জ্ঞানদাভিৰাম বৰুৱা
অৱয়ব
জ্ঞানদাভিৰাম বৰুৱা (ইংৰাজী: Gyandabhiram Baruah) অসমৰ এজন লেখক, শিক্ষাবিদ আৰু অভিনেতা। ‘ভেনিচৰ সাউদ’, ‘পঞ্চৰত্ন’, ‘দদাইৰ পঁজা’ আদি বিভিন্ন গ্ৰন্থেৰে তেখেতে অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়াই গৈছে। ১৯১৪ চনত গুৱাহাটীত আইন মহাবিদ্যালয় স্থাপন হোৱাৰ পিছত তেখেতে তাৰ অধ্যক্ষ নিযুক্ত হৈছিল। বৰুৱাই ১৯৩৩ চনৰ উত্তৰ লক্ষীমপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ চতুৰ্দশ অধিবেশনৰ সভাপতিত্ব কৰিছিল।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- পৰীক্ষা পাছ কৰিলে শিক্ষা নহয়। মনৰ শিক্ষা। মনৰ শিক্ষা বিশ্ববিদ্যালয় কি স্কুল- কলেজৰ পৰীক্ষা পাছ কৰিলে যে নহয়, আমি সেই কথা কোৱা নাই। স্কুল, কলেজ, বিশ্ববিদ্যালয় মনৰ উন্নতিৰ প্ৰধান সহায়; কিন্তু এই প্ৰধান সহায়ৰ বিনা সাহায্যতো মনৰ উন্নতি হ’ব পাৰে, যদিও সি টান কথা। ঘৰতে বহিও মনৰ উন্নতি কৰা যায়। তাতকৈও, বিশ্ববিদ্যালয়ৰ পৰীক্ষা পাছ কৰি কৰাতকৈও মনৰ উন্নতি হয় ভ্ৰমণৰ পৰা।
- দেশভ্ৰমণ শিক্ষাৰ প্ৰধান উপায়। ভাৰতবৰ্ষলৈ কত দিনৰপৰা বিদেশী পৰিব্ৰাজক আহিবলৈ আৰম্ভ কৰিছিল। মেগাস্থনীচ, হাওয়েনশ্বাং, মোগলসকলৰ সময়ত বাৰ্নিয়েৰ, টেভাৰ্নীয়েৰ আৰু কত নাম কম? সেই দূৰ সময়ত ভ্ৰমণৰ কত, অসুবিধা আছিল, তথাপি অসুবিধা, বাধা-বিঘিনি অতিক্ৰম কৰি সুদূৰ য়ুৰোপ আৰু চীন দেশৰপৰা এইবোৰ পৰিব্ৰাজক ভাৰতলৈ গৈছিল। আমি এই বিংশতি শতাব্দীৰ সুবিধা পায়ো যদি আমাৰ গাঁৱত, আমাৰ মহকুমাত, আমাৰ জিলাত পৰি থাকোঁ, তেনেহ'লে ই যদি পাপ নহয়, পাপনো আৰু কাক বোলে?
- কৰুণাময় ঈশ্বৰে আমাক এই শৰীৰ দিছে; এইশৰীৰক যদি অৱহেলা কৰোঁ, শৰীৰক নানান অত্যাচাৰ কৰি যদি কষ্ট দিওঁ, তেনেহলে তেওঁক অপমান কৰা।
- মনৰ উন্নতিৰ লগে লগে আমাৰ ল'ৰা-ছোৱালীবিলাকৰ শৰীৰৰ উন্নতিৰ পিনেও চোৱা উচিত। অভিভাৱক আৰু শিক্ষকসকলে ল’ৰাক পাঁচ ঘণ্টা স্কুলত পঢ়াই আৰু পুৱা-গধূলি বতাহ সোমাব নোৱাৰাকৈ খোঁটালীত কিতাপ আগত থোৱাই ৰাখিলেই তেওঁলোকে নিজক ধন্য ধন্য মানিলে। আমাক ঈশ্বৰে মানুহৰূপে সৃষ্টি কৰিছে, সেইদেখি আমি ভাবি-চিন্তি কাম কৰা উচিত।
- আমাৰ দেশৰ আধুনিক সাহিত্য এতিয়াও টনকিয়াল নহয়। সেই গুণে সাহিত্যসেৱীসকলে কিতাপ দেখি বাকছত সুমুৱা ই থৈ দিয়া উচিত নহয়। মই এনে বহুতো লেখকক জানো যি সকলে আৰ্থিক অভাবৰ নিমিত্তে কিতাপ লেখি ছপাব নোৱাৰে। এনেবোৰ কিতাপ-লেখকৰ নিমিত্তে এটি ধনৰ ভঁৰাল হোৱা উচিত। সেই ধনৰ ভঁৰাল কেইজনমান উদ্যোগী মানুহৰ তত্ত্বাৱ- ধানত ৰাখি সেই টকাৰে বছৰে বছৰে দুখন হওক এখন হওক কৃতী অথচ অৰ্থহীন মানুহৰ ভাল ভাল কিতাপ ছপোৱা উচিত।