দ্য গড অফ স্মল থিংছ

ৱিকিউদ্ধৃতিৰ পৰা

দ্য গড অৱ স্মল থিংছ (ইংৰাজী: The God of Small Things; ১৯৯৭) হ’ল ভাৰতীয় লেখিকা অৰুন্ধতী ৰয়ৰ প্ৰথম উপন্যাস। "কাক, কেনেকৈ আৰু কিমান পৰিমাণে ভালপাব লাগে" তাৰ হিচাপ বান্ধি দিয়া "ভালপোৱাৰ নিয়ম"বোৰৰ মেৰপেছত পৰি হতদিশ হোৱা এহাল যমজ শিশুৰ বাল্যকালৰ কাহিনী ইয়াত বৰ্ণিত হৈছে। সৰু সৰু কথাবোৰেই মানুহৰ জীৱন আৰু আচৰণক কেনেকৈ প্ৰভাৱান্বিত কৰে তাৰ কাহিনী থকা এই উপন্যাসখনে ১৯৯৭ চনত বুকাৰ বঁটা লাভ কৰে।

দ্য গড অৱ স্মল থিংছ হ’ল ৰয়ৰ প্ৰথম আৰু একমাত্ৰ উপন্যাস। চাৰি বছৰৰ মূৰকত ১৯৯৬ চনত সম্পূৰ্ণ হোৱা এই উপন্যাসখনৰ বাবদ ৰয়ে আধা মিলিয়ন পাউণ্ড অগ্ৰিম ধন পাই। কিতাপখনৰ স্বত্ব প্ৰায় ২১খন দেশত বিক্ৰী কৰা হয়। ২০১৩ চনত উপন্যাসখনৰ আধাৰত তলখিয়া নামৰ এক পাকিস্তানী ধাৰাবাহিক প্ৰচাৰিত হয়।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • মহৎ কাহিনীবোৰৰ ৰহস্যটো হ’ল ইয়াৰ কোনো গোপন কথা নাই। মহৎ কাহিনীবোৰেই আপুনি শুনিছে আৰু আকৌ শুনিব বিচাৰিছে। যিবোৰত আপুনি যিকোনো ঠাইতে প্ৰৱেশ কৰি আৰামত বাস কৰিব পাৰে। এইসমূহে ৰোমাঞ্চ আৰু চাতুৰ্যকৰ সমাপ্তিৰে আপোনাক প্ৰতাৰণা নকৰে। অভাৱনীয় কথাৰে আপোনাক আচৰিত নকৰে.. এইসমূহ আপুনি থকা ঘৰখনৰ দৰেই চিনাকি। বা আপোনাৰ প্ৰেমিকৰ ছালৰ সুবাস। আপুনি জানে যে সেইবোৰৰ কেনেকৈ অন্ত পৰে তথাপিও আপুনি এনেকৈ শুনি থাকে যেন আপুনি নাজানে। যিদৰে আপুনি জানে যে এদিন আপুনি মৰিব, আপুনি এনেদৰে জীয়াই থাকে যেন আপুনি নমৰে। মহৎ কাহিনীবোৰত আপুনি জানে কোন জীয়াই থাকে, কোনে মৰে, কোনে প্ৰেম বিচাৰি পায়, কোনে নাপায়। আৰু তথাপিও আপুনি আকৌ জানিব বিচাৰে। সেইটোৱেই এইবিলাকৰ ৰহস্য আৰু তেওঁলোকৰ যাদু।
  • পৰিৱৰ্তন এটা কথা। গ্ৰহণ কৰাটো আন এটা কথা।[১]
  • এনে এখন যুদ্ধ আছে যিয়ে আমাক নিজৰ বিজয়ীসকলক আৰাধনা কৰিবলৈ আৰু নিজকে তুচ্ছজ্ঞান কৰিবলৈ বাধ্য কৰে।[১]
  • কাহিনী এটা ছিন্নভিন্ন কৰাটো বহুত সহজ। চিন্তাৰ শিকলি ভাঙিবলৈ, চীনামাটিৰ টুকুৰাৰ দৰে সাৱধানে কঢ়িয়াই নিয়া সপোনৰ এটা খণ্ড নষ্ট কৰিবলৈও বহুত সহজ। কিন্তু সেই কাহিনীটো নিজে নিজে গঢ় ল'বলৈ এৰি দিবলৈ, তাৰ সৈতে একেলগে যাত্ৰা কৰাটো তাতোকৈ বহুত কঠিন কাম।[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]