তৃতীয়ত্বৰ গল্প (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

তৃতীয়ত্বৰ গল্প (ইংৰাজী: Tritiyattar Galpa) মৌচুমী কন্দলীৰ এখন অসমীয়া গল্প সংকলন। ২০০৭ চনত লয়াৰ্ছ বুক ষ্টলৰ বেনাৰত সংকলনখনিৰ প্ৰথমবাৰলৈ প্ৰকাশ পায়। ইয়াত মুঠ আঠটা গল্প সন্নিৱিষ্ট কৰা হৈছে। গ্ৰন্থখনৰ পৃষ্ঠা সংখ্যা ১১২।[১]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • সহমৰ্মিতাৰ ভাবনাৰে বাঢ়ি অহা আমাৰ দৃষ্টিবোৰ কেতিয়ানো ধৰ্ষণকামী-মৰ্ষণকামিতালৈ ৰূপান্তৰিত হয়— আমি দেখোন গমেই নাপাওঁ— আত্মতুষ্টিৰ বাবে, নিজকে অলপ ফাঁকি দিবৰ বাবে— মনঃপৃষ্ঠাত সমবেদনাৰ আভৰণ এখন আমি মেৰিয়াই লওঁ আৰু নিৰ্বিকাৰ ভংগীমাৰে চোবাবলৈ ধৰো আমাৰ প্ৰিয় খাদ্য, উমলগা বিচনাত অলস মুদ্ৰাৰে দীঘল দি জাপ খাই অহা তৃপ্তিৰ চকুৰে উপভোগ কৰো মৃত্যু— যৌনতা— জিঘাংসা— এনেদৰেই ৰমানন্দহঁতৰ প্ৰাইভেট এডভেঞ্চাৰবোৰ হৈ পৰেহি নাঙঠভাৱে পাব্লিক![২]
  • পিতামহ-প্ৰপিতামহসকলৰ পাপৰ বোজা আমি লাভ কৰোঁ উত্তৰাধিকাৰে। যেনেদৰে আদিমাতা ইভৰ পাপৰ বোজা এতিয়াও আমি কঢ়িয়াই লৈ ফুৰিছোঁ আমাৰ কান্ধত...।[৩]
  • পাৰ্থেনিয়ামৰ দৰে বৰ সহজতে অতি দ্ৰুতভাৱে বাঢ়ি আহে ঘৃণাৰ সঁচ। আৰু বিহমেটেকাৰ দৰে ছানি পেলায় পানীৰ স্বচ্ছপৃষ্ঠ।[৩]
  • সবাতোকৈ ডাঙৰ ভয়ৰ পোৱালিটি জগে মানুহেই নিৰ্ধাৰণ কৰা দেহজ সংৰচনাৰ পৰিসীমাত। কোনো ঔৰ্ধদৈহিক চেতনাৰ আঙ্গিনাত নহয়। তাক সাৰ-পানী-বতাহৰ যোগান ধৰে কেতবোৰ গতিহীন আওপুৰণি চিন্তাৰ সুঁতিয়ে।[৩]
  • আমি বিশুদ্ধ অন্তৰেৰে হাতত তুলি লোৱা ৰুটিৰ টুকুৰাবোৰেই যীশুৰ শৰীৰ, আমাৰ পিয়াহৰ পানীয়েই হৈছে যীশুৰ পৱিত্ৰ তেজ। জীৱনৰ সকলোবোৰ পৱিত্ৰ-বিশুদ্ধ ভাবনাৰ খাদ্যৰে সৃষ্টি হোৱা এই তেজ আৰু গাখীৰেই মানুহক সিঁচি লালন কৰে, আৰু ৰক্ষা কৰে চয়তানৰ ক'লা চকুৰ পৰা—। জেনবৌদ্ধ সাধুসকলে একেলগে পান কৰা চাহৰ পাত্ৰতেই জিলিকি উঠে বোধিসত্বৰ প্ৰতিমাকল্প।[৩]
  • জানো, উৰুখা ঘৰৰ জলঙাৰে গোবৰ-মাটিৰে লেপি ঢাকি থোৱাৰ দৰেই আমিও কেতিয়াবা শব্দৰে বিভ্ৰমৰ জাল গোঠো আৰু ঢাকি থওঁ বাস্তৱ সত্যৰ ৰূঢ়তাক। সৃষ্টি কৰোঁ সত্যক আভুৱাভৰা কেতবোৰ মিথ্যাৰ মন্ত্ৰ।[৩]
  • কেৱল প্ৰেমাস্পদৰ প্ৰেমেই জানো প্ৰেম? প্ৰেমৰ কিমান যে সূতা! কেতিয়াবা মাটিয়ে বান্ধে— কেতিয়াবা তেজ-পানী অথবা স্বগোষ্ঠীয়ে। আৰু প্ৰেমৰ অদৃশ্য সূতা হৈ মানুহক বান্ধে পিতৃৰ বীজে— মাতৃৰ স্তনে।[৪]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মৌচুমী কন্দলী (২০০৭)। তৃতীয়ত্বৰ গল্প। লয়াৰ্ছ বুক ষ্টল, পৃষ্ঠা:(ii)। ISBN: 81-7331-138-2
  2. মৌচুমী কন্দলী (২০০৭)। তৃতীয়ত্বৰ গল্প। লয়াৰ্ছ বুক ষ্টল, পৃষ্ঠা:১১-২৩। ISBN: 81-7331-138-2
  3. ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ মৌচুমী কন্দলী (২০০৭)। তৃতীয়ত্বৰ গল্প। লয়াৰ্ছ বুক ষ্টল, পৃষ্ঠা:২৪-৩৩। ISBN: 81-7331-138-2
  4. মৌচুমী কন্দলী (২০০৭)। তৃতীয়ত্বৰ গল্প। লয়াৰ্ছ বুক ষ্টল, পৃষ্ঠা:৪৮-৬৪। ISBN: 81-7331-138-2

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]