সমললৈ যাওক

দিলীপ শৰ্মা (গণিত)

ৱিকিউদ্ধৃতিৰ পৰা

দিলীপ শৰ্মা হৈছে অসমৰ গণিত ক্ষেত্ৰৰ এজন অধ্যাপক[১], জনপ্ৰিয় গণিতৰ পুথি লেখক।[২] তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে সপ্তম স্থান অধিকাৰ কৰা দিলীপ শৰ্মাই গণিতক সন্মানীয় বিষয় হিচাপে লৈ ১৯৭৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বি.এ.ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লৈ উত্তীৰ্ণ হয়। নগাঁও মহাবিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰা দিলীপ শৰ্মাই পিছত কটন মহাবিদ্যালয়ত অধ্যাপনা কৰে আৰু তাৰে গণিত বিভাগৰ পৰা মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে। তাৰ পিছত গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত গণিত বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে যোগদান কৰে।[৩]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

কুৰিজন ভাৰতীয় গণিত সাধক[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. শূন্যৰ আৱিষ্কাৰ আৰু দশমিক স্থানীয় মান পদ্ধতিৰ সহায়ত সংখ্যা লিখাৰ উপায় প্ৰাচীন ভাৰতীয় গণিতজ্ঞৰ সুবিমল কীৰ্তি।[৩]
  2. স্বাধীনতাৰ পাছত, স্বৰাজোত্তৰ কালত ভাৰতত গণিত-চৰ্চাৰ এক উল্লেখনীয় দিশ হ’ল আধুনিক গণিতৰ পঠন-পাঠনৰ আৰম্ভণি, আৰু গণিতৰ গৱেষণাৰ অগ্ৰগতি।[৩]
  3. গণিত যে বাঘ নহয়, পোহনীয়া মেকুৰীহে – সেই কথা পতিয়ন নিয়াবলৈ হ’লে গণিতক শ্ৰেণী কোঠাৰ চাৰি বেৰৰপৰা উলিয়াই অনাটো অৱশ্য কৰ্তব্য। তেতিয়াহে আমাৰ বিদ্যাৰ্থীসকলৰ গণিত বিষয়টোৰ প্ৰতি আকৰ্ষণ বাঢ়িব।[৩]

নিৰুপম গণিত[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. নিত্য-নতুন চিন্তাধাৰাই গণিতক চিৰ নবীন কৰি ৰাখিছে।[২]
  2. পাঠ্যপুথিৰ বাহিৰেও গণিত সম্বন্ধে জানিব লগীয়া কথাৰ অন্ত নাই। [২]


উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. প্ৰবীণ দাস (ছেপ্তেম্বৰ ২০২০). "গণিত বিকাশৰ ই-সংস্কৰণ". গণিত বিকাশ ৬৫ & ৬৬: ৩, ৪. Archived from the original on ১৯৮৬. 
  2. ২.০ ২.১ ২.২ শৰ্মা, দিলীপ (২০১৬)। নিৰুপম গণিত। বান্ধৱ।
  3. ৩.০ ৩.১ ৩.২ ৩.৩ দিলীপ শৰ্মা (ডিচেম্বৰ,২০২০)। কূৰিজন ভাৰতীয় গণিত-সাধক। ৰঞ্জন শৰ্মা,বান্ধৱ প্ৰকাশন।