সমললৈ যাওক

টুনুজ্যোতি গগৈ

ৱিকিউদ্ধৃতিৰ পৰা

টুনুজ্যোতি গগৈ (ইংৰাজী: Tunujyoti Gogoi; জন্ম: ১৯৮০) অসমৰ এজন একাধাৰে লেখক, সম্পাদক, গল্পকাৰ। তেখেত ‘মুক্ত চিন্তা’ ই-আলোচনীখনৰ কাৰ্যবাহী সম্পাদক (যুতীয়াভাৱে)। [১] অসমৰ বহুকেইখন বাতৰি কাকতৰ সম্পাদনাৰ সৈতে তেখেত এসময়ত জড়িত আছিল৷ সমান্তৰালভাৱে ‘নতুন সাহিত্য পৰিষদ’, ‘ভাৰতীয় গণতান্ত্ৰিক যুৱ ফেডাৰেচন’ (DYFI) আদি সংগঠনৰ লগতো জড়িত আছিল৷ বৰ্তমান তেখেতে ‘উত্তম অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ’ৰ উদ্যোগত বিভিন্ন সামাজিক কাম-কাজ কৰি আছে৷ তেখেত ‘চৰ্যাভাষ’ আলোচনীখনৰো মুখ্য সম্পাদক৷[২]

ফুল, কাঁইট আৰু সুবাস

[সম্পাদনা কৰক | উৎস সম্পাদনা]
  1. আমি কিছুমান মানুহে হতাশা আৰু হীনমান্যতাক প্ৰশ্ৰয় দি আমাৰ জীৱনটোক মূল্যহীন কৰি পেলাওঁ৷ প্ৰকৃততে কোনো মানুহৰ জীৱনেই মূল্যহীন নহয়৷ সকলোৰে জীৱনত লুকাই থাকে অনন্ত সম্ভাৱনা৷[৩]
  2. প্ৰতিগৰাকী মানুহেই কম-বেছি পৰিমাণে প্ৰতিভা লৈ পৃথিৱীত জন্মগ্ৰহণ কৰে৷ কিন্তু, প্ৰায়ভাগ মানুহেই নিজৰ প্ৰতিভাৰ সদ্ব্যৱহাৰ কৰিব নজনাৰ বাবেই হওক বা ধৈৰ্য, অধ্যাৱসায় আদি গুণবোৰ আয়ত্ত কৰি ল’ব নোৱাৰাৰ বাবেই হওক জীৱনৰ উৎকৰ্ষ সাধন কৰিব নোৱাৰে৷[৪]
  3. ছাত্ৰ-ছাত্ৰীসকলে সেইবোৰ কিতাপেই পঢ়া উচিত - যিবোৰ কিতাপে জীৱনক গঢ়িবলৈ, বুজিবলৈ আৰু গ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগায়; যিবোেৰ কিতাপে চৌপাশৰ সমাজ আৰু পৃথিৱীখনক সুন্দৰ কৰি ৰাখিবলৈ অনুপ্ৰাণিত কৰে। জীৱন যাপনৰ ক্ষেত্ৰত কোনোধৰণৰ সহায় নকৰা আৰু জীৱনৰ প্ৰতি নেতিবাচক ধাৰণা জন্মাই তুলিব পৰা কিতাপবোৰ পৰাপক্ষত নপঢ়াই ভাল।[৫]
  4. নৈতিকভাৱে শক্তিশালী মানুহ সদায় আনৰ বাবে বিশ্বাসযোগ্য হৈ থাকে৷ সেই বিশ্বাসযোগ্যতাই সমাজত তেওঁৰ গ্ৰহণযোগ্যতা বৃ্দ্ধি কৰে৷[৬]
  5. জীৱনৰ আকাংক্ষাই মানুহক কৰ্মপ্ৰাণ কৰি তোলে৷ মানুহ আচলতে কামৰ মাজতেই জীয়াই থাকে৷ কেৱল কি কাম কৰিব লাগিব, সেয়া ভাবি-চিন্তি নিৰ্ণয় কৰা উচিত৷[৭]
  6. নিজৰ বুলি ক'বলৈ একো নাথাকিলেও মানুহৰ সপোন থাকে। অনাগত দিনবোৰ সুখ আৰু সমৃদ্ধিৰে উপচাই পেলাবলৈ মানুহে সপোেন দেখে। সপোনেই কাটি দিয়ে সন্মুখলৈ আগুৱাই যোৱাৰ বাট। সপোন দেখিব লাগে, সন্মুখলৈ আগুৱাব লাগে আৰু জীৱনক সাহসেৰে গ্ৰহণ কৰিব লাগে।[৮]