সমললৈ যাওক

জ্ঞান পূজাৰী

ৱিকিউদ্ধৃতিৰ পৰা

জ্ঞান পূজাৰী (ইংৰাজী: Gyan Pujari) অসমৰ এজন কবি তথা নাট্যকাৰ। ১৯৪৮ চনত তেওঁৰ জন্ম হৈছিল। ২০০২ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ স্বৰ্ণকমল লাভ কৰা চলচ্চিত্ৰ বিষয়ক গ্ৰন্থ "চলচ্চিত্ৰৰ ছাঁ-পোহৰ" তেওঁ প্ৰকাশ কৰিছিল। ২০১৬ চনত তেওঁ "মেঘমালাৰ ভ্ৰমণ" নামৰ কবিতা পুথিৰ জৰিয়তে ‘সাহিত্য অকাডেমি বঁটা’ লাভ কৰে।[১]

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. কবিতাৰ 'ফিনিশিং'টোত-মানে কবিতাটোৱে কি ৰূপ ল'বগৈ সেই কথাটোত – মই গুৰুত্ব দিওঁ। লুটিয়াই বগৰাই চাওঁ। কেতিয়াবা বহুত কটা-কুটা কৰিব লাগে, কেতিয়াবা একেবাৰে নালাগে। [২]
  2. মই মেল-মিটিংবোৰত কওঁ, ভূপেনদাৰ গানবোৰ যদি শিশু এটাই সৰুৰে পৰা শুনি থাকে, সি অসমীয়া ভাষাটো ভালকৈ লিখিব আৰু পঢ়িব পৰা হ'ব। আৰু শব্দৰ ভঁড়াল বঢ়াবলৈ অভিধানৰ প্ৰয়োজন নাই, ভূপেনদাৰ গান শুনিলেই হ'ল। [৩]
  3. এটা ভাষাৰ এটা সংস্কৃতিৰ পৰা অহা কবিতাৰ নিজা একোটা বৈশিষ্ট্য থাকে৷ [৩]
  4. কবিতাত মই পোনপটীয়াকৈ কতা ক’ব নোৱাৰি পোনপটীয়াকৈ ক’লে সি বক্তৃতাই হ’বগৈ৷ কবিতাৰ নিজা ভাষা এটা আছে৷ [৪]
  5. মই ভাবোঁ যে এই নতুন ল’ৰা-ছোৱালীহঁতেও অসমীয়া ভাষাক, অসমীয়া জাতিক মোৰ দৰেই- গোৱাৰৰ দৰেই- ভাল পায়৷ [৫]


তথ্যসূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]