সমললৈ যাওক

ক্ৰিষ্টি ব্ৰাউন আৰু মই (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

ক্ৰিষ্টি ব্ৰাউন আৰু মই অসমীয়া ভাষাত ৰচিত এখন গ্ৰন্থ। গ্ৰন্থখন লিখিছে জুলী বৰুৱাই।

  1. শূলেহে শূল কঢ়াৰ দৰে জীৱনৰ যন্ত্ৰণাইহে আমাক যন্ত্ৰণাক জয় কৰাৰ মন্ত্ৰপাঠ দিয়ে।
  2. এজন মানুহৰ কাহিনীয়ে আমাক যিমান মুগ্ধ বা অনুপ্ৰাণিত কৰে, তাতোকৈ বেছি অনুপ্ৰাণিত কৰে ভিন্ন সময়ত তোলা মানুহজনৰ ছবিসমূহে।
  3. কোনো এটা কাম সম্পূৰ্ণ কৰিবলৈ মানুহক প্ৰেৰণাৰ লগতে প্ৰয়োজন হয় তাগিদাৰো।
  4. কাৰোবাৰ অকণমান প্ৰেৰণা আৰু বন্ধুত্বসুলভ সঁচা আন্তৰিকতাই মানুহৰ জীৱনত কিমান প্ৰভাৱ পেলায়,তাক কৈ শেষ কৰিব নোৱাৰি।
  5. নিয়তিৰ নিষ্ঠুৰ আঘাতৰ পিছতো জীৱনে সুন্দৰকৈ পেখম ধৰে, চতুৰ্দিশ উজলাই তোলে।
  6. মানুহৰ প্ৰতিভাই বহুজনক ওচৰ চপাই নিব পাৰে।
  7. কেতিয়াবা সময়ে অসহায় অৱস্থাকো প্ৰত্যাহ্বান হিচাপে ল'বলৈ বাধ্য কৰায়।
  8. মা এক শক্তি। কি নাই মাৰ ওচৰত; পৃথিৱীৰ দৰে সহনশীল আৰু ধৈৰ্যশীল তেওঁ। সকলো দুখ-যন্ত্ৰণাক নীলকণ্ঠৰ দৰে পলকতে গিলি থ'ব পাৰে তেওঁ। শতপুষ্প সুগন্ধিৰে এটা প্ৰস্ফুটিত শব্দ মা। ইমান মিঠা আৰু কোমল শব্দ হয়তো পৃথিৱীৰ ক'তো পোৱা নাযায়।
  9. মনৰ একান্ত ইচ্ছা আৰু দৃঢ়তাকো কেতিয়াবা অৱশ কৰি পেলাব খোজে কিছুমান অপ্ৰত্যাশিত কাৰকে। এই কাৰকবোৰে সৃষ্টি কৰা বাধাসমূহক ওফৰাই মূৰ দাঙি থিয় হ'ব পৰাটো যেন বৰ কষ্টকৰ।
  10. হয়তো কেতিয়াবা অসম্ভৱো সম্ভৱ হৈ পৰে নিৰলস প্ৰচেষ্টাৰ জৰিয়তে।
  11. কিতাপৰ মাজতে বিশ্বব্ৰহ্মাণ্ডখন সোমাই থাকে। সেইবোৰৰ মাজত নিজকে নিবিষ্ট কৰিব পাৰিলে মনলৈ কেতিয়াও অহেতুক চিন্তা আহিব নোৱাৰে। মন জ্ঞানেৰে সমৃদ্ধিশালী হয়। কিতাপৰ মাজত আৰু কি থাকে জানা; এইবোৰৰ মাজত অন্তৰ্নিহিত হৈ থাকে কেতিয়াও ক'তো বিচাৰি নোপোৱা সাহস আৰু মনোবল।
  12. কিতাপ এখন পঢ়ি থাকোঁতে কাহিনীবোৰৰ ভিন্ন চৰিত্ৰৰ লগত বাস্তৱত কথা পাতি থকা যেন লাগে।
  13. পৃথিৱীত পোৱা আটাইতকৈ সহজলভ্য বস্তুটোৱেই হৈছে পৰামৰ্শ।
  14. নিজৰ সমস্যা সদায় নিজেহে উপলব্ধি কৰিব পাৰি। উপৰুৱা দৃষ্টিৰে বিষয়বোৰ অলপো হৃদয়ংগম নকৰাকৈ কোনে কাক কি ক'ব পাৰে?
  15. নিজৰ ভাৱনাক, নিজৰ অনুভৱক ব্যক্ত কৰিব নোৱৰা লোকসকল জানো সুখী হ'ব পাৰে?
  16. কেতিয়াবা সহজ সময়বোৰ পৰিৱৰ্তিত হয় একোটা জটিল সমীকৰণলৈ।
  17. সময় বৰ স্বাৰ্থপৰ, ই সংগী হ'ব নোৱৰাজনক আধাতে এৰি থৈ যায়।
  18. য'ত আত্মসন্তুষ্টি আছে তাতেই সুখ আছে। সৃষ্টিশীল কামে হতাশা নোহোৱা কৰে।
  19. কেতিয়াবা নিজৰ মনৰ একান্ত ভাববোৰ ব্যক্ত কৰিবৰ বাবে বা ভাবৰ আদান-প্ৰদান কৰিবলৈ আৰু নিজৰ অসহায় মুহূৰ্তবোৰক নিৰ্বিঘ্নে তুলি ধৰিবলৈ এজন বন্ধুৰ প্ৰয়োজন অনুভৱ কৰা হয়, যিজন বন্ধু হ'ব লাগিব স্বাৰ্থহীন আৰু বহু পৰিমাণে সংবেদনশীল আৰু মৰমিয়াল।
  20. সাধাৰণ চিন্তা আৰু চাৰিওফালে সিঁচৰতি হৈ থকা কৰ্মসমূহক লৈয়ে উন্নতিৰ জখলাত বগাব পাৰি।
  21. মানুহক যোগাত্মক ভাবাদৰ্শ আৰু সুৰুচিপূৰ্ণ চিন্তাৰ প্ৰয়োজন।
  22. শৈশৱ মধুৰ। কিন্তু ইয়াৰ আয়ুস অতি তাকৰ।
  23. গভীৰ প্ৰেম, ভালপোৱা আৰু বিশ্বাসে মানুহক বহু বেয়া কামৰ পৰা নিলগাই আনিব পাৰে আৰু সন্ধান দিব পাৰে এক নতুন পথৰ।
  24. পৰিস্থিতিয়ে মানুহক যিকোনো প্ৰকাৰে সবল কৰি তুলিব পাৰে।
  25. প্ৰকৃততে ব্যস্ত মানুহৰ সময়ৰ অভাৱ নাই। ব্যস্ততাই মানুহক সক্ৰিয় কৰি তোলে আৰু এই সক্ৰিয়তাই কামৰ প্ৰতি আগ্ৰহ জন্মায়।
  26. মানুহ সৎ হ'লে আৰু কামটোৰ প্ৰতি অগাধ কৰ্মস্পৃহা থাকিলে, নিজৰ ওপৰত বিশ্বাস অটুট ৰাখিলে নেদেখাজনে সহায় নকৰাৰ কথাই থাকিব নোৱাৰে।
  27. মানুহৰ আশানুৰূপ সঁহাৰি আৰু সহযোগিতাই একোটা অনুষ্ঠানৰ আয়ুস দীঘলীয়া কৰে।
  28. শাৰীৰিক পংগুত্বক প্ৰতিভাশালী ব্যক্তিত্বই অস্তিত্বহীন কৰি পেলাব পাৰে।
  29. লিখনীৰ জৰিয়তে নিজৰ ভাববোৰ যেনেকৈয়ে প্ৰকাশ নকৰক লাগিলে কথা কোৱাৰ দৰে হয়তো আনন্দ কেতিয়াও পোৱা নাযায়। দুজন মানুহে পোনপটীয়াকৈ বাৰ্তালাপ কৰোঁতে নিজৰ আৱেগ-অনুভূতি যিদৰে স্বতঃস্ফূৰ্তভাৱে পূৰ্ণ প্ৰকাশ ঘটে, দেহ-মনত যি এক আলোড়ন সঞ্চাৰিত হয়, সেয়া লেখাত প্ৰকাশ পোৱাটো অসম্ভৱ।
  30. মনে-প্ৰাণে যেতিয়া কিবা কাম এটা কৰাৰ প্ৰৱণতা জাগে, তেতিয়া আন কোনো কাৰক বাধা হৈ থিয় দিব নোৱাৰে। সেই সময়ত যদি উপযুক্ত পৰামৰ্শ বা প্ৰেৰণা পোৱা যায় তেতিয়া কামটোৰ প্ৰতি আগ্ৰহ বহুগুণে বাঢ়ি যায়।
  31. কেইবাৰ লিখিছে সেয়া তাৰ বাবে ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ'ল ভাল কিতাপ এখন সৃষ্টি কৰাটোহে।
  32. প্ৰেমে জীৱন সুন্দৰ কৰে। প্ৰফুল্লিত কৰে মন আৰু জীৱনৰ কাঁইটীয়া পথত অগ্ৰসৰ হ'বলৈ অনুপ্ৰাণিত কৰে।
  33. সুখ-দুখৰ পূৰ্ণ মিলনেই জীৱন। এটাৰ অবিহনে জানো আনটোৰ কিবা অস্তিত্ব থাকিব পাৰে? হয়তো একেবাৰেই নাই।
  34. সফলতাই কৰ্মস্পৃহা বঢ়ায়।
  35. মানুহৰ মাজত অন্তৰ্নিহিত হৈ থকা প্ৰতিভাসমূহে সুযোগ আৰু সুবিধা পালে হয়তো কেতিয়াও বহিঃপ্ৰকাশ নোহোৱাকৈ নাথাকে।
  36. জীৱন মানেই অলপ হা-হুতাহ, সফলতা আৰু বিফলতা। জীৱনলৈ কাৰ কেতিয়া বিপৰ্যয় নামি আহে সেয়া কোনে জানে।
  37. প্ৰত্যেক মানুহৰে কাম কৰাৰ নিৰ্দিষ্ট সময় থাকে। সকলো মানুহে সকলো সময়তে কাম কৰি ভাল নাপায় বা কৰিব নোৱাৰে। কোনোবাই যদি নিশাৰ নিৰ্জনতা ভালপায়, আন কোনোবাই আকৌ ধামখুমীয়া পৰিৱেশকে উপযুক্ত সময় হিচাপে নিৰ্বাচিত কৰে। এনে বহুলোক আছে যিসকলে গোটেই নিশাটো উজাগৰে থাকিহে কাম কৰি ভাল পায়।
  38. মানুহৰ সৰু সৰু কথাই কোনোবাজনক ক'ব নোৱৰাকৈয়ে সাংঘাতিক ধৰণে আঘাত দিব পাৰে। আঘাত দিয়াজনে একো গম নোপোৱাকৈয়ে আনজনৰ বুকুত লগা ঘাঁটুকুৰা গেলিবলৈ ধৰে ক্ৰমান্বয়ে।
  39. সকলোতকৈ মানসিক অশান্তি অতি কষ্টদায়ক। ভাঙি পেলায় ই মন আৰু শৰীৰ।