ধ্ৰুৱজ্যোতি বৰা
অৱয়ব
ধ্ৰুৱজ্যোতি বৰা হৈছে অসমৰ এগৰাকী লেখক, ঔপন্যাসিক, সম্পাদক। তেওঁ কথা ৰত্নাকৰ গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]কথা ৰত্নাকৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- যিমানেই ঘনকৈ বোৱা নহওক, বাঁহৰ পাচিৰে জাগৰ ধোঁৱা ঢাকিব নোৱাৰি। বিৰিঙি, বিৰিঙি সেই ধোঁৱা ওলাই আহিবই । [১]
- ধূসৰ সপোনৰ চকাচন্দা স্মৃতিয়ে তাৰ মনত বিৰক্তিৰহে উদ্ৰেক কৰে। [১]
- কিমান সৰু সৰু কথাতে মানুহে কাজিয়াবোৰ কৰে - আৰু কেতিয়াবা সৰু কথা একোটাই ইমান ডাঙৰ হৈ পৰেগৈ, মূল কথা ক'ৰবাতে থাকেগৈ, বাটতে পোৱা ইটো-সিটো কথা লগ হৈ হৈ কাজিয়া কোনোবাখিনি পায়গৈ। [১]
- আকাশজুৰি সন্ধিয়া কলৰৱ কৰি জাকে জাকে চৰাই বাহলৈ উভতিছিল, সন্ধ্যাৰ আকাশখনত সিহঁতৰ কিচিৰ-মিচিৰ শব্দই চাৰিওফালৰ নিৰ্জনতাক আৰু গভীৰ কৰি তুলিছিল।[১]
- সমৰ্থ মানুহে, যি কামত হাত দিয়ে সিয়েই ভাল হয়।[১]
- ঘটনাবোৰৰ ওপৰত সঁচাকৈ মানুহৰ নিয়ন্ত্ৰণ থাকেনে? মানুহে ইচ্ছা কৰা মতেতো কোনো ঘটনা নঘটে। ঘটনা ঘটে নিজৰ ধৰণে। নিজৰ নিয়ম অনুসৰি।[১]