সমললৈ যাওক

নয়নজ্যোতি শৰ্মা

ৱিকিউদ্ধৃতিৰ পৰা

নয়নজ্যোতি শৰ্মা হৈছে একাধাৰে গল্পকাৰ, ৱিকিমিডিয়ান তথা চিকিৎসক।[] কৰ্মসূত্ৰে বৰ্তমান তেখেত অসমৰ নলবাৰীৰৰ শুশ্ৰূষা চিকিৎসালয়ৰ এজন চিকিৎসক।[] তেখেতে ২০২৩ বৰ্ষৰ নৱেম্বৰ মাহত জাল কটা জুই শীৰ্ষক চুটিগল্প সংকলনৰ বাবে মুনীন বৰকটকী সাহিত্য বঁটা লাভ কৰে।[] ২০২২ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ হোৱা এই গল্প সংকলন খনেই তেখেতৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থ।[] তদুপৰি ২০২৩ বৰ্ষত ২৯ চেপ্তেম্বৰৰ পৰা ১ অক্টোবৰলৈ অনুষ্ঠিত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱত তেখেতক প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁ‌টা-২০২৩ প্ৰদান কৰা হৈছে।[]

  1. বঁটাপ্ৰাপ্তিয়ে নিঃসন্দেহে অনুপ্ৰাণিত কৰিছে। মই যি ধৰণে লিখিব বিচাৰোঁ, যিবোৰ কথা লিখিব বিচাৰোঁ, এই বঁটাক ইয়াৰ এক স্বীকৃতি হিচাপে গ্ৰহণ কৰি নিজৰ শৈলীৰ উৎকৰ্ষ সাধন কৰিব বিচাৰোঁ।[]
  2. চুটিগল্পৰ ঐতিহ্যৈ প্ৰেৰণা হিচাপে কাম কৰি আহিছে। শইকীয়া ছাৰ, চলিহা ছাৰৰ গল্প হয়তো প্ৰতিজন অসমীয়া গল্পকাৰৰেই শব্দৰ পৃথিৱীখনৰ প্ৰতি আগ্ৰহী হৈ উঠাৰ উৎস।[]
  3. মই নিজে যিবোৰ গল্প পঢ়িব বিচাৰোঁ, তেনেকুৱা গল্প লিখিবও বিচাৰোঁ, যিয়ে পাঠকক চিন্তাৰ খোৰাক যোগাই, পাঠকৰ প্ৰত্যাশাক অতিক্ৰম কৰে।[]
  4. প্ৰতিজন মানুহৰ মন বিচিত্ৰ আৰু মনক প্ৰভাৱিত কৰা কথাবোৰো বিচিত্ৰ। যিমানেই মানৱ মনৰ কথাবোৰ লিখা হ'ব সাহিত্যত সিমানেই বিচিত্ৰতা বৃদ্ধি পাব।[]
  5. সমাজৰ লগত মানুহৰ দ্বিধা-দ্বন্দ্ব সদায় সংপৃক্ত।[]
  6. কৃত্ৰিম বুদ্ধিমত্তা সুকুমাৰ কলাৰ সহযোগী হ'ব পাৰে পৰিপূৰক হ'ব নোৱাৰে।[]
  7. লেখকৰ বাবে উত্তৰণৰ অভ্যাস অতি প্ৰয়োজনীয় আৰু সীমাবদ্ধতাৰ উমান নাপালে উত্তৰণৰ থল নাথাকে।[]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ ১.৭ মৃদুল হালৈ. "সীমাবদ্ধতাৰ উমান নাপালে উত্তৰণৰ থল নাথাকে", সাক্ষাৎকাৰ, ২৫ নৱেম্বৰ, ২০২৩,.পৃষ্ঠাসমূহ. নৱ প্ৰজন্ম. আহৰণ কৰা হৈছে 30 মে' 2024.
  2. ২.০ ২.১ নয়নজ্যোতি শৰ্মা (২০২২)। জাল কটা জুই। পূৰ্বায়ণ প্ৰকাশন। ISBN: 978-81-960230-1-0
  3. "ডাঃ নয়নজ্যোতি শৰ্মালৈ মুনীন বৰকটকী সাহিত্য বঁ‌টা". আহৰণ কৰা হৈছে 7 November 2023.
  4. "কাইলৈৰ পৰা গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ", 28-09-2023. আহৰণ কৰা হৈছে 7 November 2023.