বাল গঙ্গাধৰ তিলক
অৱয়ব

বাল গঙ্গাধৰ তিলক (ইংৰাজী: Bal Gangadhar Tilak; জুলাই ২৩, ১৮৫৬ – আগষ্ট ১, ১৯২০) এগৰাকী ভাৰতীয়, শিক্ষক, সাংবাদিক, উকীল, সমাজ সংস্কাৰক তথা ভাৰতীয় স্বাধীনতা আন্দোলনৰে জড়িত সক্ৰিয় ব্যক্তি। তেওঁৰ জন্মগত নাম কেশৱ গঙ্গাধৰ তিলক। তেওঁ লাল-বাল-পাল ত্ৰিমূৰ্তিৰ এজন। তিলক ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰথমজন প্ৰতিনিধি। ব্ৰিটিছ ঔপনিবেশিক প্ৰাধিকাৰীয়ে তেওঁক ‘ভাৰতীয় অশান্তিৰ পিতৃ’ বুলি পৰিচিতি প্ৰদান কৰে। ভাৰতীয় লোকসকলে তেওঁক তেওঁলোকৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰাৰ হেতু তেওঁক ‘লোকমান্য’ উপাধি প্ৰদান কৰা হয়।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- স্বৰাজ আমাৰ জন্মগত অধিকাৰ৷[১]
- স্বাধীনতা আমাৰ জন্ম স্বত্ব৷[২]
- ৰাজনীতিত দয়া দাক্ষিণ্যৰ স্থান নাই৷ দয়া-মায়া কেৱল স্বাৰ্থৰ প্ৰকাশৰ ওপৰত দিয়া এবিধ ৰহণ৷[৩]
- বৰষুণৰ অভাৱে সঁচাকৈয়ে দুৰ্ভিক্ষৰ সৃষ্টি কৰে কিন্তু এইটোও সত্য যে ভাৰতৰ জনসাধাৰণৰ অশুভৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি নাই। ভাৰতৰ দৰিদ্ৰতা সম্পূৰ্ণৰূপে বৰ্তমানৰ শাসনৰ বাবেই। কেৱল কংকাল বাকী থকালৈকে ভাৰতৰ তেজ ওলাইছে...ৰাইজৰ সকলো সজীৱতা ক্ষয় হৈ গৈ আছে আৰু আমি দাসত্বৰ ক্ষীণ অৱস্থাত ৰৈছো।[৪]
- প্ৰগতি স্বাধীনতাত নিহিত হৈ আছে। স্বশাসন অবিহনে কোনো উদ্যোগিক অগ্ৰগতি সম্ভৱ নহয়, শৈক্ষিক পৰিকল্পনাও জাতিটোৰ বাবে উপযোগী বুলি প্ৰমাণিত নহ’ব... ভাৰতৰ স্বাধীনতাৰ বাবে চেষ্টা কৰাটো সমাজ সংস্কাৰতকৈ বহু বেছি গুৰুত্বপূৰ্ণ।[৫]
- যদি ভগৱানে অস্পৃশ্যতাক সহ্য কৰে তেন্তে মই তেওঁক ঈশ্বৰ বুলি নকওঁ।[৬]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ মহৎ লোকৰ বাণী, অপূৰ্ব তালুকদাৰ, নিষ্ঠা প্ৰকাশন, ২০১৬,পৃ: নং; ৬০
- ↑ অমৃত বাণী, সংগ্ৰাহক: চন্দ্ৰোপল বৰা, ১ আগষ্ট ২০১৪
- ↑ শোণিত বিজয় দাস, মুনীন বায়ন (সম্পা) (২০২২)। হীৰেন গোহাঁই ৰচনাৱলী ৩। কথা পাব্লিকেশ্যনচ্।
- ↑ http://books.google.com/books?id=bYfMbCXyc3kC&pg=PT167%7Cyear=1958%7Cpublisher=Jaico
- ↑ Hunt, Frazier (1931)। Great Personalities। New York Life Insurance Company, পৃষ্ঠা:153–।
- ↑ quoteikon.com https://www.quoteikon.com Quotes By and Quotes About Bal Gangadhar Tilak | Quoteikon