দেৱকান্ত বৰুৱা
অৱয়ব
দেৱকান্ত বৰুৱা (ইংৰাজী: Debakanta Baruah) ৰোমাণ্টিক যুগৰ শেষৰ ফালৰ আৰু আধুনিক যুগৰ প্ৰাৰম্ভণি কবি। তেখেতক কলংপাৰৰ কবি তথা সংক্ৰান্তিকালৰ কবি বুলি কোৱা হয়। মাথোঁ কেইটিমান কবিতাৰে অসমীয়া কাব্য সাহিত্যত তেওঁ এক উচ্চ স্থান অধিকাৰ কৰিছে। তেওঁ ৰাজনীতি, সাহিত্য আৰু সংবাদ জগততো বিশেষ প্ৰতিভাবান আছিল। নিজৰ প্ৰতিভাৰ বলতে ইন্দিৰা গান্ধীৰ সময়ত কংগ্ৰছ দলৰ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ইণ্ডিয়াই ইন্দিৰা, ইন্দিৰাই ইণ্ডিয়া[১]
- ১৯৭৪ চনত তদানীন্তন কংগ্ৰেছ সভাপতি দেৱকান্ত বৰুৱাই তেতিয়াৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ বিষয়ে দিয়া শ্ল’গান
দেৱকান্ত বৰুৱাৰ বিষয়ে
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "দেৱকান্তৰ কবিতাৰ ভাব আৰু প্ৰকাশভঙ্গী আন কবিৰ পৰা সম্পূৰ্ণ স্বতন্ত্ৰ, তেওঁৰ কবিতাত মানুহৰ বীৰ্য আৰু নিয়তিৰ জয় ধ্বনিত হৈছে। জীৱনৰ নশ্বৰতা অসহায়তা আৰু সঘন সংগ্ৰামৰ ক'লা ডাৱৰ ভেদ কৰি প্ৰেমৰ যি এটা ক্ষণিক প্ৰভাৱ উজ্বলাই তোলে তাকেই স্থায়ী কৰাৰ প্ৰয়াস দেৱকান্তৰ কবিতাত দেখা যায়। আন কথাত মানৱীয় প্ৰেমৰ গৌৰৱ ঘোষণা তেওঁৰ কবিতাৰ প্ৰধান সুৰ। এই প্ৰেম দেখা পাইছে দেৱদাসী আৰু বিষকন্যাত, প্ৰিয়তমাৰ খন্তেকীয়া একান্ত সান্নিধ্যত।"
- ড° সত্যেন্দ্ৰনাথ শৰ্মা[২]