সমললৈ যাওক

জেৰিফা ৱাহিদ

ৱিকিউদ্ধৃতিৰ পৰা

জেৰিফা ৱাহিদ হৈছে অসমৰ এগৰাকী অভিনেত্ৰী। পেছাত তেওঁ এগৰাকী অধিবক্তা। তেওঁ ‘নায়ক’, ‘গুণ-গুণ গানে গানে’,‘কাদম্বৰী’, ‘অহিৰ ভৈৰৱ’, ‘তুমি মোৰ মাথোঁ মোৰ’ আদি চলচ্চিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈছিল। তেওঁ ২০১৪ চনত বিদ্যুৎ চক্ৰৱৰ্তী পৰিচালিত ‘দুৱাৰ’ত প্ৰথম ফিল্মফেয়াৰ এৱাৰ্ড, শ্ৰেষ্ঠা অভিনেত্ৰীৰ খিতাপ পায়‌।[]

  1. অভিনয়ৰ প্ৰতি আগতে কেতিয়াও আকৰ্ষিত হোৱা নাছিলোঁ। সময়বোৰ ঘড়ীৰ কাটা মতে চলা নাছিল। সেইবাবেই ভাল নাপাইছিলোঁ। কিন্তু বিজু ফুকনক যিদিনা লগ পাইছিলোঁ তেওঁ মোক খুব অনুপ্ৰেৰণা দিছিল।[]
  2. প্ৰতিটো দিন পাৰ হয় কাম আৰু কাম কৰি। কিন্তু কামৰ মাজত জীয়াই থকাটোও মই এক বিশেষ আশীৰ্বাদ বুলিয়েই ভাবোঁ। []
  3. ভ্ৰাম্যমাণৰ জগতখন সম্পূৰ্ণ বেলেগ বুলি মই কওঁ‌। বোলছবি বা চিনেমাৰ যিটো অভিনয় শৈলী সেয়া সম্পূৰ্ণ natural, আগতে অলপ acting type অভিনয় কৰিছিল, কিন্তু এতিয়া সেইটো নহয়‌। এতিয়া যিটো characterঅত এজন অভিনেতা অথবা অভিনেত্ৰীয়ে অভিনয় কৰিব, সেয়া যদি হৃদয়ংগম কৰিব নোৱাৰে তেন্তে অভিনয় কৰিব নোৱাৰে‌। মেকানিকেল এক্টিঙৰ স্থান নাই, আৰু তেনেদৰে অভিনয় কৰিলেও ধৰা পৰে‌। লগতে দৰ্শকেও তেনে অভিনয় আদৰি নলয়‌। কিন্তু ভ্ৰাম্যমাণ সম্পূৰ্ণ বেলেগ‌। ভ্ৰাম্যমাণত যেতিয়া দুখন ডাঙৰ মঞ্চত দুটা Floor Mikeএৰে নিজৰ নিজৰ ৰোল প্লে কৰিব লগা হয়‌, তেতিয়া প্ৰতিগৰাকী অভিনেতাই নিজৰ অভিনয় ফুটাই তুলিবলৈ অভিনয়ৰ লগতে নিজৰ কণ্ঠও loud হ’ব লাগিব‌। ভ্ৰাম্যমাণৰ আগশাৰীৰপৰা গেলাৰিৰ দৰ্শকে বুজি পোৱাকৈ তেওঁ যেতিয়া loud voiceঅত অভিনয় কৰে তেতিয়া কণ্ঠৰ লগতে শৰীৰৰ বিভিন্ন অংগশৈলীয়ে সমানেই কাম কৰিব লগা হয়‌। ফলস্বৰূপে অভিনয় হৈ পৰে শাৰীৰিক‌। []
  4. ‘বটা’ পোৱা বা নোপোৱা ডাঙৰ কথা নহয়, মই অভিনয় কৰি আছোঁ। অভিনয় মোৰ ‘হবি’ নহয়, অভিনয় খুব ‘serious thing’ মোৰ বাবে। []
  5. ‘কথানদী’ সম্পৰ্কে বহুত কথা ক’বলৈ থাকে‌। প্ৰথমবাৰৰ বাবে পৰিচালক হিচাপে ভাস্কৰ হাজৰিকাৰ চিনেমা‌। খুব ভাল ‘টিম ৱৰ্ক’, খুব শক্তিশালী স্ক্ৰিপ্ট। গোটেইকেইজন অভিনেতা-অভিনেত্ৰীয়ে, আদিল হুছেইনৰপৰা কপিল বৰালৈকে সকলোৱে খুব সাংঘাতিক অভিনয় কৰিছে‌। কাচভী শৰ্মাৰ অভিনয় শলাগিবলগীয়া‌। প্ৰথমবাৰ অভিনয় কৰি তেওঁ দৰ্শকক ‘তেজীমলা’ হৈ যি দেখুৱালে, সেয়া মানিব লগীয়া‌। যেন এখন Institution‌। মোৰ শিকিব লগা যেন বহুত আছে‌। []
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ সাক্ষাৎকাৰ : জেৰিফা ৱাহিদ – (সাক্ষাৎ গ্ৰহণ : ফাৰ্ণাজ নাৰ্গিচ দুৱৰা). সাক্ষাৎকাৰ. প্ৰকাশক: মুক্ত চিন্তা (২৪ মাৰ্চ ২০১৭). আহৰণ কৰা হৈছে: 26 মে' 2024.