কথা ৰত্নাকৰ
অৱয়ব
কথা ৰত্নাকৰ হৈছে ধ্ৰুৱজ্যোতি বৰাই অসমীয়া ভাষাত ৰচনা কৰা এখন সুবৃহৎ উপন্যাস। উপন্যাসখনে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- যিমানেই ঘনকৈ বোৱা নহওক, বাঁহৰ পাচিৰে জাগৰ ধোঁৱা ঢাকিব নোৱাৰি। বিৰিঙি, বিৰিঙি সেই ধোঁৱা ওলাই আহিবই । [২]
- ধূসৰ সপোনৰ চকাচন্দা স্মৃতিয়ে তাৰ মনত বিৰক্তিৰহে উদ্ৰেক কৰে। [৩]
- কিমান সৰু সৰু কথাতে মানুহে কাজিয়াবোৰ কৰে - আৰু কেতিয়াবা সৰু কথা একোটাই ইমান ডাঙৰ হৈ পৰেগৈ, মূল কথা ক'ৰবাতে থাকেগৈ, বাটতে পোৱা ইটো-সিটো কথা লগ হৈ হৈ কাজিয়া কোনোবাখিনি পায়গৈ। [৪]
- আকাশজুৰি সন্ধিয়া কলৰৱ কৰি জাকে জাকে চৰাই বাহলৈ উভতিছিল, সন্ধ্যাৰ আকাশখনত সিহঁতৰ কিচিৰ-মিচিৰ শব্দই চাৰিওফালৰ নিৰ্জনতাক আৰু গভীৰ কৰি তুলিছিল।[৫]
- হয় ককা, আমি ডোম, ডোম হৈয়েই থাকোঁ। জন্ম, শৰীৰ, ভাগ্য সকলোৱে আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰে। ষড়যন্ত্ৰ কৰে মানুহে। আমাৰ জাতৰ বাবে আমাক উধাবলৈ নিদিয়ে ককা। [৬]
- সমৰ্থ মানুহে, যি কামত হাত দিয়ে সিয়েই ভাল হয়।[৭]
- ঘটনাবোৰৰ ওপৰত সঁচাকৈ মানুহৰ নিয়ন্ত্ৰণ থাকেনে? মানুহে ইচ্ছা কৰা মতেতো কোনো ঘটনা নঘটে। ঘটনা ঘটে নিজৰ ধৰণে। নিজৰ নিয়ম অনুসৰি।[৮]