সমললৈ যাওক

নয়নমণি শইকীয়া

ৱিকিউদ্ধৃতিৰ পৰা

নয়নমণি শইকীয়া হৈছে এগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ল'ন বল খেলুৱৈ।[] তেওঁ বৰ্তমানলৈকে কমনৱেলথ গেমছৰ তিনিটা সংস্কৰণত ভাৰতক প্ৰতিনিধিত্ব কৰিছে। ২০১৪ চনৰ কমনৱেলথ গেমছত ট্ৰিপল আৰু ফোৰ শিতানত,[] ২০১৮ চনৰ কমনৱেলথ গেমছত পেয়াৰ আৰু ফোৰ শিতানত[] আৰু ২০২২ চনৰ কমনৱেলথ গেমছত পেয়াৰ আৰু ফোৰত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছে।[] অসমৰ গোলাঘাট জিলাত জন্মলাভ কৰা তেওঁ অসম বন সুৰক্ষা বাহিনীত কনিষ্টবল হিচাপে কৰ্মৰত।

  1. দেশৰ মান উচ্চ কৰাৰ সুযোগকণ পোৱাত খুবেই গৌৰৱান্বিত এজন ভাৰতীয় হিচাপে।[]
  2. যুৱচামে অধ্যয়নৰ সমান্তৰালকৈ খেলৰ প্ৰতিও আগ্ৰহী হোৱা উচিত বৰ্তমান সময়ত। বৰ্তমান সময়ত খেলৰ সুবিধা আগৰ তুলনাত যথেষ্ট। খেলৰ বাবে প্ৰশিক্ষণৰ প্ৰচুৰ সুবিধা আছে। নিজৰ চেষ্টাৰ ফলত সকলোৱে নিজৰ সপোন বাস্তৱত ৰূপান্তৰিত কৰিব পাৰে।[]
  3. খেল, চাকৰি, পৰিয়াল -- তিনিওটা দায়িত্ব মই সমান্তৰালভাৱে চলাই নিছিলোঁ। কোনোধৰণৰ অসুবিধা পোৱা নাছিলোঁ।[]
  4. খেলৰ পৰিৱেশ অন্য ৰাজ্যৰ তুলনাত অসমত আগতে যথেষ্ট কম আছিল কিন্তু বৰ্তমান উন্নত হৈ আছে আৰু ক্ৰীড়া নীতি আঁচনিৰ অধীনত নিৰ্মাণ কাৰ্যবোৰ চলি আছে। এয়া খেলৰ সুদিন। []
  5. সুস্থ হৈ থাকিবলৈ ৰাতিপুৱা সোনকালে সূৰ্য উদয়ৰ আগতে শুই উঠি খোজ কঢ়া, দৌৰা আদি আৰু অন্যান্য শাৰীৰিক ব্যায়াম কৰিব লাগে। ৰাতিপুৱাৰ এই সময়ৰ মলয়া বতাহজাকে শৰীৰ সতেজ কৰি ৰাখে , তেজৰ সঞ্চালন সঠিকভাৱে হয় আৰু ঘাম হিচাপে শৰীৰৰপৰা অলাগতিয়াল বস্তুবোৰ ওলাই যায়। []
  1. ১.০ ১.১ Lawn Bowls | Athlete Profile: Nayanmoni SAIKIA - Gold Coast 2018 Commonwealth Games. প্ৰকাশক: results.gc2018.com. Archived from the original on 2022-05-19.
  2. Nayanmoni Saikia - Player Profile. প্ৰকাশক: thecgf.com. Archived from the original on 4 December 2020.
  3. Nayanmoni Saikia - Birmingham 2022 Results. প্ৰকাশক: results.birmingham2022.com.
  4. ৪.০ ৪.১ ৪.২ ৪.৩ ৪.৪ কমনৱেলথ গেমছত স্বৰ্ণপদক বিজয়ী নয়নমণি শইকীয়াৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ. সাক্ষাৎকাৰ. প্ৰকাশক: জ্ঞানম (নৱেম্বৰ, ২০২২). আহৰণ কৰা হৈছে: 27 মে' 2024.