নমিতা বৈশ্য
অৱয়ব
নমিতা বৈশ্য হৈছে অসমৰ এগৰাকী আয়ুৰ্বেদ চিকিৎসক গৱেষক, ঔপন্যাসিক, গল্পকাৰ। হালধীয়া ঘেঁহুৰ পথাৰ আৰু এজাক কাউৰী, ছাঁ আৰু কিছু অন্যান্য গল্প, হেৰাই যোৱাৰ গল্প আদি হৈছে তেওঁৰ কিছু সাহিত্যকৰ্ম।[১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- এটা বিশেষ মুহূৰ্তত উপস্থিত নোহোৱালৈকে কত অনুভৱ যে মানুহে নজনাকৈয়ে থাকি যায়। [২]
- কোনোবা এটা সময়ত মানুহৰ আগবাঢ়িবলৈ একো নাথাকে বোধকৰোঁ। মানুহ তেতিয়া সোঁৱৰণীত জীয়াই থাকে। মানুহে পিছলৈ উভতি খোজ কাঢ়ে।[২]
- বোধকৰোঁ পৰিয়ালবোৰ একোটা গোটা কাঁচৰ বৈয়ামৰ দৰে। এটুকুৰা কাঁচ যেতিয়া খহি পৰে, গোটেই বৈয়ামটোৱে লাহে লাহে খহি পৰে।[২]
- কিছুমান কথা কেতিয়াও কোৱা বা সোধা সম্ভৱ নহয়।[২]
- লেখাৰ মাজেৰে এজন লেখকক আৱিষ্কাৰ কৰা সহজ কথা নহয়।[৩]
- চৰিত্ৰ এটাক বুজি নুঠাকৈ তাৰ মাজত সোমাই যোৱা সম্ভৱ নহয়।[৩]
- সৃষ্টিশীল মানুহৰ বাবে সৃষ্টিহীনতা মৃত্যুৰ তুল্য। জীৱন সৃষ্টিহীন হোৱাতকৈ চুটি হোৱা ভাল।[৩]
- নিজৰ মাটিৰ বাবে যুঁজ - সবাতোকৈ সবল যুঁজ![৩]
- সকলো শেষ হোৱাৰ পাছতো ভালপোৱাৰ অৱশেষ থাকি যায়।[৩]
- প্ৰেম বহুত অদ্ভুত বস্তু। কেতিয়াবা গোটেই জীৱন বিচাৰি থাকিলেও নাপায়, কেতিয়াবা আকৌ এনেকুৱাকৈ আহি সন্মুখত ধৰা দিয়ে, যে আপুনি পলায়ো তত্ নাপাব। [৪]
- কেতিয়াবা কি যে এক অদ্ভুত অনুভৱ হয়। কি বিচাৰোঁ, কি নিবিচাৰোঁ একো ধৰিবই নোৱাৰোঁ। [৪]
- জীৱন ধাৰণৰ মান আৰু আয়ুসৰ এটা গভীৰ সম্পৰ্ক আছে। [৪]
- অকলে যৌৱনপ্ৰাপ্ত হৈ থকাতকৈ, সকলোৰে লগত বৃদ্ধ হোৱা বহুত বেছি ভাল। অকলে জীয়াই থকাতকৈ সকলোৰে লগত মৃত হোৱা বহুত বেছি ভাল।[৪]
- এইখন আকাশ আচলতে বৃদ্ধ আকাশ। উদাৰ, বয়স্ক, অভিজ্ঞ, জ্ঞানব্যাপ্ত, দুহাত খুলি আত্মাৰ দ্বাৰ মুক্ত কৰি দিব পৰা আকাশ। বৃদ্ধ আকাশৰ কি অন্যন্য ৰূপ! এই আকাশ যদি সম্পূৰ্ণৰূপে যৌৱনপ্ৰাপ্ত হৈ উঠে, পৃথিৱী যদি হৈ উঠে ঋতুমতী, পৃথিৱীৰ সকলো নাৰী যদি যুৱতী হৈ উঠে, নিমজ চাল, উন্নত বুকু, ৰাজহংসসম গ্ৰীৱা, পৃথিৱীৰ সকলো পুৰুষ যদি চিৰতৰুণ হৈ উঠে, -- ভাল লাগিবনে? ভিন্নতাই বৈচিত্ৰ্যময় কৰি থোৱা পৃথিৱীখন বিসংগত যেন নালাগিবনে? শিশুৰ পৰা বৃদ্ধ হোৱাৰ কি যে এক মনোমোহা যাত্ৰা![৪]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ মেধি, লভিতা. "হালধীয়া ঘেঁহুৰ পথাৰ আৰু এজাক কাউৰী", ২২ জানুৱাৰী, ২০২৩. আহৰণ কৰা হৈছে 18 মে' 2024.
- ↑ ২.০ ২.১ ২.২ ২.৩ বৈশ্য, নমিতা (ফেব্ৰুৱাৰী ২০২৪). "উপগ্ৰহ". গৰিয়সী একত্ৰিংশ বছৰ, চতুৰ্থ সংখ্যা: ৬৩-৭০.
- ↑ ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ বৈশ্য, নমিতা (ফেব্ৰুৱাৰী ২০২৪). "হিটলাৰৰ ২৪ ঘণ্টা". সাতসৰী ঊনবিংশ বছৰ, সপ্তম সংখ্যা: ৪৯-৫৮.
- ↑ ৪.০ ৪.১ ৪.২ ৪.৩ ৪.৪ বৈশ্য, নমিতা (অক্টোবৰ ২০২৪). "কালাতীত". গৰিয়সী একত্ৰিংশ বছৰ, দ্বাদশ সংখ্যা: ৫৩-৫৯.