সমললৈ যাওক

তীৰ্থনাথ শৰ্মা

ৱিকিউদ্ধৃতিৰ পৰা

তীৰ্থনাথ শৰ্মা (জন্ম:১৯১১-মৃত্যু:১৯৮৬)অসমৰ এগৰাকী সাহিত্যিক আৰু সমালোচক।গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শৰ্মাদেৱৰ গ্ৰন্থসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে-'মহাত্মাৰ বাণী','পঞ্চপুষ্প','আউনীআটী সত্ৰৰ বুৰঞ্জী','বেণুধৰ শৰ্মাৰ জীৱনী','সাহিত্য সংগ্ৰহ','কামসেন্দুৰ' ইত্যাদি।

  • অস্ত্ৰবলে মানুহক অন্ধ কৰে।ই হ'ল পশুবল।এই পশুবলৰ প্ৰাধান্য পৃথিৱীত যিমান দিনলৈকে থাকে সিমান দিনলৈকে দুৰ্বলৰ মনত শান্তি নথাকিব আৰু সবলেও স্বস্তি অনুভৱ কৰিব নোৱাৰিব।[১]
  • একোলৈকে সংকোচ নকৰিবা,দুচকুৰে যি দেখিছা সেইটোৱে সত্য আৰু সেইমতেই কাম কৰি যোৱা।[২]
  • শাস্ত্ৰৰ কাম তথ্য বেকত কৰা,সত্যৰ উদ্ঘাটন কৰি মংগলপথৰ সন্ধান দিয়া।কাব্যৰ কাম ৰমণীয়তা বা লোকোত্তৰ আনন্দৰ পৰিবেশন কৰা।তথ্য তাৰ অৱলম্বনহে যথা সৰ্বস্ব নহয়।[৩]
  • জ্ঞানলাভৰ কাৰণে তপস্যাই সৰ্বোৎকৃষ্ট সাধন।এই তপস্যা আন একো নহয়-একাগ্ৰতাপূৰ্বক মননেই তপস্যা।[৪]
  • অলংকাৰে শৰীৰৰ সৌন্দৰ্য বঢ়ায় সঁচা,কিন্তু শৱ শৰীৰ এটাত কুণ্ডল-হাৰ আদি ওলোমাই দিলেও অলংকাৰৰ শোভাকাৰকতা নাথাকে কাৰণ যাক অলংকৃত কৰিব খোজা হয় সেইজনেই নাই।[৫]