সমললৈ যাওক

দ্বিজেন গগৈ

ৱিকিউদ্ধৃতিৰ পৰা

দ্বিজেন গগৈ অসমৰ এজন লোকশিল্পী আৰু লোকবাদ্য নিৰ্মাতা।[১] বিদ্যালয়ত পঢ়ি থকা কালৰ পৰাই ‌ঢোল, পেঁপা আদি বাদ্যবযন্ত্ৰ তৈয়াৰ কৰিবলৈ আৰম্ভ কৰা গগৈয়ে নিজৰ প্ৰচেষ্টাৰে এইপৰ্যন্ত অসমৰ বিভিন্ন জনগোষ্ঠীৰ পয়ষষ্ঠিবিধ লোকবাদ্য বাণিজ্যিকভাৱে তৈয়াৰ কৰি উলিয়াইছে। শিৱসাগৰ নগৰৰ ওচৰত লোকবাদ্য নিৰ্মাণ, প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে তেখেতে "গগৈ বাদ্য ভাণ্ড" নামৰ এখন প্ৰতিষ্ঠান গঢ়ি তুলিছে।[১] স্বনিৰ্মিত লোকবাদ্যসমূহৰ প্ৰতিটো বাদ্যকেই প্ৰচলিত সুৰত বজাব জনা গগৈয়ে তেখেতৰ নেতৃত্বত আৰম্ভ কৰা এটা সুৰ-সমলয়ৰ দলে ইতিমধ্যে ভাৰতৰ বিভিন্ন স্থানত সংগীত পৰিবেশন কৰিছে। [২]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সপ্তম-অষ্টম মান শ্ৰেণী পোৱাৰ পাছত মই নিজেই ঢোল সাজিবলৈ আৰম্ভ কৰিছিলোঁ।[২]
  2. যিকোনো এজন ব্যক্তিয়েই পৰম্পৰাগত বাদ্য নিৰ্মাণক পেচা হিচাপে লৈ সফল হʼব পাৰে, অৱশ্যে সাধাৰণভাৱে বাদ্য নিৰ্মাণ কৰি যোৱাৰ উপৰি তেওঁৰ কিছু সৃজনশীলতাও লাগিব।[২]
  3. মই যেতিয়া মঞ্চসমূহত পশ্চিমীয়া বাদ্য সমূহৰ প্ৰাধান্য দেখোঁ, এইবোৰে মঞ্চসমূহ দখল কৰা দেখোঁ, তেতিয়া মই এটা অনুভৱ কৰিলোঁ যে আমাৰ লোকবাদ্যও পাশ্চাত্য বাদ্যতকৈ যে কম নহয়, এইবিলাকেৰেও মঞ্চ এখনত দৰ্শকক ধৰি ৰাখিব পাৰি, আমোদ দিব পাৰিব আৰু সেয়া কৰি দেখুওৱাটোও প্ৰয়োজনীয়।[২]
  4. সৰুৰ পৰা বাদ্যসমূহ আনে বজাওঁতে বাদন শৈলীৰ ওপৰি দেহৰ ভংগীমা আদি খুব ভালকৈ লক্ষ্য কৰিছিলোঁ। পাছৰ সময়ত সেইখিনিকে কৰ্মশালাৰ জৰিয়তে আনক শিকোৱাৰ প্ৰয়াস কৰিছিলোঁ।[২]
  5. বাদ্য‌ সমূহ আৰু উন্নত মানৰ কৰাত মই সদায়েই গুৰুত্ব দিওঁ।[২]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ Utpal Sarma (2013-04-07). Artist Dwijen Gogoi makes 27 feet giant musican instrument. প্ৰকাশক: Times of Assam. আহৰণ কৰা হৈছে: 2013-04-24.
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ ২.৫ অসমীয়া লোকবাদ্য নিৰ্মাতা দ্বিজেন গগৈৰ সৈতে কিছু অন্তৰংগ আলাপ. সাক্ষাৎকাৰ. প্ৰকাশক: সাহিত্য ডট অৰ্গ (এপ্ৰিল, ২০১৫). আহৰণ কৰা হৈছে: 28 মে' 2024.