশ্ব এক নীৰৱচ্ছিন্ন গতি আৰু ই অস্থায়ী।[৬]
- সেইজনেই সামৰ্থ্যবান, যি নিজে ভাবে যে তেওঁ সমৰ্থ।[৬]
- তেৱেঁই জীৱনৰ ঐক্যৰ অনুভৱ কৰিব পাৰে, যি সকলোতে নিজক দেখে আৰু নিজৰ মাজত সকলোকে দেখে।[৬]
- আমি যেনেকৈ চিন্তা কৰো, তেনেকৈ ফল পাওঁ। বেয়া চিন্তা বা বেয়া কামৰ বাবে বেদনা আহে, বিশুদ্ধ ভাবনাই লৈ আহে সুখ।[৬]
- সত্যক যেতিয়া আমন্ত্ৰণ জনোৱা হয়, তাক গ্ৰহণ কৰিবই লাগিব। এয়াই সত্যৰ নিয়ম। সত্যক কোনেও জয় কৰিব নোৱাৰে, কেৱল আমন্ত্ৰণ জনাবহে পাৰে। সত্যৰ সন্মুখীনহে হ’ব লাগিব।[৬]
- বিশ্বাস হ’ল বাধাৰ প্ৰাচীৰ, সেই বিশ্বাস যিয়েই নহওক কিয়।[৬]
- সত্য কি - তাক অজ্ঞানীয়েহে বুজি নাপায়।
- অৰ্থ নথকা হেজাৰ শব্দৰ বাক্যতকৈ অৰ্থপূৰ্ণ এটি বাক্যও ভাল।[৭]
- দুখত ভাগি পৰাজনে ভালদৰে চিন্তা কৰিব লাগে। যে দুখৰ পাছত সুখ অহাটো নিশ্চিত।[৮]
- জীৱনক উদ্ভাসিত কৰে কেৱল সত্য আৰু প্ৰেমে। বাকী সকলো পোহৰ আৰু উজ্জ্বলতা কেৱল ছলনাহে। প্ৰকৃত পোহৰ নহয়।
- মুৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে । [৯]
- কাকো প্ৰবঞ্চনা বা প্ৰতাৰণা নকৰিবা, কাকো অৱহেলাও নকৰিবা৷ সাময়িক খং আৰু উত্তেজনাৰ বশৱৰ্ত্তী হৈ এনে কোনোধৰণৰ আচৰণ নকৰিবা যাৰ বাবে তুমি আনৰ দুখৰ কাৰণ হ’বলগা হয়৷ মাকে যেনেকৈ নিজৰ সৰ্বস্ব দিয়ো সন্তানক ৰক্ষা কৰে, সেই মমতা আৰু কৰুণা তুমি নিজৰ হৃদয়ত বহন কৰাৰ প্ৰয়াস কৰিবা৷ তোমাৰ বন্ধু বা পৰিচিতসকলৰ প্ৰতিয়েই নহয়, বিশ্বজগতৰ প্ৰতিটো জীৱৰ প্ৰতি নিজৰ হৃদয়ত বহন কৰিবা অহিংসা, দ্বেষহীন সহানুভূতি, প্ৰেম তথা কৰুণা৷[১০]
- তোমাৰ অতীত কিমান কঠুৱা আৰু প্ৰত্যাহ্বানপূৰ্ণ আছিল সেয়া দৰকাৰী নহয় ৷ তুমি যিকোনো মুহূৰ্তৰ পৰাই নতুনৰ আৰম্ভণি কৰিব পাৰা৷
- জীৱনৰ পৰা যদি অহংকাৰ আৰু দুৰাকাঙ্খাক বিদায় দিব পৰা যায় তেন্তে জীৱনত কেৱল আনন্দই বাকী থাকে৷[১১]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ The Buddha, His Life and Teachings. প্ৰকাশক: Buddhanet.net. আহৰণ কৰা হৈছে: 2010-10-02.
- ↑ L. S. Cousins (1996), "The dating of the historical Buddha: a review article", Journal of the Royal Asiatic Society (3)6(1): 57–63.
- ↑ “If, as is now almost universally accepted by informed Indological scholarship, a re-examination of early Buddhist historical material, ..., necessitates a redating of the Buddha’s death to between 411 and 400 BCE....: Paul Dundas, The Jains, 2nd edition, (Routledge, 2001), p. 24.
- ↑ দীঘ নিকায়, স্ত্ৰোত্ৰ ১, শ্লোক ৫
- ↑ খুদক নিকায় (ধমপদ), অধ্যায় ১৭, শ্লোক ২২৩
- ↑ ৬.০০ ৬.০১ ৬.০২ ৬.০৩ ৬.০৪ ৬.০৫ ৬.০৬ ৬.০৭ ৬.০৮ ৬.০৯ ৬.১০ ৬.১১ ৬.১২ ৬.১৩ ৬.১৪ ৬.১৫ ৬.১৬ ৬.১৭ ৬.১৮ ৬.১৯ ৬.২০ ৬.২১ ৬.২২ ৬.২৩ ৬.২৪ ৬.২৫ (অক্টোবৰ, ২০২০) গৌতম বুদ্ধ এক অমৃতময় জীৱন। গুৱাহাটী। JS Books, পৃষ্ঠা:235-240। ISBN: 978-81-929804-8-5।
- ↑ শ্ৰীদুৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা (১৯৮৮)। উদ্ধৃতি। ওৰিয়েণ্টেল বুক কোম্পানী।
- ↑ দৈনিক জন্মভূমি, পৃষ্ঠা- ৫, ১০ অক্টোবৰ, ২০২২
- ↑ মহৎ লোকৰ অমৃত বাণী, সম্পাদনা:জয়চন্দ্ৰ চক্ৰৱৰ্তী, পৃ. ১
- ↑ বিকাশপেডিয়া, ১০ জুন ২০২৩
- ↑ শয়াম, চিকন (সংগ্ৰাহক) (২০২১)। খামচিন৷ থমট্ৰা। সামন্ত চউলু, নামচাই।