দেৱব্ৰত দাস
অৱয়ব
দেৱব্ৰত দাস হৈছে অসমৰ এজন গল্পকাৰ, প্ৰৱন্ধকাৰ তথা ঔপন্যাসিক। তেওঁৰ ককাদেউতাকৰ নাম হৈছে ৰজনীকান্ত দাস। দেৱব্ৰত দাসে ২০১০ চনৰ Tagore Literature Award লাভ কৰিছিল। [১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ককাদেউতা তেতিয়াৰ দিনতে টাউন ক্লাবৰ ফুটবল প্লেয়াৰ আছিল। তেওঁলোকে কোৱামতে তেতিয়া বোলে চাহাববিলাকৰ টিম আছিল। চাহাববিলাকে ফুটবল বুট পিন্ধি খেলে। আমাৰ ককাদেউতাহঁতে সুদা ভৰিৰে খেলে। তেতিয়া চাহাবৰ বুটজোতাৰ গচক খায় আমাৰ ককাদেউতাহঁতে। ককাদেউতাৰ কেইবাটাও টেমুনা আছে। সেইবোৰ সুধিলে কয় “বুটৰ গচকনিত উঠা টেমুনা।” তেওঁৰ একো ভয়-চয় নাছিল। উজান বজাৰৰ মানুহবিলাক জবৰজং আছিল। [১]
- মই বেকাৰ হৈ থাকোঁতে মনি মানিক প্ৰকাশত কাম কৰিছিলোঁ। মনি মানিক প্ৰকাশে সেইদিনা পিকনিক এৰেঞ্জ কৰিছে। মোকো মাতিছে। কিন্তু ইঞ্জিনীয়াৰ হিচাপে নহয় পুৰণা সতীৰ্থ হিচাপে। মই গ’লোঁ। কথাই কথাই ক’লোঁ আজি মোৰ ষ্টেট বেংকৰ ইণ্টাৰভিউ আছিল। সিহঁতে মোক ক’লে, “তোৰ পৰীক্ষা আছে, তই পিকনিক যাব নোৱাৰ।” সিহঁতে মোক আৰ্য্য বিদাপীঠত মোক ছিটটো বিচাৰি বহুৱাই পেলায় “তই পৰীক্ষা দে” বুলি কৈ পিকনিকলৈ গ’ল। মই সেই পৰীক্ষাত উত্তীৰ্ণ হৈ বেঙ্কৰ চাকৰিত সোমালোঁ। [১]
- আনৰ প্ৰেমৰ সংজ্ঞা দিয়াটো সহজ, নিজৰহে বিপদজনক। [১]
- আচলতে প্ৰেম সকলোতে আছে, এই ধৰা মই গান শুনি ভাল পাওঁ, ক্ৰিকেট চাই ভাল পাওঁ৷ সেয়াও এক প্ৰেম। [১]
- গল্পত কিছুমান কথা পোনপটীয়াকৈ ক’ব নোৱাৰি। মই সৃষ্টি কৰা এটা চৰিত্ৰ হ’ল মাণিক আহমেদ মানে মাণিক কাইটি। এই মাণিক কাইটিৰ হতুৱাই মই মোৰ কথাবোৰ কোৱাই দিওঁ। [১]
- তুমি আচলতে এনেকুৱা এখন সংসাৰ নাপাবা যত হাই-কাজিয়া নাথাকে। [১]
- মই কোনোদিনে মিছা কথা নকওঁ। মনলৈ অহা কথাটোৱেই মই চিধাচিধি কৈ দিওঁ। [১]
- এটা জাতিৰ যেতিয়া sense of humour নাইকিয়া হৈ যায় জাতিটোৰ তেতিয়াই অধোগতি হয়। ব্ৰিটিছ এতিয়াও কেনেকৈ এটা ডাঙৰ জাতি? ব্ৰিটিছসকলৰ sense of humour আছে। [১]