সমললৈ যাওক

দীনবন্ধু

ৱিকিউদ্ধৃতিৰ পৰা

দীনবন্ধু হৈছে ২০০৪ চনৰ ১৫ অক্টোবৰত মুক্তি লাভ কৰা মুনিন বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ড॰ ভবেন্দ্ৰ নাথ শইকীয়া ৰচিত বহুপঠিত যৌতুক নামৰ গল্প আৰু পিছলৈ আৱাহন থিয়েটাৰৰ বাবে লিখা দীনবন্ধু নাটকৰ ওপৰত ভিত্তি কৰি এই বোলছবিখন নিৰ্মাণ কৰা হৈছিল।

  • জানা বিপুল! ৰজাৰো সুখ নাই, ভিক্ষাৰীৰো সুখ নাই। কাম কৰা। ম‌ই অন্ততঃ কাম কৰিবলৈ মোৰ মনৰ বল তোমাক দিব পাৰিম।
  • জানা বিপুল! মোৰ নিজৰ বিয়াৰ বেণ্ডপাৰ্টিৰ সুৰটো মনত পৰিলে আজি এনেকুৱা লাগে যেন মোৰ জীৱনৰ ছালখন চেলাই তাৰে মানুহবোৰে এটা ঢোল সাজিলে; আৰু অতি নিষ্ঠুৰভাৱে দিনে-নিশাই সেই ঢোলটো বজাই থাকিল৷ মোৰ আত্মীয়-কুটুম, বন্ধু-বান্ধৱে কাগজেৰে মেৰিয়াই মোক পোন্ধৰখন শৰাই উপহাৰ দিছিল৷ কিন্তু সেই শৰাইৰে মই দুৰ্ভাগ্যৰ বাহিৰে একোৱেই আদৰিবলৈ নোৱাৰিলোঁ৷ থিয়েটাৰ! গান-বাজানা, ঢোল-ডগৰ, ৰসগোল্লাৰ থিয়েটাৰ বিপুল৷ এনেকুৱা এখন থিয়েটাৰ আকৌ নেপাতিলে নহয়নে![১]
বাণী: আমাৰ বিয়াখনৰ বাবে তুমি প‌ইচা গোটাইছা নেকি?
বিপুল: গোটাইছো।
বাণী: এইখিনি গোটাবলৈ চাগে' তুমি বহুত চখ বাদ দিছা। কিন্তু ইমান কষ্ট কৰি যিবোৰ চখ বাদ দিছা, বিয়াৰ পাছত সেইবোৰ উভতি অহাৰ বাট থাকিবনে? দেউতাই কৈছে, তেখেতৰ চখ বাদ দিওঁতেই গ'ল। এতিয়া বোলে এটাহে চখ আছেগৈ।
বিপুল: বাণী!
বাণী: আমাৰ বিয়াখন নেদেখাৰ চখ।
বিপুল: তোমাৰ ক‌ইনাৰ সাজ পিন্ধি উৰুলিৰ মাত, বেণ্ডপাৰ্টিৰ মাত শুনাৰ চখ আছে নেকি?
বাণী: নাই।
বিপুল: তেনেহলে সেয়াই হ‌ওক। আমি আৰু এখন থিয়েটাৰ নাপাতো দিয়া।
বাণী: তোমাৰ মনত দুখ থাকি যাব নেকি?
বিপুল: ক'ব নোৱাৰোঁ। কিন্তু খুৰাই কয়— ৰজাৰো সুখ নাই, ভিক্ষাৰীৰো সুখ নাই।
বাণী: কথাটো যদি আমি ওলোটাই ক‌ওঁ— ৰজাৰো যি সুখ, ভিক্ষাৰীৰো সেই একেই সুখ।
বিপুল: বাণী!