ধম্মপদ

ৱিকিউদ্ধৃতিৰ পৰা

ধম্মপদ বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থ ত্ৰিপিটকৰ অন্তৰ্গত খুদ্দক নিকায়ৰ দ্বিতীয় গ্ৰন্থ। ‘ধম্মপদ’ শব্দটো সংস্কৃত ‘ধৰ্মপদ’ৰ পালি ৰূপ। পালিত সংস্কৃতৰ ‘ৰেফ’ লুপ্ত হৈ ধ্বনিটো দ্বিত্ব হৈ পৰে। ধৰ্ম অৰ্থাৎ নীতি-নৈতিকতামূলক পথ লাভৰ উপায় অৰ্থতে ইয়াত সন্নিবিষ্ট গাথাসমূহক একেলগে ‘ধম্মপদ' বুলি কোৱা হৈছে। এইসমূহ নৈতিক আৰু আধ্যাত্মিক ভাবমূলক বিভিন্ন গাথাৰ সংগ্ৰহ। ধম্মপদত ৪২৩টা গাথা আছে আৰু এইবিলাক ২৬টা বগ্গত (বৰ্গত) বিভক্ত কৰা হৈছে। বৌদ্ধধৰ্মৰ বিশ্বাস অনুসৰি ধম্মপদৰ গাথাসমূহ বুদ্ধদেৱৰ মুখ নিসৃত বাণী। পালি ধম্মপদেই আটাইতকৈ প্ৰাচীন আৰু ত্ৰিপিটকৰ সংকলনৰ সময়েই ধম্মপদৰো ৰচনাৰ সময়।[১]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • মানসিক প্ৰকৃতি ভাব বা চিন্তাৰে ফল স্বৰূপ। ই ভাবৰ দ্বাৰাই অনুশাসিত আৰু ভাবৰ দ্বাৰাই গঠিত। বেয়া বা অসৎ মনোভাৱেৰে কাম কৰিলে অথবা কথা ক'লে দুখে লগ লয়— যেনেদৰে গাড়ী এখনৰ চকা, টানোতাৰ (অৰ্থাৎ গাড়ী টনা গৰুৰ) পিছে পিছে যায়।[২]
  • মানসিক প্ৰকৃতিৰ ভাবৰে ফল। ই ভাবৰ দ্বাৰা অনুশাসিত আৰু ভাবৰ দ্বাৰা গঠিত। সৎ বা প্ৰসন্ন মনেৰে কাম কৰিলে বা কথা ক'লে সুখে ছাঁটোৱে গাটোৰ লগনেৰাদি লগে লগে থাকে বা অন্বেষণ কৰে।[২]
  • তেওঁ মোক গালি পাৰিলে, মোক মাৰিলে বা আঘাত হানিলে, মোক জয় কৰি আগবাঢ়ি গুচি গ'ল, মোৰ পৰা কাঢ়ি নিলে— এনে ধৰণৰ ভাববোৰক যি প্ৰশ্ৰয় দিয়ে, তেওঁক ঘৃণাই লগ নেৰা হয়।[২]
  • তেওঁ মোক গালি পাৰিলে, মোক মাৰিলে বা আঘাত হানিলে, মোক জয় কৰি আগবাঢ়ি গুচি গ'ল, মোৰ পৰা কাঢ়ি নিলে— এনে ভাববোৰক যি প্ৰশ্ৰয় নিদিয়ে,(তেওঁৰ ওচৰৰ পৰা) ঘৃণা আঁতৰি গুচি যায়।[২]
  • নহি ৱেৰেন ৱেৰানি সম্মন্তী’ধ কুদাচনং৷
    অৱেৰৱন চ সম্মন্তি, এস ধম্মো সনন্তনো৷[৩]
    • শত্ৰুতাৰে শত্ৰুতাক কেতিয়াও জয় কৰিব নোৱাৰি। অশত্ৰুতা অৰ্থাৎ মিত্ৰতাৰেহে পাৰি। এয়ে সনাতন ধৰ্ম।[২]
  • আমাৰ ইয়াতে শেষ— এই কথাটো কিছুমানে (অজ্ঞানী লোকে) নাজানে; কিন্তু যিসকলে জানে, তেওঁলোকে জ্ঞানৰ জৰিয়তে সেইটো (অৰ্থাৎ শত্ৰুতা ভাব) আঁতৰাই পঠাবলৈ সমৰ্থ হয়।[২]
  • ধুমুহাই যেনেদৰে সৰু সৰু গছবোৰ পেলাই দিয়ে, তেনেকৈ ‘মাৰ’ অৰ্থাৎ লোভে ভোগ-বিলাস ভালপোৱা, ইন্দ্ৰিয়াসক্ত, ভোজনপ্ৰিয়, সোৰোপা, নিকৃষ্ট জীৱন যাপন কৰা জনক পেলাই দি উৰুৱাই লৈ গুচি যায়।[২]
  • শিলৰ পৰ্বত এটা বতাহে যেনেকৈ লৰচৰ কৰিব নোৱাৰে। তেনেকৈ লোভে অৰ্থাৎ মাৰে ভোগ-বিলাসৰ প্ৰতি বিৰাগী, ইন্দ্ৰিয় সংযমী, নিয়মিত ভোজনকাৰী আৰু ধৰ্মশীল (বুদ্ধ আৰু সংযত) জনকো লৰচৰ কৰিব নোৱাৰে।[২]
  • নিজকে পৱিত্ৰ নকৰাকৈ, সৎ আচৰণ নকৰাকৈ আৰু আত্মসংযমী নোহোৱাকৈ যি বৌদ্ধধৰ্মৰ কাসা বস্ত্ৰ পৰিধান কৰে, তেওঁ তেনে হালধীয়া বস্তু পৰিধানৰ উপযোগী নহয়৷[উৎসৰ প্ৰয়োজন]
  • নিজকে পৱিত্ৰ কৰি, সৎ আচৰণ কৰি আৰু আত্মসংযমী হৈ যিসকলে কাসা বস্তু বা হালধীয়া কাপোৰ পৰিধান কৰে, তেনে লোকহে হালধীয়া বস্ত্ৰ পৰিধানৰ উপযোগী।[২]
  • অসত্যক যি সত্য বুলি ভাবে আৰু সত্যক অসত্য বুলি ভাবে, তেওঁ কেতিয়াও সত্যত উপনীত হ’ব নোৱাৰে। (তাত) কিছুমান মিছা আশাইহে অনুসৰণ কৰে।[উৎসৰ প্ৰয়োজন]
  • যি সাৰ(সত্য)ক সাৰ আৰু অসাৰক(অসত্যক) অসাৰ ৰূপে গ্ৰহণ কৰে, তেওঁলোকে সম্যক সঙ্কল্পপৰায়ণ হৈ প্ৰকৃত সাৰ উপলব্ধি কৰিব পাৰে৷[৩]
  • বৰষুণে যেনেকৈ বেয়া খেৰীঘৰৰ ফুটা উলিয়াই উৰুখা কৰে, তেনেকৈ জ্ঞানৰ অভাৱী চিত্তৰ মাজেদি ইন্দ্ৰিয়ই বাট উলিয়াই লয়।[উৎসৰ প্ৰয়োজন]
  • যেনেকৈ ভাল খেৰীঘৰ এটাক বৰষুণে উৰুখা কৰিব নোৱাৰে, তেনেকৈ জ্ঞান-গভীৰ চিত্তৰ মাজেদিও ৰিপুবিলাকে বাট ল’ব নোৱাৰে।[২]
  • কু-কৰ্ম কৰা জনে ইহলোক আৰু পৰলোক উভয় ঠাইতে অনুশোচনা কৰিবলগীয়া হয়। নিজৰ কৰ্মৰ দ্বাৰা কালিমা হোৱা দেখি তেওঁ অনুশোচনা কৰে আৰু যন্ত্ৰণাত ভোগে।[উৎসৰ প্ৰয়োজন]
  1. ইহলোক আৰু পৰলোক উভয় ঠাইতে নিষ্পাপসকলে আনন্দ লাভ কৰে। নিজ কৰ্মৰ পৱিত্ৰতা দেখি তেওঁলোকে আনন্দ পায় আৰু সন্তুষ্ট হয়।[২]
  2. কু-কৰ্ম কৰা সকলে ইহলোক আৰু পৰলোক— উভয় ঠাইতে কষ্ট ভোগ কৰে। মোৰ দ্বাৰা পাপ কৰা হ'ল বুলি ভাবি তেওঁলোক অনুতপ্ত হয়। তেনেলোকৰ যন্ত্ৰণা এখন কু-স্থানলৈ যোৱাতকৈয়ো অধিক হয়।[২]
  • সজ্জনসকলে ইহলোক আৰু পৰলোক উভয় ঠাইতে আনন্দ লাভ কৰে। মোৰ দ্বাৰা সৎকৰ্ম কৰা হ'ল বুলি ভাবি তেওঁলোক আনন্দিত হয়। তেনে লোকৰ আনন্দ এখন সু-স্থানলৈ যোৱাতকৈও অধিক হয়।[২]
  • অনেক সংখ্যক ধৰ্মীয় পাঠ আবৃত্তি কৰিও অলস হৈ যদি কাৰ্য্যতঃ তদনুৰূপ একো নকৰে, তেন্তে তেনেজনে গৰখীয়াৰ দৰে আনৰ গৰুৰ লেখহে মাথোন ৰাখে; ধৰ্মীয় জীৱনত তেওঁৰ কোনো অংশ নাথাকে।[২]
  • নিজেই আচলতে নিজৰ ৰক্ষাকৰ্তা, নিজেই অৱশ্যে নিজৰ আশ্ৰয়। গতিকে বেপাৰীয়ে সুন্দৰ বা শিক্ষিত ঘোঁৰাক সংযত কৰাৰ দৰে নিজকে সংযত কৰা।[৪]
  • আনন্দময়, বুদ্ধৰ অনুশাসনত সন্তুষ্ট ভিক্ষুসকলে শান্তপদ পায়, অৰ্থাৎ নিৰ্বাণপ্ৰাপ্ত হয়। (কিয়নো) সংস্কাৰসমূহৰ উপশম সুখময়। অৰ্থাৎ আনন্দময় বুদ্ধৰ অনুশাসনত প্ৰসন্ন ভিক্ষুসকলে সংস্কাৰসমূহৰ নিবৃত্তি সাধন কৰি সুখকৰ শান্তপদ লাভ কৰে।[৪]
  • যিজন তৰুণ ভিক্ষুই নিশ্চিতভাৱে নিজকে বুদ্ধৰ অনুশাসনত আত্মসমৰ্পণ কৰে, তেওঁ মেঘমুক্ত চন্দ্ৰৰ দৰে এই জগতক আলোকিত কৰে।[৪]
  • নত্থি ৰাগসমো অগ্গি নত্থি দোসসমো কলি৷
    নত্থি খন্ধসমা দুক্খা নত্থি সন্তিপৰং সুখং৷
    • কামনাৰ সমান অগ্নি নাই, দ্বেষৰ সমান পাপ নাই; স্কন্ধৰ(ৰূপ, সংজ্ঞা, সংস্কাৰ, বিজ্ঞান আৰু বেদনা৷ এই পাঁচোটাৰ সমষ্টিয়েই স্কন্ধ) সমান দুখ নাই, শান্তিত(নিৰ্বাণ)কৈ পৰম সুখ নাই৷[৩]
  • ফন্দনং চপলং চিত্তং দূৰক্ খং দুন্নিবাৰয়ং
    উজুং কৰোতি মেধৱী উসুকাৰোৱ’ তেজনং৷
    • শৰ নিৰ্মাতাই পোনভাৱে শৰ নিৰ্মাণ কৰাৰ দৰে জ্ঞানী ব্যক্তিয়েও স্পন্দনশীল, চঞ্চল, দূৰক্ষ্য আৰু দুৰ্নিবাৰ চিত্তক পোন কৰে, অৰ্থাৎ কুপথৰ পৰা সুপথলৈ আনে৷[৩]
  • আৰোগ্য পৰম লাভা সন্তুট্ ঠি পৰমং ধনং৷
    বিস্ সাস পৰমা ঙাতি নিব্বাণং পৰমং সুখং৷
    • সুস্থতা শ্ৰেষ্ঠতম লাভ, সন্তুষ্টি শ্ৰেষ্ঠতম ধন; বিশ্বাসেই শ্ৰেষ্ঠতম জ্ঞাতি, নিৰ্বাণেই পৰম সুখ৷[৩]

তথ্যসূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সত্যেন্দ্ৰ নাৰায়ণ গোস্বামী (২০০৫)। ধম্মপদ। গুৱাহাটী। চন্দ্ৰ প্ৰকাশ।
  2. ২.০০ ২.০১ ২.০২ ২.০৩ ২.০৪ ২.০৫ ২.০৬ ২.০৭ ২.০৮ ২.০৯ ২.১০ ২.১১ ২.১২ ২.১৩ কেশৱানন্দ দেৱ গোস্বামী আৰু ভীমকান্ত বৰুৱা (২০১৪)। প্ৰাকৃত পাঠ। ডিব্ৰুগড়। বনলতা, পৃষ্ঠা:১৪৯-১৫৭। ISBN: 81-7339-235-8
  3. ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ ঠাকুৰ, নগেন (১৯৯৩)। প্ৰাকৃত সাহিত্য চয়ন। জ্যোতি প্ৰকাশন, পৃষ্ঠা:২১।
  4. ৪.০ ৪.১ ৪.২ শৈলেন্দ্ৰজিৎ শৰ্মা (২০০৮)। পূৰ্ণাঙ্গ ধম্মপদ। গুৱাহাটী। চন্দ্ৰ প্ৰকাশ, পৃষ্ঠা:২৬৮।