বৌদ্ধ ধৰ্ম

ৱিকিউদ্ধৃতিৰ পৰা
ভাৰসাম্যৰ মন বিকশিত কৰক। আপুনি সদায় প্ৰশংসা আৰু দোষ লাভ কৰি থাকিব। কিন্তু দুয়োটাৰে কোনোটোৱেই মনৰ স্থিৰতাত প্ৰভাৱ পেলাব নিদিব। শান্তি, অহংকাৰৰ অনুপস্থিতি অনুসৰণ কৰক। ~ গৌতম বুদ্ধ

বৌদ্ধ ধৰ্ম, গৌতম বুদ্ধৰ দ্বাৰা প্ৰচাৰিত এক ধৰ্মবিশ্বাস আৰু জীৱন দৰ্শন। আনুমানিক খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতাব্দীত গৌতম বুদ্ধৰ জন্ম হৈছিল। বুদ্ধৰ পৰিনিৰ্বাৰ্ণৰ পাছত ভাৰতীয় উপমহাদেশ সহ এছিয়াৰ বিভিন্ন অঞ্চলত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ হয়। বৰ্তমান বৌদ্ধ ধৰ্ম দুটা প্ৰধান মতবাদত বিভক্ত। প্ৰধান অংশটো হৈছে হীনযান বা থেৰবাদ (সংস্কৃত ভাষাত: স্থবিৰবাদ)। দ্বিতীয় ভাগটো মহাযান নামে পৰিচিত। বজ্ৰযান বা তান্ত্ৰিক মতবাদটো মহাযানৰ এটা অংশ। বাংলাদেশ, ভাৰত, শ্ৰীলংকা, ম্যানমাৰ, চীন, জাপান, থাইলেণ্ড, ভিয়েটনাম আৰু কোৰিয়াৰ লগতে পূৰ্ব আৰু দক্ষিণ-পূৰ্ব এছিয়াৰ অনেক দেশত এই ধৰ্মবিশ্বাসৰ অনুসৰণকাৰী আছে।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • ত্যাগ মানে এই পৃথিৱীৰ বস্তুবোৰৰ পৰা মুক্তি পোৱা নহয়, বৰঞ্চ সেইবোৰৰ মৃত্যু হোৱা বুলি মানি লোৱা।
    • আইটকেন ৰোশী ,জৱাৰা ডি কিঙৰ দ্বাৰা ৰচিত দ্য এৱেকেনিং অৱ গ্ল'বেল কনচিয়নেছ: এ গাইড টু চেল্ফ-ৰিএলাইজেচন (২০১০)ত উদ্ধৃত কৰা অনুসৰি, পৃ. ২০
  • তোমাৰ হৃদয়ত মোৰ আৰ্হিবোৰ ট্ৰেচ কৰাৰ হেঁপাহটো যদি মই পেলাই দিব পাৰিলোহেঁতেন, তেন্তে সঁচাকৈয়ে তোমাক দেখা পালোঁহেঁতেন।
    • ডেভিড ব্ৰেণ্ডন, জেন ইন দ্য আৰ্ট অৱ হেল্পিং

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: