জীৱন বৃত্ত
জীৱন বৃত্ত ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ আত্মজীৱনীমূলক গ্ৰন্থ।কিতাপখনত সন্নিৱিষ্ট কথাখিনি 'প্ৰান্তিক' আলোচনীৰ চৌচল্লিছটা সংখ্যাত ধাৰাবাহিকভাবে ছপা হৈছিল।আত্মজীৱনী খনৰ প্ৰথম প্ৰকাশ কৰিছিল লয়াৰ্চ বুক ষ্টলে আৰু পৰৱৰ্তী সময়ত দ্বিতীয় প্ৰকাশৰ দায়িত্ব অসম বুক হাইভৰ ধীৰাজ গোস্বামীক প্ৰদান কৰা হৈছিল।[১]
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]১.বৃত্ত এটা আঁকিলে যেতিয়া বৃত্তটো সম্পূৰ্ণ হ'বৰ হয়, তেতিয়া ৰেখাডালৰ ভ্ৰমণ কৰি থকা মূৰটো এৰি থৈ অহা মূৰটোৰ ওচৰ চাপি আহে। এনেকুৱা লাগে যেন ভ্ৰমণ শেষ হৈ অহাৰ লগে-লগে ৰেখাডালৰ শেষ মূৰটোৱে প্ৰথম মূৰটো দেখিবলৈ আৰম্ভ কৰিছে! মানুহৰ জীৱন-বৃত্তৰ বেলিকাও কথাটো এনেকুৱাই হয় যেন লাগে। এটা বয়সত নিজৰ কথা ভাবিবলৈ ল'লেই প্ৰথমতে সৰুকালৰ কথা মনলৈ আহে। যেন এডাল ৰেখাৰ শেষ মূৰটোৰ, সেই তাহানিয়েই এৰি থৈ অহা প্ৰথম মূৰটোৰ ওচৰ চাপি যোৱাৰ বাহিৰে গত্যন্তৰ নাই; যদিহে নক্সাটো বৃত্ত হয়।[২]
২.কিছুমান মানুহ, প্ৰকৃতিয়ে দিয়া কিছুমান উপাদান, কিছুমান জড় পদাৰ্থ, এই সকলোৱে মিলিহে একোখন ঠাইৰ পৰিচয় সম্পূৰ্ণ কৰে। আমাৰ চুবুৰিটোৰ কিছুমান মানুহ মোৰ কাৰণে যিমান আপোন আৰু আমোদজনক, কিছুমান অন্যান্য বস্তুও সিমানেই আপোন আৰু আমোদজনক ৰূপত মোৰ স্মৃতিৰ সম্পদ হৈ আছে। এজোপা বেলগছ, ওচৰতে এজোপা অমৰা গছ; ওপৰত ইজোপাৰ পাতে সিজোপাৰ পাত চুই থাকে। ওচৰতে এজোপা খেজুৰ গছ। এয়া ত্ৰিছৰ দশকৰ মাজভাগৰ কথা। তেতিয়াই খেজুৰ গছজোপাৰ গুৰিৰ শিপাই সৃষ্টি কৰা ঢিপটোত একে সময়তে চাৰি-পাঁচটা মানুহ বহিব পাৰে। এতিয়াহে ভাবোঁ, সেইজোপা কিমান পুৰণি গছ জানি থ'ব লাগিছিল।[৩]
৩.ছায়াবাজীৰ বাকছ, বৰগীতৰ সুৰৰ পৰা আৰম্ভ কৰি 'সজৰ লগত সজ সংগতি'ৰ বক্তৃতালৈকে বহুত বস্তু, বহুত কথাৰ কাৰণে মই পিতাইৰ ওচৰত কৃতজ্ঞ। মই ভাৱো,- পাহিৰাম ককাইটিৰ পৰা মুকুল বৰুৱালৈকে, নামঘৰৰ ভকতৰ পৰা ৰাধাশ্যামলৈকে বিভিন্নজনে সংগীতৰ পৰশ বোলোৱা সেই দৰিদ্ৰ চুবুৰিটোত মোৰ বাল্যকাল সমৃদ্ধ কৰিবলৈ ঠিক পিতাইৰ নিচিনা ধনহীন, মাটিৰ লগত গভীৰ সম্পৰ্ক থকা, ক্লাছ ছেভেনলৈকে পঢ়া 'পণ্ডিত' মানুহ এজনৰেই প্ৰয়োজন আছিল। সেই মানুহজন ধনৰ দুখীয়া নোহোৱা হ'লে পাছলৈ মই বহুত বস্তুৰ দুখীয়া হ'লোহেঁতেন।
৪.ঘৰ এৰি কটন কলেজৰ হোষ্টেলত ভৰি দিয়াৰ পাছৰে পৰা জীৱনৰ এটা নতুন পৰ্যায় আৰম্ভ হ'ল। সেইটো, আৰু তাৰ পাছৰ পৰ্যায়বোৰত বহু মানুহ, বহু বস্তু, বহু ঠাইৰ কথাই জীৱনক গঢ় দিছে; আজিও সেই প্ৰক্ৰিয়া চলি আছে, কিন্তু বিভিন্ন গঢ় গ্ৰহণ কৰিবলৈ জীৱনক যিটো মূল গাঁথনি লাগে, সেইটোৰ সৃষ্টি, মোৰ বিচাৰত, মোৰ ক্ষেত্ৰত, ঘৰত থাকোঁতেই হ'ল। মাতৃভাষাৰ উদাহৰণ দি এই কথাটোৰ অৰ্থ মুকলি কৰিব পাৰি। মাত ফুটাৰ পৰা মেট্ৰিক পাছ কৰি ঘৰ এৰালৈকে,এইখিনি সময়ত আই-বোপাই, ভাই- ককাইৰ মাজত থাকি মাতৃভাষাটো যিটো ৰূপত শিকিলো, মোৰ কাৰণে সেইটোৱেই মাতৃভাষা-শিক্ষাৰ মূল গাঁথনি। মোৰ জীৱনৰ সামগ্ৰিক ৰূপটোৰ ক্ষেত্ৰতো এই কথা খাটে।
৫.এইযে ক'লো, মানুহজন ধনৰ দুখীয়া নোহোৱা হ'লে পাছলৈ মই বহুত বস্তুৰ দুখীয়া হ'লোহেঁতেন, ইয়াৰ অন্য এটা অৰ্থ হ'ল, তেখেত ধনৰ দুখীয়া নোহোৱা হ'লে এই পৃথিৱীখনৰ এটা দিশ মই নেদেখিলোৱেইহেঁতেন; আৰু সেইটো ঘটনাই মোক বেছি অসম্পূৰ্ণ কৰি ৰাখিলেহেঁতেন। নিৰ্দিষ্ট উপাৰ্জনৰ বাট নথকা মানুহজনে পৰিয়ালটোৰ ভৰণ-পোষণৰ বাবে যি সংগ্ৰাম কৰিছিল, সেই সংগ্ৰামৰ সহযোগী হ'বলৈ পোৱাটো মোৰ সৰু কালটোৰ বাবে পৰম সৌভাগ্যৰ কথা আছিল।"
৬.গধূলি পৰত ডাঙৰ কেৰাহী এটাত যে ককুৱা ধান সিজোৱাৰ কথা কৈছিলো, কেতিয়া কেৰাহীৰ তলৰ জুইকুৰা নুমুৱাব লাগে, ধানকেইটামান লিৰিকি-বিদাৰি চাই সেই কথাটো ঠিক কৰিছিল এই মানুহজনীয়ে। মানুহজনীয়ে এদিন ৰাতি খুদ চাউল দি সূতা সিজায়, পাছদিনা লেচু- তলত বৰ-চেৰেকীৰ পৰা সৰু চেৰেকীলৈ আনি সূতাৰ সৰু নেচা কৰি শুকুৱায়; সেই সূতা বাৰটামান উঘালৈ তোলে; এদিন ৰাতিপুৱাই তাঁতবাটি কৰে, দুপৰীয়া ৰাঁচ ভৰায়, পাছদিনাৰে পৰা ব তোলে; এদিন কাপোৰ বৈ শেষ কৰি শাল উদং কৰে, এই গোটেই কামখিনি মানুহজনীয়ে অকলে কৰে; পিতাই বা ককাইদেৱে কেৱল ৰাঁচ ভৰোৱাৰ পাছত টোলোঠাত তাঁতখন মেৰিয়াবৰ সময়ত ইমূৰৰ ডাংডাল ধৰি দিয়ে। এখন চাদৰ বা এখন গামোচাৰ দীঘ ঠিক কৰিবলৈ যে সূতাৰ ওপৰত চিয়াঁহীৰ দাগ একোটা দিব লাগে, সেই কামটো কৰিবলৈ মই বৰ আগ্ৰহেৰে ৰৈ থাকোঁ।
৭.কনিষ্ঠ সন্তানটো সাধাৰণতে মাকৰ বেছি সময়ৰ লগৰীয়া হয়। আমাৰ ক্ষেত্ৰত এই কথাটো একেবাৰে সঁচা আছিল। সেই কাৰণেই হ'বলা, সেই সূতা সিজোৱাৰ পৰা আৰম্ভ কৰি ব-খিনি খুলি শাল শেষ কৰালৈকে এই গোটেই প্ৰক্ৰিয়াটো মই নিচেই ওচৰৰ পৰা চোৱাৰ সুবিধা পাইছিলো। গামোচা, ৰিহা আদি ঠেক পুতলৰ কাপোৰৰ তাঁত হ'লে কেতিয়াবা চখতে কেইমোৰমান বৈয়ো পাইছিলো; বৌক প্ৰকৃত সহায় কৰাৰ নামত মাজে-মাজে মহুৰা ফুৰাই দিছিলো। বৌৱে কাপোৰ বোৱা কামত ধৰিলে আমাৰ আলপৈচান ধৰাৰ কামত অলপ খেলি- মেলি হয় কাৰণে ঘৰত সূতা সোমালেই মই পেটে-পেটে বেয়া পাইছিলো। বৌ তাঁতৰ পাটত বহি থকা সময়খিনিত কেতিয়াবা বিৰক্ত হৈছিলো। বিশেষকৈ কোনোবা এখন গামোচা বা চাদৰত ফুল বাছিব লাগিব বুলি ক'লে বৰ বেয়া পাইছিলো। কিন্তু আমনি লগা হ'লেও ফুল বছা কামটো মই বৌ বহা বেঞ্চখনৰ এটা মূৰে বহি লৈ মন দি চাইছিলো। সমুখত পুৰণি গামোচা বা চাদৰৰ পৰা ফালি ৰখা চানেকীটো পেলাই লৈ, সূতা গণি-গণি দীঘল-দীঘল কাঠী সুমুৱাই যোৱা; তাৰ পাছত কাঠীৰ ঠাইত শলি, শলিৰ ঠাইত ছিৰি-! আন্তৰিক আগ্ৰহ নাথাকিলে এনেকুৱা কামৰ কাৰণে ধৈৰ্য গোটোৱা সহজ কাম নহয়।