জুলী বৰুৱা
অৱয়ব
জুলী বৰুৱা জুলী বৰুৱা এনে এগৰাকী ছোৱালী যিয়ে এটা বাচ দূৰ্ঘটনাত(২০০৭ চনৰ ১৩মে) নিজৰ দুয়োখন হাত হেৰুৱাই কৃত্ৰিম হাতৰ সাহায়ত সমাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। এই কৃত্ৰিম হাত দুখন সকলো সময়তে পানী বা বিদ্যুৎৰ পৰা আঁতৰাই ৰাখিব লগা হৈছিল বাবেই নিজৰ অত্যন্ত ব্যক্তিগত কামবোৰ কৰাৰ বাবে অন্য ছোৱালী বা তিৰোতাৰ সহায় ল'ব লগা হৈছিল যদিও কেতিয়াও মনোবল হেৰুওৱা নাছিল। কঠোৰ পৰিশ্ৰমৰ অন্তত এই কৃত্ৰিম হাতেৰে লিখিবলৈও সক্ষম হৈছিল আৰু আধৰুৱা হৈ থকা স্নাতক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। ‘ বিজয়িনী’,তেখেতৰ তেজোদীপ্ত আত্মকাহিনী সম্বলিত গ্ৰন্থ। [১] তেখেতৰ আন এখন গ্ৰন্থ হৈছে ক্ৰিষ্টি ব্ৰাউন আৰু মই।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]বিজয়িনী
[সম্পাদনা কৰক | উৎস সম্পাদনা]- কৃত্ৰিম হাতখনে আখৰ লেখা ধৰণটো সামান্য বেলেগ….। মই হাতত কলমটো লৈ তেওঁৰ মতে লিখাতকৈ নিজৰ ধৰণেহে মন গ’ল। মোৰ যেন অৱচেতন মনটোৱে কৈ থাকিল লিখ পাৰিবি....। আখৰকেইটা লিখাৰ পাছত ভাবিলোঁ মানুহে প্ৰকৃততে ইচ্ছা কৰিলে সকলো কামেই কৰিব পাৰে। তাৰ বাবে কোনো নীতি নিয়ম বা শৃংখলাৰ প্ৰয়োজন নাথাকে।
- বিজ্ঞানী ষ্টিফেন হকিঙে যদি মাত্ৰ এখন হাতৰ দুটা আঙুলি লৰ-চৰ কৰিয়েই বিজ্ঞানৰ ন ন তথ্য আৱিষ্কাৰ কৰিব পাৰে, তেনেহ’লে মোৰ দৰে সুস্থ সবল ছোৱালীজনীয়ে নোৱাৰিম কিয়। মোৰ মাত্ৰ হাত দুখনহে নাই, বাকী সকলো আছে। নিজেই নিজকে ক’লোঁ।
- ….“ জীৱন কি বুজা নাছিলোঁ। জনা নাছিলোঁ জীৱনক কেনেকৈ গ্ৰহণ কৰিব লাগে। কিন্তু ভৰ যৌৱনতে দুয়োখন হাত হেৰুৱাই দিশহাৰা হওঁতে, মানসিক ভাৰসাম্যতা লোপ পাব খোজা সময়তেই আপোনালোকে মোক তুলি ধৰি সন্ধান দিলে এটা নতুন পথৰ। দুখ-যন্ত্ৰনাও যে জীৱনৰ এটা অংশ তাকো শিকালে। এতিয়া মই মাথোঁ দুখন হাত লৈয়েই আপোনালোকৰ মাজত থিয় হোৱা নাই, মই থিয় হৈছোঁ নতুন উদ্যম, এক নতুন মানসিকতা আৰু এক অন্য দৃষ্টি ভংগিৰে....।” মোৰ যেন কৃতজ্ঞতাৰ ভাষা নাছিল। আজীৱন ঋণী হৈ ৰ’লোঁ তেওঁলোকৰ ওচৰত।
- যিকোনো পৰিস্থিতিতেই নিজক চম্ভালিলৈ পঢ়াৰ জীৱন সম্পূৰ্ণ কৰিবলৈ মানসিকভাৱে প্ৰস্তুত হ’লোঁ। কোনেও যাতে মোক ‘আয়ৈ দেহি’ অথবা ‘বেচেৰী’ জাতীয় শব্দৰে পুতৌ কৰিব নোৱাৰে। মোৰ বিবেচনাত পুতৌ সেইসকল লোকেহে হয়তো বিচাৰে, যিসকলৰ আত্মবিশ্বাসৰ অভাৱ। কিন্তু মোৰ যেন আত্মবিশ্বাস আগতকৈ বাঢ়িলহে।
- সন্তুষ্টি ল’ব জনা জনেই পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তি।
- মই একান্তভাৱে অনুভৱ কৰোঁ হতাশ আৰু চৰম বিপৰ্য্যয়ৰ সন্মুখত অদম্য সাহসেৰে থিয় হোৱাটো আমাৰ জীৱনৰ লক্ষ্য হোৱা উচিত।
- “জুলী, তুমি কাৰোবাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বা ভাল লগাবলৈ জোৰ কৰি টান টান শব্দবোৰ লিখাৰ প্ৰয়োজন নাই। পানীৰ টেপটো খুলি দিলে যিদৰে সৰসৰাই পানী ওলাই আহে, ঠিক তেনেদৰে তোমাৰ মনৰ পৰা যি নিৰ্গত হৈছে তাকেই লিখি যোৱা।” হোমেন বৰগোহাঞি।
- যন্ত্ৰণা যিদৰে ক্ষয় অথবা ধ্বংসৰ প্ৰতীক, ঠিক তেনেদৰে যন্ত্ৰণাক শক্তিলৈ ৰূপান্তৰ কৰিব পাৰিলেই ই হ’ব পাৰে সৃষ্টিৰ প্ৰতীক। প্ৰচণ্ড বা-মাৰলীয়ে স্বপ্নৰ কাৰেংঘৰ বিধস্ত কৰি থৈ যোৱাৰ পাছতো মানুহ জীয়াই থাকে। আচলতে জীৱনলৈ অহা দুখ যন্ত্ৰণাবোৰে মানুহক ভাৰাক্ৰান্ত কৰাতকৈ শক্তিশালীহে কৰি তোলে।
ক্ৰিষ্টি ব্ৰাউন আৰু মই
[সম্পাদনা কৰক | উৎস সম্পাদনা]- শূলেহে শূল কঢ়াৰ দৰে জীৱনৰ যন্ত্ৰণাইহে আমাক যন্ত্ৰণাক জয় কৰাৰ মন্ত্ৰপাঠ দিয়ে।
- এজন মানুহৰ কাহিনীয়ে আমাক যিমান মুগ্ধ বা অনুপ্ৰাণিত কৰে, তাতোকৈ বেছি অনুপ্ৰাণিত কৰে ভিন্ন সময়ত তোলা মানুহজনৰ ছবিসমূহে।
- কোনো এটা কাম সম্পূৰ্ণ কৰিবলৈ মানুহক প্ৰেৰণাৰ লগতে প্ৰয়োজন হয় তাগিদাৰো।
- কাৰোবাৰ অকণমান প্ৰেৰণা আৰু বন্ধুত্বসুলভ সঁচা আন্তৰিকতাই মানুহৰ জীৱনত কিমান প্ৰভাৱ পেলায়,তাক কৈ শেষ কৰিব নোৱাৰি।
- নিয়তিৰ নিষ্ঠুৰ আঘাতৰ পিছতো জীৱনে সুন্দৰকৈ পেখম ধৰে, চতুৰ্দিশ উজলাই তোলে।
- মানুহৰ প্ৰতিভাই বহুজনক ওচৰ চপাই নিব পাৰে।
- কেতিয়াবা সময়ে অসহায় অৱস্থাকো প্ৰত্যাহ্বান হিচাপে ল'বলৈ বাধ্য কৰায়।
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ বৰুৱা জুলী (২০১৩)। বিজয়িনী। ষ্টুডেণ্টচ্ ষ্টৰচ, পৃষ্ঠা:১২৭,১৩১,১৩৬,১৫০,১৬৯,১৮৯,২১১,২১৬। ISBN: 978-81-7665-526-2।