সমললৈ যাওক

দ্বীপেন বৰুৱা

ৱিকিউদ্ধৃতিৰ পৰা

দ্বীপেন বৰুৱা(ইংৰাজী: Dwipen Baruah)এগৰাকী অসমীয়া কণ্ঠশিল্পী আৰু প্ৰাক্তন ক্ৰিকেটাৰ। তেখেতে বৰ্তমানলৈকে প্ৰায় ৫০খন চলচ্চিত্ৰত কণ্ঠদান কৰিছে। চলচ্চিত্ৰত গীত গোৱাৰ আগেয়ে তেখেতৰ ক্ৰিকেট খেলাৰ প্ৰতিহে তীব্ৰ আকৰ্ষণ আছিল। তেখেতে অসমৰ হৈ অসংখ্য ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ক্ৰিকেট মেচত অধিনায়কত্ব কৰাৰ উপৰিও ৰঞ্জী ট্ৰফীৰ খেলতো অসমক প্ৰতিনিধিত্ব কৰিছিল।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. আজিকালি ওলোৱা অসমীয়া বা হিন্দী গানবিলাক মই নুশুনো ৷ নুশুনো মানে এই গানবোৰ শুনাৰ ধৈৰ্য্য মোৰ নাই৷ গানবোৰত মই একো বুজি নাপাওঁ৷ প্ৰায়বোৰ গানতেই মেলোডিৰ অভাৱ৷ বাদ্যযন্ত্ৰৰ হুলস্থুল বেছি৷[১]
  2. আমাৰ সময়ৰ প্ৰায় সকলো ধৰণৰ গান শুনি থাকিব পাৰি ৷ মই ভাবো সেই গানবোৰ চলি থাকিব৷ ফাংচনবোৰত গান গাব গ'লে শ্ৰোতাই বা কমিটিবোৰে মোক কয়- দাদা, অহা বছৰো আপোনাৰ গান শুনিম৷ এই গানবোৰ শুনি থাকিবলৈ মন যায়৷[১]
  3. আজিৰ অসমখনত বহু প্ৰতিভা সম্পন্ন গায়ক গায়িকা ওলাইছে৷ বহুত সুবিধা ওলাইছে৷ গান-বাজনা চৰ্চা কৰাৰ কাৰণে বহুত অনুষ্ঠান গঢ়ি উঠিছে৷ শিক্ষা অনুষ্ঠানবোৰতো আছেই৷ শিল্পী সকলে ইচ্ছা কৰিলে, ভালকৈ মনোনিবেশ কৰিলে, খুব ভাল শিল্পী হোৱা, ভাল সংগীতৰ সৃষ্টি হোৱাৰ বহু অৱকাশ আছে৷[১]
  4. আমাৰ ৰমেনদাই পৰিচালনা কৰা ছবি সমূহত মোক গান গাব দিওতে ৰমেনদাই জানেই মোৰ কোনটো স্কেলত গানটো গালে ভাল হ'ব এইক্ষেত্ৰত ৰমেনদাই মোক বহুখিনি সহজ কৰি দিয়ে৷[১]
  5. আজিকালি ওলোৱা প্ৰা‌য়বোৰ গানৰেই কথাবোৰ বৰ নিম্নখাপৰ। আগৰ গীতিকাৰে গান এটা ৰচনা কৰোতে বহু ভাল শব্দ ব্যৱহাৰ কৰি তত্ত্ব, গভীৰ কৰি তুলিছিল।[১]

তথ্যসূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ শৰ্মা নিৰঞ্জন দেৱ (২০১৪)। স্মৃতিৰ পৰশত ৰমেন বৰুৱা আৰু দ্বীপেন বৰুৱা। গুৱাহাটী। অসমী প্ৰকাশন, পৃষ্ঠা:৩৭-৩৯।